লক্ষ্ণৌ: কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি (বুধবাৰে) ২০২৫ চনৰ ৱাকফ সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে সংসদত উত্থাপন কৰাৰ পিছতেই আৰম্ভ হৈছে সংসদত বিধেয়কখনৰ ওপৰত আলোচনা । ১৯৯৫ চনৰ ৱাকফ আইন সংশোধন কৰি নতুন আইন গৃহীত কৰিবলৈ আজি সংসদত ৱাকফ সংশোধনী বিধেয়ক উত্থাপন কৰাৰ পিছত সুদীৰ্ঘ ৮ ঘণ্টা আলোচনা চলিব । এই সময়ত যাতে দেশৰ কোনো অঞ্চলত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সকলোতেই সতৰ্কতামূলক ব্য়ৱস্থা গ্ৰহণ কৰা হৈছে ।
এইক্ষেত্ৰত আটাইতকৈ সংবাদনশীল ৰাজ্য়ৰূপে পৰিচিত উত্তৰ প্ৰদেশত সতৰ্কতা বৃদ্ধি কৰা হৈছে। ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে এক নিৰ্দেশ যোগে সকলো আৰক্ষী কৰ্মচাৰীৰ ছুটী বাতিল কৰিছে । আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশনা অনুসৰি যি আৰক্ষী বিষয়া আৰু কৰ্মচাৰীয়ে আগতে ছুটী লৈছে তেওঁলোকক ততালিকে কৰ্মত উভতি আহিবলৈ কোৱা হৈছে । এই নিৰ্দেশটোত এইটোও স্পষ্ট কৰা হৈছে যে কেৱল বিশেষ পৰিস্থিতিতহে ছুটীৰ অনুমতি দিয়া হ’ব ।
আৰক্ষী সঞ্চালক প্ৰধান প্রশান্ত কুমাৰে এই নিৰ্দেশটোত উল্লেখ কৰে যে ৰাজ্যত আইন আৰু শান্তি ব্যৱস্থা বজাই ৰখাটো সকলো স্তৰৰ পৰা সৰ্বোচ্চ প্ৰাথমিকতা । সেইবাবে আৰক্ষী কৰ্মচাৰীসকলৰ সকলো ছুটী ততালিকে বাতিল কৰা হৈছে । সকলো বিষয়া আৰু কৰ্মচাৰী অবিলম্বে নিজৰ দায়িত্বৰ স্থানত উভতি আহিবলৈ নিৰ্দেশ দিয়া হৈছে । আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা এই নিৰ্দেশ ৰাজ্য়খনৰ সমগ্ৰ জিলাৰ বিষয়ালৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য় যে ইয়াৰ পূৰ্বে মহাকুম্ভৰ সময়তো আৰক্ষী কৰ্মচাৰী সকলৰ ছুটী বাতিল কৰা হৈছিল । অৱশ্য়ে বিশেষ পৰিস্থিতিত ছুটীৰ অনুমতি দিয়া হৈছে ।
ৰাজ্যত সতৰ্কতাৰ বৃদ্ধি :
উৎসৰ মতে, ৱাকফ সংশোধনী বিধেয়কৰ বাবে প্ৰতিবাদৰ আশংকা কৰিয়েই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । ৰাজ্যজুৰি আৰক্ষীৰ পৰ্যবেক্ষণ বৃদ্ধি কৰা হৈছে । যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে সুৰক্ষা সংস্থাবোৰক সাজু থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ।