নতুন দিল্লী: ২৪ শতাংশ বৃদ্ধি হ’ব কেন্দ্ৰীয় চৰকাৰে সাংসদসকলৰ দৰমহা আৰু পেন্সন ৷ ইতিমধ্যে এই সন্দৰ্ভত জাৰি কৰা হৈছে অধিসূচনা ৷ এই নতুন দৰমহাৰ গাঁথনি ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব ৷ মুদ্ৰাস্ফীতিৰ হাৰ আৰু জীৱন-যাপনৰ ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সাংসদসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ সিদ্ধান্ত লোৱা বুলি এক অধিসূচনাত এই কথা উল্লেখ কৰা হৈছে ।
সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি এতিয়া সাংসদসকলৰ দৰমহা মাহে এক লাখৰ পৰা ১.২৪ লাখলৈ বৃদ্ধি পাব আৰু দৈনিক ভাট্টা ২০০০ টকাৰ পৰা ২৫০০ টকালৈ বৃদ্ধি পাব । একেদৰে প্রাক্তন সাংসদসকলক দিয়া পেন্সন প্রতিমাহে ২৫ হাজাৰৰ পৰা ৩১ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে ৷
চৰকাৰে এক অধিসূচনাৰ জৰিয়তে কয় যে ২০১৮ চনৰ এপ্ৰিলৰ পিছত প্ৰথমবাৰৰ বাবে মুদ্ৰাস্ফীতিৰ লগত সংগতি ৰাখি সাংসদৰ দৰমহা বৃদ্ধি কৰা হৈছে । সাংসদসকলৰ দৰমহা আৰু ভাট্টা বৃদ্ধিৰ পিছত চৰকাৰী কোষাগাৰত অতিৰিক্ত বোজা পৰিব আৰু প্ৰতি বছৰে প্ৰতিজন সাংসদৰ বাবে প্ৰায় ৪২.৯ লাখ টকা খৰচ হ’ব । ইয়াৰ ভিতৰত আছে দৰমহা, ভাট্টা আৰু অন্যান্য খৰচ । প্ৰতি বছৰে মুঠ সাংসদৰ বাবদ আনুমানিক ব্যয় হ’ব ৩,৩৮৬.৮২ কোটি টকা ।
চৰকাৰে সাংসদসকলৰ দৰমহা বৃদ্ধিৰ আঁৰৰ মূল কাৰণ হৈছে - মুদ্ৰাস্ফীতি আৰু জীৱন-যাপনৰ ব্যয় । কিন্তু চৰকাৰী তথ্যই সাংসদ আৰু সাধাৰণ মানুহৰ মাজত আয়ৰ বৈষম্যৰ দিশটো আঙুলিয়াই দিয়ে ।
- সাধাৰণ মানুহৰ উপাৰ্জনৰ তুলনাত সাংসদৰ দৰমহা প্ৰায় ৯ গুণ বেছি
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ২০২২-২৩ চনত ভাৰতৰ জনমূৰি আয় প্ৰতিমাহে ১৪,৩৩৩ টকা (আনুমানিক)। অৰ্থাৎ এজন সাংসদৰ আয় সাধাৰণ মানুহৰ আয়তকৈ প্ৰায় ৯ গুণ বেছি । আনহাতে এজন প্ৰাক্তন সাংসদে ভাৰতৰ গড় জনমূৰি আয়ৰ দুগুণ পেন্সন লাভ কৰিব । সাংসদসকলে চৰকাৰী থকাৰ ব্যৱস্থাকে ধৰি আন বহু সা-সুবিধাও পায় ।
ইয়াৰ বিপৰীতে ভাৰতৰ মুদ্ৰাস্ফীতিৰ হাৰে সাধাৰণ জনতাক কোঙা কৰি পেলাইছে ৷ খাদ্য সামগ্ৰীৰ দাম বহু পৰিমাণে বৃদ্ধি পাইছে । জানুৱাৰী মাহত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৪.৩১ শতাংশ ।