ETV Bharat / bharat

বিমান দুৰ্ঘটনাৰ পৰা জীৱন বচাবলৈ এই আসন সকলোতকৈ সুৰক্ষিত - PLANE CRASH IN AHMEDABAD

বিমান দুৰ্ঘটনাত জীৱন ৰক্ষা পৰাটো আসনৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে । কোন আসন বহিলে নিজকে সুৰক্ষিত ৰাখিব পাৰে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

PLANE CRASH IN AHMEDABAD
আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা (@JavedrashidINC)
author img

By ETV Bharat Assamese Team

Published : June 12, 2025 at 5:03 PM IST

4 Min Read

আহমেদাবাদ : গুজৰাটৰ আহমেদাবাদ চহৰৰ মেঘানী নগৰ অঞ্চলত বৃহস্পতিবাৰে এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । বিমানখনে বিমানবন্দৰৰ পৰা উৰামৰাৰ কিছু সময়ৰ পিছতে এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু বিমানখন গৈ আবাসিক এলেকাত ভূপতিত হয় ।

বিমানখনত মুঠ ২৪২ জন যাত্ৰী থকা বুলি জানিব পৰা গৈছে । আনহাতে, দুৰ্ঘটনাটোৰ পিছতে অঞ্চলটোত ক'লা ধোঁৱাই আৱৰি ধৰে । যাৰ ফলত তাত থকা লোকসকলৰ মাজত হুৱাদুৱা লাগি পৰে । সুৰক্ষাজনিত কাৰণৰ প্ৰতি লক্ষ্য ৰাখি আহমেদাবাদ বিমানবন্দৰৰ ওচৰ-পাজৰৰ সকলো পথ বন্ধ কৰি দিয়া হয় আৰু সাহায্য তথা উদ্ধাৰ অভিযান অব্যাহত আছে ।

ইফালে এনেধৰণৰ ঘটনাৰ পিছত বহুতৰে মনত এই প্ৰশ্নটো জাগ্ৰত হয় যে প্ৰকৃততে বিমানৰ কোনখন আসন আটাইতকৈ সুৰক্ষিত, য'ত যাত্ৰীসকলৰ জীৱন ৰক্ষাৰ সম্ভাৱনা অধিক । বিমান দুৰ্ঘটনাৰ পূৰ্বৰ পৰিসংখ্যা আৰু ঘটনাৰ ভিত্তিত এই প্ৰশ্নৰ উত্তৰ বিচৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ ।

এই আসনত বহা যাত্ৰীৰ জীৱন ৰক্ষা পৰাৰ সম্ভাৱনা অধিক

পূৰ্বৰ কেইবাটাও বিমান দুৰ্ঘটনাৰ পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিলে এইটো জানিব পৰা যায় যে অধিকাংশ ক্ষেত্ৰতে বিমানৰ পিছফালৰ আসনত বহা যাত্ৰীসকলৰ জীৱন ৰক্ষা পৰাৰ সম্ভাৱনা সৰ্বাধিক ।

উদাহৰণ স্বৰূপে, দক্ষিণ কোৰিয়াত সংঘটিত এক বিমান দুৰ্ঘটনাত, য'ত বিমানখনৰ অধিকাংশয়ে জ্বলি যায়, কিন্তু পিছফালৰ অংশটো যথেষ্টখিনি সুৰক্ষিত হৈ থাকে । একেদৰে কাজাখস্তানতো এক বিমান দুৰ্ঘটনাত পিছফালৰ আসনত বহা কেইবাজনো যাত্ৰীৰ জীৱন ৰক্ষা কৰিব পৰা গৈছিল । এই কাৰণেই এইটো অনুমান কৰা হয় যে বিমানত পিছফালৰ আসন আপেক্ষিকভাৱে অধিক সুৰক্ষিত হয় ।

ইয়াৰ এক ডাঙৰ কাৰণো আছে । সেয়া হৈছে বেছিভাগ বিমান দুৰ্ঘটনাতেই সন্মুখৰ অংশক বেছিকৈ প্ৰভাৱিত কৰে । উৰণ বা অৱতৰণৰ সময়ত বিমানৰ সন্মুখৰ ভাগটোৱে মাটিত প্ৰথমে খুন্দা মাৰে । যাৰ ফালত এই অংশটো অধিক ক্ষতিগ্ৰস্ত হয় ।

কিন্তু পিছফালৰ অংশটো বহু ক্ষেত্ৰত খুন্দা খোৱাৰ পৰা ৰক্ষা পৰে বা কম প্ৰভাৱিত হয় । অৱশ্যে এইটো কোৱাটোও উত্তম হ'ব যে প্ৰতিটো দুৰ্ঘটনাৰে প্ৰকৃতি পৃথক পৃথক হয় আৰু দুৰ্ঘটনাৰ প্ৰকাৰ, ভূমিপৃষ্ঠৰ প্ৰকৃতি, জলবায়ু আৰু পাইলটৰ দক্ষতাৰ দৰে বিভিন্ন কাৰকে মৃত্যু হোৱা বা জীৱন ৰক্ষা পৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

অৱশ্যে বিমানৰ পিছফালে বহা যাত্ৰীসকলৰ কিছুমান অসুবিধাও থাকে, যেনে তাত বাশ্বৰুম বা লেগৰুমৰ সীমাতি সুবিধা থাকে আৰু তৎকালীন প্ৰস্থানৰ ওৰতে থকাটোও এক অসুবিধা । সেয়ে বিভিন্ন যাত্ৰীয়ে এই আসনক অগ্ৰাধিকাৰ প্ৰদান নকৰে ।

আনহাতে, বিমানৰ মাজভাগৰ আসনবোৰক আটাইতকৈ বেছি অসুৰক্ষিত হিচাপে গণ্য কৰা হয় । কিয়নো বিমানৰ পাংখা উক্ত স্থানত থাকে আৰু ইন্ধন টেংকীও থাকে । দুৰ্ঘটনাৰ সময়ত এই আসনবোৰৰ ওচৰে-পাজৰে জুই লগাৰ বা বিস্ফোৰণ ঘটাৰ বিপদ অধিক হয় ।

পৰিসংখ্যাই কি কয়

টাইম আলোচনীৰ এক অধ্যয়ন অনুসৰি, বিগত ৩৫ বছৰত সংঘটিত বিমান দুৰ্ঘটনাৰ তুলনা কৰি দেখা গৈছে যে পিছফালৰ আসনত মৃত্যুৰ সম্ভাৱনা প্ৰায় ২৮ শতাংশ । আনহাতে বাকী আসনবোৰত এই বিপদ প্ৰায় ৪৪ শতাংলৈ বৃদ্ধি পায় । এই তথ্য যাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ । কিন্তু লগতে এইটোও মনত ৰখাটো গুৰুত্বপূৰ্ণ যে এয়া কেৱল এক পৰিসংখ্যাগত তথ্যহে । প্ৰকৃত সুৰক্ষা দুৰ্ঘটনাৰ প্ৰকাৰ, পৰিস্থিতি আৰু বিমান পৰিচালক দলটোৰ তৎকালীন প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে ।

এই ঘটনাই পুনৰবাৰ যাত্ৰীসকলত সতৰ্ক হৈ থাকিবলৈ আৰু যাত্ৰাৰ সময়ত প্ৰদান কৰা সুৰক্ষা নিৰ্দেশনাবোৰ অতি ধ্যান দি বুজি লোৱাৰ অৱশ্যকতাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে । যদি আপুনি বিমানত যাত্ৰা কৰি আছে, তেন্তে সুৰক্ষা সম্পৰ্কী ঘোষণা মনোযোগ দি শুনিব, নিজৰ ছীট বেল্ট সদায় বান্ধি ৰাখিব আৰু আপাতকালীন পৰিস্থিতিত ধৈৰ্য আৰু বিবেকেৰে কাম কৰিব । ইয়াৰ দ্বাৰা আপোনাৰ সুৰক্ষা বৃদ্ধি পাব পাৰে আৰু আপোনাৰ সংগীসকলৰ বাবেও আপুনি সহায়কাৰী প্ৰতিপন্ন হ'ব পাৰে ।

শেষত এটা কথায়ে উল্লেখ কৰিব পাৰি যে অন্তত কোনো আসনেই এশ শতাংশ সুৰক্ষিত নহয় । কিন্তু পিছফালৰ আসনত বহাৰ ফলত দুৰ্ঘটনাত জীৱন্তে ৰক্ষা পৰাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ।

লগতে পঢ়ক :উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান: দুই শতাধিক যাত্ৰীৰ মৃত্যু - AIR INDIA FLIGHT CRASH
লগতে পঢ়ক :বিয়াৰ পূৰ্বে ৰাজাক কামাখ্যা দৰ্শনৰ কথা কৈছিল সোনমে: আৰক্ষীৰ হাতত নতুন তথ্য - HONEYMOON MURDER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.