ETV Bharat / bharat

চূড়ান্ত হ’ল অৰবিন্দ কেজৰিৱালৰ উত্তৰাধিকাৰী; আতিশী মাৰ্লেনাৰ ৰাজনৈতিক পৰিক্ৰমা - Delhi New CM Atishi

Delhi New CM Atishi : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনা সিং । আতিশী বৰ্তমান দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী । সুষমা স্বৰাজ আৰু শিলা দীক্ষিতৰ পাচত আতিশী হ’ব দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী । পলকতে আতিশীৰ ৰাজনৈতিক কেৰিয়াৰৰ অৱলোকন ৷

Delhi New CM Atishi
চূড়ান্ত হ’ল অৰবিন্দ কেজৰিৱালৰ উত্তৰাধিকাৰী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 17, 2024 at 1:11 PM IST

|

Updated : September 17, 2024 at 2:29 PM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ১৭ ছেপ্টেম্বৰ : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশ মাৰ্লেনা । আজি এখন বৈঠকৰ অন্তত আপৰ বিধায়িনী দলে দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে আতিশী মাৰ্লেনাৰ নাম ঘোষণা কৰে । বৰ্তমান আতিশ দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী ।

আতিশী মাৰ্লেনা কোন : আম আদমী পাৰ্টীৰ অন্যতম সদস্য আতিশীক দিল্লীৰ শিক্ষা সংস্কাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে জনা যায় । তেওঁৰ সম্পূৰ্ণ নাম আতিশ মাৰ্লেনা সিং । ১৯৮১ চনৰ ৮ জুনত দিল্লী বিশ্ববিদ্যালয় (ডি ইউ)ৰ অধ্যাপক বিজয় সিং আৰু তৃপ্তা ৱাহীৰ ঘৰত জন্মগ্ৰহণ কৰা আতিশীয়ে দিল্লীতে স্কুলীয়া শিক্ষা আৰু কলেজীয়া শিক্ষা সমাপ্ত কৰে ।

২০০১ চনত দিল্লী বিশ্ববিদ্যালয়ৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা ইতিহাস শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে ।

আতিশীৰ ৰাজনৈতিক যাত্ৰা : ২০১৩ চনত আম আদমী পাৰ্টীত যোগদান কৰি আতিশীয়ে দলৰ নীতি-নিৰ্ধাৰণৰ কামত জড়িত হৈ পৰে । দিল্লীত শিক্ষা সংস্কাৰৰ নেতৃত্ব দিয়াত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । ২০১৫ চনত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰে তেওঁক উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ ছিছ’দিয়াৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়ে ।

কিন্তু ২০১৮ চনত তেওঁক উক্ত পদৰ পৰা অপসাৰণ কৰা হয়, যাৰ বাবে তেওঁ চৰ্চালৈ আহে ৷ আতিশীৰ নিযুক্তি বাতিল কৰাক লৈ আপ আৰু ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত উত্তেজনাৰ সৃষ্টি হয় ।

লগতে পঢ়ক: দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব আতিশী ! - ATISHI NEXT CM

আতিশীৰ ক্ৰমবৰ্ধমান ৰাজনৈতিক যাত্ৰা: ২০১৯ চনৰ লোকসভা নিৰ্বাচনত আপে তেওঁক পূব দিল্লীৰ আসনৰ পৰা প্ৰক্ষেপ কৰিছিল । সমষ্টিটোত তেওঁ প্ৰতিদ্বন্দ্বী আছিল তেওঁ বিজেপিৰ প্ৰাৰ্থী গৌতম গম্ভীৰ আৰু কংগ্ৰেছ নেতা অৰবিন্দৰ সিং লাভলী । আতিশীক শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে দেখা গৈছিল যদিও গৌতম গম্ভীৰ পূৱ দিল্লীৰ পৰা জয়লাভ কৰে ৷ ইয়াৰ পিছতে আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনত দিল্লীৰ কালকাজী সমষ্টিৰ পৰা আপে তেওঁক পুনৰ মনোনীত কৰে আৰু তেওঁ বৰ্তমান কালকাজী সমষ্টিৰ বিধায়ক আৰু দিল্লী চৰকাৰৰ কেবিনেটৰ এজন প্ৰভাৱশালী মন্ত্ৰী ।

বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাত আতিশীৰ ভূমিকা: আপত যোগদান কৰাৰ পূৰ্বে আতিশীয়ে অন্ধ্ৰ প্ৰদেশৰ ঋষি ভেলী স্কুলত ইতিহাস আৰু ইংৰাজীৰ শিক্ষক হিচাপে কাম কৰিছিল । আতিশীক দিল্লীৰ শিক্ষানুষ্ঠানসমূহৰ সংস্কাৰ সাধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ কৃতিত্ব দিয়া হয় । দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰা, শিক্ষাৰ অধিকাৰ আইনৰ অধীনত বিদ্যালয় পৰিচালনা সমিতি গঠন, ব্যক্তিগত বিদ্যালয়সমূহে ইচ্ছাকৃতভাৱে মাচুল বৃদ্ধি বন্ধ কৰাৰ বাবে কঠোৰ নিয়ম প্ৰণয়ন আৰু ‘সুখ’ পাঠ্যক্ৰম প্ৰৱৰ্তনৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে ।

লগতে পঢ়ক: আজি দিল্লীৰ মুখ্যমন্ত্ৰী পদ এৰিব অৰবিন্দ কেজৰিৱালে ! কোন হ’ব পৰবৰ্তী CM ? - Kejriwal To Resign As Delhi CM

মঙলবাৰে পোহৰলৈ আহিব দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ মুখ ! - Delhi CM Arvind Kejriwal

১১৭ দিন কাৰাগাৰত কিদৰে কটালে কেজৰিৱালে ? কালৈ লিখিছিল চিঠি ? - Arvind Kejriwal resignation

Last Updated : September 17, 2024 at 2:29 PM IST