ETV Bharat / bharat

বাবা ছিদ্দিকীৰ শ্বুটাৰৰ ফোনত পুত্ৰৰ ফটো উদ্ধাৰ; উদ্বেগজনক স্নেপচাটৰ তথ্য প্ৰকাশ

Baba Siddique Murder Case : শ্বুটাৰৰ ফোনত বাবা ছিদ্দিকীৰ পুত্ৰৰ ফটো । মুম্বাই আৰক্ষীৰ মতে, অনুসন্ধানত প্ৰকাশ পাইছে যে যোগাযোগৰ বাবে স্নেপচাট ব্যৱহাৰৰ তথ্য ।

Baba Siddique Murder Case
বাবা ছিদ্দিকীৰ শ্বুটাৰৰ ফোনত পুত্ৰৰ ফটো উদ্ধাৰ (PTI)
author img

By ETV Bharat Assamese Team

Published : October 19, 2024 at 12:07 PM IST

3 Min Read
Choose ETV Bharat

মুম্বাই : এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাত জড়িতৰ সন্দেহত গ্ৰেপ্তাৰ কৰা এজন অভিযুক্তৰ ফোনত পুত্ৰ জিশান ছিদ্দিকীৰ এখন ফটো পোৱা গৈছে । মুম্বাই আৰক্ষীয়ে শনিবাৰে এই কথা প্ৰকাশ কৰিছে । আৰক্ষীৰ মতে, এই ফটোখন অভিযুক্তৰ সৈতে তেওঁলোকৰ নিয়োগকাৰীয়ে স্নেপচাটৰ জৰিয়তে শ্বেয়াৰ কৰিছিল ।

মুম্বাই আৰক্ষীয়ে কয়, "অনুসন্ধানত প্ৰকাশ পাইছে যে শ্বুটাৰ আৰু ষড়যন্ত্ৰকাৰীয়ে নিৰ্দেশনা দিয়াৰ পিছত তথ্য আদান-প্ৰদান কৰিবলৈ স্নেপচাট ব্যৱহাৰ কৰিছিল আৰু পিচত সেইবোৰ ডিলিট কৰিছিল ।" মুম্বাই অপৰাধ শাখাই শনিবাৰে উল্লেখ কৰে যে গ্ৰেপ্তাৰ কৰা অভিযুক্ত ৰাম কনোজিয়াই জেৰাৰ সময়ত প্ৰকাশ কৰিছে যে তেওঁ প্ৰথম ব্যক্তি আছিল যাক এন চি পি নেতাজনক হত্যাৰ বাবে চুপাৰি দিছিল । তেওঁ প্ৰথমতে এক কোটি টকা দাবী কৰিছিল ।

তেওঁৰ বিবৃতি অনুসৰি, আন এগৰাকী পলাতক অভিযুক্ত শুভম লংকাৰে প্ৰথমে ৰাম কনোজিয়াক বাবা ছিদ্দিকীক হত্যাৰ বাবে ঠিকা দিছিল । কনোজিয়াই হত্যাকাণ্ডটো সংঘটিত কৰাৰ বাবে এক কোটি টকাৰ চুপাৰি দাবী কৰিছিল ।

"মুম্বাই অপৰাধ শাখাৰ জেৰাৰ সময়ত ৰাম কনোজিয়াই প্ৰকাশ কৰিছে যে শুভম লংকাৰে প্ৰথমতে তেওঁক আৰু নীতিন চাপ্ৰেক বাবা ছিদ্দিকীক হত্যাৰ বাবে দায়িত্ব দিছিল । মহাৰাষ্ট্ৰৰ বাসিন্দা কনোজিয়াই বাবা ছিদ্দিকীক হত্যাৰ পৰিণামৰ কথা জানিছিল, যাৰ বাবে তেওঁ এই দায়িত্ব ল'বলৈ দ্বিধাবোধ কৰিছিল । ফলত তেওঁ কামটোৰ বিনিময়ত এক কোটি টকা দাবী কৰিছিল । পৰৱৰ্তী সময়ত শুভম লংকাৰে ৰাম কনোজিয়াক নিযুক্তি নিদিয়াৰ সিদ্ধান্ত লয় আৰু তাৰ পৰিৱৰ্তে উত্তৰ প্ৰদেশৰ পৰা শ্বুটাৰ বাছনি কৰে ।" অপৰাধ শাখাই কয় ।

"কনোজিয়াই লগতে প্ৰকাশ কৰিছে যে শুভম লংকাৰ অৱগত আছিল যে উত্তৰ প্ৰদেশৰ লোকসকলে মহাৰাষ্ট্ৰত বাবা ছিদ্দিকীৰ মৰ্যাদা বা খ্যাতিৰ বিষয়ে সম্পূৰ্ণভাৱে অৱগত নহ'ব পাৰে । সেয়েহে তেওঁলোকে কম মূল্যত হত্যাকাণ্ডটো সংঘটিত কৰিবলৈ সন্মত হ'ব । যেতিয়া ৰাম কনোজিয়া আৰু নাতিন চাপ্ৰে এই কামটোৰ পৰা পিছুৱাই গৈছিল, শুভমে এই কামৰ বাবে উত্তৰ প্ৰদেশৰ পৰা ধৰ্মৰাজ কাশ্যপ, গুৰনেল সিং আৰু শিৱকুমাৰ গৌতমক নিয়োগ কৰিছিল ।" বিবৃতিটোত লগতে কোৱা হৈছে ।

ইফালে শুভম লংকাৰৰ লগতে শিৱ কুমাৰ গৌতম আৰু জিশান আখতাৰ নামৰ দুজন অতিৰিক্ত সন্দেহজনক ব্যক্তিৰ বাবে এক লুক-আউট জাননী জাৰি কৰা হৈছে । তেওঁলোক নেপাললৈ পলাই যাবলৈ চেষ্টা কৰি থকা বুলি ধাৰণা কৰা হৈছে ।

উল্লেখ্য যে, বাবা ছিদ্দিকীক নিৰ্মল নগৰত তেওঁৰ কাৰ্যালয়ৰ বাহিৰত গুলীয়াই হত্যা কৰা হৈছিল । তেওঁৰ বুকুত দুটা গুলী লাগিছিল আৰু জৰুৰীকালীন চিকিৎসাৰ বাবে মুম্বাইৰ লীলাৱতী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । 12 অক্টোবৰত তাতেই তেওঁৰ মৃত্যু হয় ।

লগতে পঢ়ক :গুৰপতৱন্ত পান্নুনক হত্যাৰ ষড়যন্ত্ৰ; প্ৰাক্তন ৰ' বিষয়াক অভিযুক্ত আমেৰিকাৰ
লগতে পঢ়ক :বাবা ছিদ্দিকীৰ হত্যাকাণ্ডত নাম সাঙোৰ খোৱা গেংষ্টাৰ লৰেন্স বিষ্ণৈ কোন ?