এটা খহি পৰিব ধৰা অট্টালিকা আৰু এক দুঃসাহসিক উদ্ধাৰ অভিযান; পঞ্জাবত সেনাৰ তৎপৰতাত ৰক্ষা পৰিল কেইবাজনৰো জীৱন
সেনাই হেলিকপ্টাৰেৰে অট্টালিকাটোৰ ছাদত অৱতৰণ কৰি আবদ্ধ সকলোকে উদ্ধাৰ কৰি উৰামৰাৰ মাত্ৰ কেইমিনিটমান পিছতে পানীয়ে উটুৱাই নিয়ে অট্টালিকাটো ।

Published : August 27, 2025 at 4:38 PM IST
মাধোপুৰ : ভাৰতীয় সেনাৰ বিমান পৰিবহণ শাখাই বুধবাৰে পঞ্জাবত এক দুঃসাহসিক উদ্ধাৰ অভিযান চলায় । পাঠানকোটৰ সমীপৰ মাধোপুৰ হেডৱৰ্কছত প্ৰলয়ংকৰী বানত ডুব যাবলৈ ধৰা এটি অট্টালিকাত বিপজ্জনকভাৱে আবদ্ধ হৈ থকা সাধাৰণ জনতা আৰু চি আৰ পি এফ জোৱানক এক দুঃসাহসিক উদ্ধাৰ অভিযানেৰে উদ্ধাৰ কৰে ।
অট্টালিকাটো যিকোনো মুহূৰ্ততে ভাঙি পৰাৰ তীব্ৰ আশংকাত থকাৰ পিছতো সেনাবাহিনীয়ে এক দুঃসাহসিক উদ্ধাৰ অভিযান চলাই হেলিকপ্টাৰখন অট্টালিকাটোৰ ছাদত অৱতৰণ কৰাই আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰে । সেনাৰ এই সময়োপযোগী সিদ্ধান্তই কেইবাজনো লোকৰ জীৱন ৰক্ষা কৰে । লগতে এই কথাও প্ৰমাণ কৰে যে সেনাবাহিনীৰ দ্ৰুত সঁহাৰিৰ ফলত এক সম্ভাৱ্য ট্ৰেজেডীৰ পৰা হাত সাৰিব পৰা যায় ।
বুধবাৰে পুৱা ভাৰতীয় সেনাই X-ত প্ৰকাশ কৰা এটা পোষ্টত কয়, "প্ৰত্যাহ্বানমূলক বতৰ আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা পানীৰ সৈতে মোকাবিলা কৰি দলটোৰ সাহসিক, দ্ৰুত আৰু নিৰ্ভীক কাৰ্যই প্ৰতিজন ব্যক্তিক নিৰাপদ স্থানলৈ অনাটো নিশ্চিত কৰিলে ।" ইয়াত লগতে কোৱা হৈছে, "আজি পুৱাতেই উদ্ধাৰ অভিযানৰ বাবে সেনাৰ বিমান পৰিবহণৰ হেলিকপ্টাৰ ৰাওনা হয় আৰু এই অভিযানত সাহস, কৌশল আৰু দৃঢ় সংকল্পৰ পৰীক্ষা হয় ।"
সেনাই শ্বেয়াৰ কৰা এটা ভিডিঅ’ত হেলিকপ্টাৰখন অট্টালিকাটোৰ ছাদত অৱতৰণ কৰা দেখা গৈছে । আন এটাত দেখা গৈছে যে গুৰুত্বপূৰ্ণ উদ্ধাৰ অভিযানৰ পিছত হেলিকপ্টাৰখন ওপৰলৈ উৰি অহাৰ সময়তে অট্টালিকাটোত পানীৰ ঢৌৱে খুন্দা মাৰিছে ।
Indian Army Aviation undertook a high-risk helicopter rescue operation, evacuating stranded civilians and #CRPF personnel from a building surrounded by raging floodwaters and at imminent risk of collapse at Madhopur Headworks, #Punjab. Braving challenging weather and rapidly… pic.twitter.com/8999qBrs0x
— ADG PI - INDIAN ARMY (@adgpi) August 27, 2025
বিপজ্জনক উৰণ পৰিস্থিতিৰ মাজতো সেনাবাহিনীৰ পাইলটসকলে ইতিমধ্যে ভাঙি পৰাৰ উপক্ৰম হোৱা এটা অট্টালিকাৰ ওপৰত নিজৰ হেলিকপ্টাৰখন অৱতৰণ কৰায় । এই কৃতিত্ব উচ্চতম পৰ্যায়ৰ উৰণ দক্ষতা আৰু অতুলনীয় সাহসৰ পৰিচায়ক । আনহাতে, নিজৰ জীৱনকো বিপদত পেলাই জোৱানসকলে আবদ্ধ হৈ থকা প্ৰতিজন ব্যক্তিকে নিৰাপদ স্থানলৈ আঁতৰাই অনাটো নিশ্চিত কৰে ।
ইফালে হেলিকপ্টাৰখন যিটো অট্টালিকাত অৱতৰণ কৰিছিল, সেই অট্টালিকা খালী কৰাৰ কিছু সময়ৰ পিছতে খহি পৰে । ই এক সময়োপযোগী আৰু নিৰ্ণায়ক উদ্ধাৰ প্ৰচেষ্টাৰ দিশটোক প্ৰতিফলিত কৰিছে ।
উল্লেখ্য যে জম্মু-কাশ্মীৰ, পঞ্জাব আৰু অন্যান্য উত্তৰ ভাৰতৰ ৰাজ্যসমূহত বৰষুণৰ ফলত বান পৰিস্থিতি আৰু ভূমিস্খলনৰ সৃষ্টি হৈছে । মঙলবাৰে জম্মু-কাশ্মীৰৰ কাটৰাত বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা পথত সংঘটিত ভূমিস্খলনত ৩০ জন লোকৰ মৃত্যু হয় ।

