ETV Bharat / bharat

দূৰ্গাপুৰত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ; ৪ অভিযুক্তক গ্ৰেপ্তাৰ

পশ্চিমবংগত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ । ওড়িশাৰ মুখ্যমন্ত্ৰীয়ে ঘটনাৰ সঠিক তদন্তৰ দাবী জনাইছে ।

দূৰ্গাপুৰ ধৰ্ষণকাণ্ড
দূৰ্গাপুৰত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ (IANS)
author img

By ETV Bharat Assamese Team

Published : October 13, 2025 at 1:15 PM IST

4 Min Read
Choose ETV Bharat

পশ্চিম বৰ্ধমান : পশ্চিমবংগত পুনৰ ধৰ্ষণৰ ঘটনা । শুকুৰবাৰে ওড়িশাৰ এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী শিক্ষা প্ৰতিষ্ঠানৰ চৌহদৰ বাহিৰত ধৰ্ষণৰ বলি হয় । এই জঘন্য ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত গৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে । শেহতীয়া খবৰ অনুসৰি পশ্চিমবংগ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । এজন এতিয়াও পলাতক হৈ আছে । দূৰ্গাপুৰত সংঘটিত এই ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ইফালে ভুক্তভোগীৰ পিতৃয়ে জনোৱা মতে তেওঁৰ কন্যা সুস্থ হৈ উঠা নাই । পশ্চিমবংগত নাৰী সুৰক্ষাৰ ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তেওঁৰ কন্যাক ওড়িশালৈ লৈ যোৱা অনুমতি দিবলৈ অনুৰোধ কৰে । পিতৃৰ বিশ্বাস তাত তেওঁৰ কন্যা অধিক নিৰাপদ হ'ব । পিতৃয়ে মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তক তেওঁলোকৰ সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয়, "মোৰ কন্যা খোজকাঢ়িব নোৱাৰে আৰু বিছনাতে আছে । আমি মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছো যে মোৰ কন্যাক ইয়াৰ পৰা ওড়িশালৈ লৈ যাবলৈ অনুমতি দিয়ক ।"

উল্লেখ্য যে ভুক্তভোগী যুৱতীগৰাকী দূৰ্গাপুৰৰ এখন ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী । তেওঁ ওড়িশাৰ জলেশ্বৰৰ বাসিন্দা । ছাত্ৰীগৰাকীৰ পিতৃৰ মতে তেওঁ এগৰাকী সহপাঠীৰ সৈতে খাবলৈ ওলাই গৈছিল । সেই সময়তে দুই-তিনিজন লোকে আহি তেওঁক আক্ৰমণ কৰে । পিতৃৰ মতে সহপাঠীগৰাকীয়ে তেওঁক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে পলায়ন কৰে । পিতৃয়ে জনোৱা মতে তেওঁলোকক প্ৰায় ১০ মান বজাত ফোন কৰি কন্যাৰ সৈতে হোৱাৰ ঘটনাৰ কথা জনোৱা হৈছিল । পিতৃৰ মতে কন্যাৰ হোষ্টেল বহু দূৰত আছিল আৰু তেওঁ তালৈ খাবলৈ গৈছিল । য'ত নিৰাপত্তাৰ কোনো ব্যৱস্থা নাছিল ।

দূৰ্গাপুৰৰ উপ-দণ্ডাধীশ তথা মহকুমাধিপতি ৰঞ্জনা ৰায়ে উল্লেখ কৰা মতে ছাত্ৰীগৰাকীৰ অৱস্থা সুস্থিৰ আৰু মাতৃও তেওঁৰ লগত আছে । ভুক্তভোগী ছাত্ৰীগৰাকীক সম্পূৰ্ণ সমৰ্থন আৰু ন্যায়ৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ আশ্বাস প্ৰদান কৰে ।

ইফালে ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঁঝিয়ে এই কাণ্ডক তীব্ৰ গৰিহণা দি ইয়াক অতি নিন্দনীয় আৰু যন্ত্ৰণাদায়ক বুলি অভিহিত কৰিছে । সামাজিক মাধ্যমৰ এটা পোষ্টত মাঁঝিয়ে লিখিছে, "পশ্চিমবংগৰ দূৰ্গাপুৰত এগৰাকী ওড়িয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ দুৰ্ভাগ্যজনক ঘটনা অত্যন্ত নিন্দনীয় আৰু বেদনাদায়ক । এই খবৰটো শুনি মই গভীৰভাৱে স্তম্ভিত হৈ পৰিছোঁ । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আইন অনুসৰি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো । পশ্চিমবংগ চৰকাৰৰ সৈতে যোগাযোগ কৰি যাৱতীয় পদক্ষেপ ল'বলৈ উচ্চপদস্থ বিষয়াসকলক নিৰ্দেশ দিছোঁ । ওড়িশা চৰকাৰে ভুক্তভোগীৰ পৰিয়ালক সকলো ধৰণৰ সহায় আগবঢ়াব ।"

ওড়িশাৰ মুখ্যমন্ত্ৰীৰ এই পোষ্টৰ পিছতে ধৰ্ষণকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয়, "ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰাপত্তাৰ দায়িত্ব কাৰ ? তেওঁ নিশা ১২:৩০ বজাত কেনেকৈ ওলাই গ'ল ? যুৱতীগৰাকী ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী । তিনি সপ্তাহ পূৰ্বে ওড়িশাৰ সাগৰৰ পাৰত তিনিগৰাকী যুৱতীক ধৰ্ষণ কৰা হৈছিল । ওড়িশা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে ? ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়খনৰ এই ঘটনাৰ বাবে কোন দায়বদ্ধ ? কেৱল...এই বিষয়ে আৰক্ষীয়ে ইয়াৰ সঠিক তথ্য দিব পাৰিব ।"

দূৰ্গাপুৰৰ ধৰ্ষণকাণ্ডত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত এন চি ডব্লিউৰ সদস্যা অৰ্চনা মজুমদাৰে কয়, "আমাৰ অধ্যক্ষৰ সৈতে কথা পাতিছো । তেওঁ মোক লগে লগে গোচৰটোৰ তথ্য সংগ্ৰহৰ বাবে সেই স্থানত উপস্থিত হ'বলৈ আৰু ভুক্তভোগীক লগ কৰিবলৈ কৈছে । বিষয়াসকলৰ লগত কথা পাতিছো ৷ ভুক্তভোগী ছাত্ৰী আৰু অভিভাৱকৰ সৈতেও কথা পাতিছো । তাৰ পাছত আৰক্ষীৰ সৈতে কথা পাতিছো । আমি পৰৱৰ্তী সময়ত আমাৰ প্ৰতিবেদন দাখিল কৰিম ।" তেওঁ লগতে কয় যে আৰক্ষীয়ে ৫ অভিযুক্তক চিনাক্ত কৰি ৩ জনক গ্ৰেপ্তাৰ কৰিছে । অতি সোনকালে অভিযোগনামা দাখিল কৰিব । নমুনা সংগ্ৰহ কৰি ৰাজ্যিক ফৰেনছিক লেবলৈও প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক :উত্তৰাধিকাৰী সূত্ৰে জোঁৱায়েকে লাভ কৰিব পাৰেনে শহুৰেকৰ সম্পত্তি, কি কয় আইনে ?