ETV Bharat / bharat

কৰাচী বন্দৰত আক্ৰমণৰ বাবে সাজু আছিলো : ভাৰতীয় নৌ-বাহিনীৰ প্ৰধান ভাইচ এডমিৰেল এ এন প্ৰমোদ

তেওঁ কয় নৌসেনা এই সকলোবোৰ কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম আছিল, কেৱল ভাৰত চৰকাৰৰ নিৰ্দেশৰ বাবে অপেক্ষা কৰি আছিল ।

OPERATION SINDOOR
ভাৰতীয় নৌ-বাহিনীৰ প্ৰধান ভাইচ এডমিৰেল এ এন প্ৰমোদ (Screengrab/ANI)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 10:36 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : নৌসেনা অভিযানৰ সঞ্চালক প্ৰধান (Director General of Naval Operations, DGNO) ভাইচ এডমিৰেল এ এন প্ৰমোদে দেওবাৰে কয় যে ভাৰতীয় নৌসেনাই ৯ মে'ৰ নিশা 'অপাৰেশ্যন সেন্দূৰ'ৰ অধীনত পাকিস্তানৰ সামুদ্ৰিক সীমা, কৰাচী বন্দৰত অৱস্থিত সেনা আন্তঃগাঁথনিকে ধৰি পাকিস্তানৰ নিৰ্বাচিত লক্ষ্যসমূহক লক্ষ্য কৰি আক্ৰমণ চলাই সেইবোৰ ধ্বংস কৰিবলৈ সম্পূৰ্ণৰূপে প্রস্তুত আছিল ।

তেওঁ কয় যে নৌসেনা এইবোৰ কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম আছিল । কিন্তু কেৱল ভাৰত চৰকাৰৰ নিৰ্দেশনাৰ বাবে অপেক্ষা কৰিছিল ।

সেন্দূৰ অভিযান সন্দৰ্ভত তিনিওটা বাহিনীৰ কমাণ্ডাৰসকলৰ সন্মিলিত সংবাদমেল সম্বোধনৰ সময়ত ভাইচ এডমিৰেল প্ৰমোদে কয়, "২২ এপ্ৰিলত পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ পহলগামত নিৰীহ পৰ্যটকসকলৰ ওপৰত কাপুৰুষালিৰে আক্ৰমণ কৰাৰ পিছত ভাৰতীয় নৌসেনাই তৎকালে নৌসেনা, যুদ্ধ জাহাজ, ছাবমেৰিন আৰু যুঁজাৰু বিমানবোৰক সম্পূৰ্ণ যুদ্ধকালীনভাৱে সাজু কৰিছিল ।”

তেওঁ লগতে কয়, “আমি সন্ত্ৰাসবাদী আক্ৰমণৰ ৩৬ ঘণ্টাৰ ভিতৰত আৰব সাগৰত আমাৰ অস্ত্ৰ আৰু যুদ্ধ জাহাজবোৰ জৰুৰীকালীনভাৱে পৰীক্ষা কৰো আৰু আমাৰ সেনা দল শত্ৰুৰ বিপক্ষে চূড়ান্ত আক্ৰমণৰ বাবে সম্পূৰ্ণ তৎপৰতা আৰু ক্ষমতাৰে উত্তৰ আৰব সাগৰত সাজু হৈ আছিল, যাতে কৰাচীসহ সমুদ্ৰ আৰু ভূপৃষ্ঠত শত্ৰুৰ নিৰ্বাচিত স্থানত আমি নিৰ্ধাৰণ কৰা সময়ৰ ভিতৰত আক্ৰমণ কৰিব পাৰো ।”

ডি জি এন অ'ৱে লগতে কয় যে ভাৰতীয় নৌসেনাই পাকিস্তানী নৌসেনা আৰু তাৰ বায়ুসেনাৰ গোটবোৰক 'ৰক্ষণাত্মক স্থিতি'ত থাকিবলৈ বাধ্য কৰাইছিল, যিবোৰ বেছিভাগ বন্দৰৰ ভিতৰত বা উপকূলৰ নিকটৱৰ্তীভাৱে । আনহাতে, সেইবোৰৰ ওপৰত ভাৰতীয় পক্ষই নিৰন্তৰ দৃষ্টি নিক্ষেপ কৰি আছিল ।

ভাইচ এডমিৰেল প্ৰমোদে আৰু কয়, "আমাৰ প্ৰতিক্ৰিয়া প্ৰথমদিনাৰ পৰায়ে সন্তুলিত, আনুপাতিক আৰু দায়িত্বশীল আছিল । ভাৰতীয় নৌসেনাই পাকিস্তানৰ যিকোনো শত্ৰুতাপূৰ্ণ কাৰ্যক চৰমভাৱে প্ৰত্যুত্তৰ দিবলৈ সমুদ্ৰত সক্ৰিয় ।

তেওঁ লগতে কয়, "যদি তেওঁলোকে পৰিস্থিতি অধিক অৱনতি ঘটাবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকে ভালদৰে জানে যে ইয়াৰ ফল কি হ'ব ।"

লগতে পঢ়ক :‘অপাৰেশ্যন সেন্দূৰ’ত ১০০ সন্ত্ৰাসবাদীক নিঃশেষ: DGMO লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই - OPERATION SINDOOR
লগতে পঢ়ক :অপাৰেশ্যন সেন্দূৰ এতিয়াও সমাপ্ত হোৱা নাই ! - OPERATION SINDOOR