এনআৰচিত নাম নথকাসকলক ওভতাই পঠিওৱা হ’ব বাংলাদেশলৈ: হিমন্ত বিশ্ব শৰ্মা - Assam CM on NRC
Jharkhand Assembly election 2024: ঝাৰখণ্ডত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ প্ৰস্তুতি পৰ্যালোচনা অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ সহ-প্ৰভাৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । অনুষ্ঠানত বিজেপিৰ নিৰ্বাচনী ৰণনীতি বাখ্যা মুখ্যমন্ত্ৰীৰ । এনআৰচি আৰু অনুপ্ৰৱেশকাৰী সন্দৰ্ভত পুনৰ সৰৱ ।

Published : September 28, 2024 at 9:20 AM IST
নেশ্যনেল ডেস্ক, ২৮ ছেপ্টেম্বৰ: "এনআৰচিত নাম নথকাসকলক গতা মাৰি বাংলাদেশলৈ পঠিয়াব লাগিব । এয়া আমাৰ নীতি হ'ব । প্ৰথমে সকলোকে দাবী প্ৰমাণ কৰিবলৈ সুবিধা দিয়া হ'ব । যদি পিছত ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব নোৱাৰে আইনগত ব্যৱস্থাৰে বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব ।" ঝাৰখণ্ডত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এনআৰচি সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
উল্লেখ্য যে অহা ২ অক্টোবৰত ঝাৰখণ্ডৰ হাজাৰীবাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক জনসভা সম্বোধন কৰিব । তাৰ প্ৰাকক্ষণত ঝাৰখণ্ড বিজেপিৰ সহ প্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হাজাৰীবাগত উপস্থিত হয় । প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লৈ তেওঁ সংবাদ মাধ্যমৰ সন্মুখত এনআৰচিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য কৰে ।
অসমত এনআৰচিৰ পৰিস্থিতি
অসমৰ এনআৰচি প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"অসমত আমাৰ এনআৰচিৰ প্ৰথম পৰ্যায় সমাপ্ত হৈছে । য'ত ১৪ লাখ লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে । এতিয়া আমি উচ্চতম ন্যায়ালত পুনৰ পৰীক্ষণৰ আবেদন কৰিছো । প্ৰথম পৰ্যায়তে আমি ১৪ লাখ লোকক চিনাক্ত কৰিছো যি প্ৰথম দৃষ্টিত ভাৰতীয় নাগৰিক নহয় । যদি উচ্চতম ন্যায়ালয়ে পুনৰ পৰীক্ষণৰ অনুমতি দিয়ে তেনেহ'লে এই সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।"
হেমন্ত ছোৰেনক আক্ৰমণ
ইফালে জনগাঁথনি পৰিৱৰ্তন সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক লক্ষ্য কৰি লয় । তেওঁ কয়," হেমন্ত ছোৰেনে জনগাঁথনিৰ অৰ্থ নাজানে । সেইকাৰণে তেওঁলোকে স্বীকাৰ কৰা নাই যে ঝাৰখণ্ডত আদিবাসী লোকৰ সংখ্যা হ্ৰাস পাইছে আৰু মুছলমানৰ সংখ্যা বৃদ্ধি পাইছে । হেমন্ত ছোৰেনে নিজে কৈছে আদিবাসীৰ সংখ্যা হ্ৰাস পাইছে । আপুনি যদি অনুপ্ৰৱেশকাৰীৰ ভোটৰ স্বাৰ্থত ৰাজনীতি কৰে তেনেহ'লে ঝাৰখণ্ডৰ খিলঞ্জীয়া বা আদিবাসী লোকৰ বাবে ভাল নহয় আমি সংখ্যালঘু হৈ যাম ।" অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ মতে ঝাৰখণ্ডৰ খিলঞ্জীয়া বা আদিবাসীসকলৰ এনআৰচি পৰীক্ষা কৰাৰ প্ৰয়োজন নাই ।
অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জেএছএছচি চিজিএল পৰীক্ষাৰ একাংশ প্ৰাৰ্থীক সাক্ষাৎ কৰে । তেওঁ সকলোকে আশ্বাস দিয়ে যে বিজেপি দলটোৱে এই বিষয়টোক গুৰুত্ব সহকাৰে লৈছে । এই সন্দৰ্ভত অতি শীঘ্ৰে বিজেপিয়ে ৰাজ্যপালক সাক্ষাৎ কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে । তেওঁ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পৰা এই সমগ্ৰ পৰীক্ষাৰ যিমান সম্ভৱ সোনকালে উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ দাবী জনায় ।
উল্লেখ্য যে ঝাৰখণ্ডত বিজেপিয়ে আৰম্ভ কৰা পৰিৱৰ্তন যাত্ৰা অহা ২ অক্টোবৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ লগে লগে সমাপ্ত হ'ব । অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ মতে ৩-৪ অক্টোবৰৰ ভিতৰত বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰো মুকলি কৰিব আৰু প্ৰাৰ্থী নাম ঘোষণাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ।
লগতে পঢ়ক :ব্যক্তিগত কাৰণত ওড়িশাৰ ৰাজ্যপালক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ ! - Himanta Biswa Sarma

