ETV Bharat / bharat

হুৰহুৰকৈ খহি পৰিল দেৱাল: নিমিষতে প্ৰাণ গ'ল ৭ জনৰ

হৰি নগৰৰ বস্তি অঞ্চলত সংঘটিত হৈছে এই ঘটনা । অঞ্চলজুৰি শোকৰ ছাঁ ।

Delhi Wall Collapse
হৰি নগৰৰ বস্তি অঞ্চলত পকী দেৱাল বাগৰিল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 9, 2025 at 5:04 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: দক্ষিণ-পূব দিল্লীৰ জৈতপুৰ থানাৰ অন্তৰ্গত হৰি নগৰত ভয়ংকৰ দুৰ্ঘটনা । শনিবাৰে অঞ্চলটোত থকা প্ৰায় ১০০ ফুট দীঘল এখন পকী দেৱাল হঠাতে বাগৰি পৰে । বস্তি অঞ্চলটোৰ কেইবাটাও জুপুৰিৰ ওপৰত দেৱালখন বাগৰি পৰে । ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

দেৱালৰ ধ্বংসাৱশেষৰ তলত কেইবাগৰাকী লোক আবদ্ধ হৈ পৰে । দুৰ্ঘটনাটোত ৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । নিহতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে । একে সময়তে আহতসকলক উদ্ধাৰ কৰি এইমছ ট্ৰ'মা চেণ্টাৰ আৰু ছফদৰজং হাস্পতালত ভৰ্তি কৰোৱা হয় । দিল্লী আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, এন ডি আৰ এফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

দক্ষিণ-পূব দিল্লীত অঘটন (ETV Bharat)

জানিব পৰা মতে ঘটনাটো শনিবাৰে পুৱা প্ৰায় ৯:৩০ বজাত সংঘটিত হয় । হৰি নগৰ গাঁৱৰ পিছফালে থকা বস্তি অঞ্চলত পকী দেৱালখন বাগৰি পৰে । ঘটনাস্থলীত উপস্থিত হোৱা দক্ষিণ-পূব দিল্লীৰ উপ-আৰক্ষী আয়ুক্ত হেমন্ত তিৱাৰীয়ে কয়, "ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী ৫ৰ পৰা ৭ মিনিটৰ ভিতৰতে এই স্থানত উপস্থিত হৈছে । স্থানীয় লোকৰ সহযোগত আৰু এক্সকেভেটৰেৰে আবদ্ধ লোকসকলক উদ্ধাৰ কৰা হয় । আহতসকলক দুখনকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।"

ঘটনাস্থলীত আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলেও উদ্ধাৰ অভিযান অব্যাহত ৰাখে । অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৰ ছফদৰজং ষ্টেচনৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ মহলাৱতে জানিবলৈ দিয়া মতে, প্ৰায় ১০০ ফুট দীঘল এখন দেৱাল আছিল ।

দেৱালখনৰ এটা অংশ বাগৰি পৰে । একে সময়তে এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে দক্ষিণ-পূব দিল্লীৰ ডি এম সাৰৱান বাগাড়িয়াও দলটোৰ সৈতে সেই স্থানত উপস্থিত হয় । তেওঁ কয় যে বহু লোক আহত হৈছে । এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে ।

Delhi Wall Collapse
দিল্লীত পকী দেৱাল বাগৰি ৭ জনৰ মৃত্যু (ETV Bharat)

নিশাৰে পৰা দিল্লীৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । উক্ত অঞ্চলটোতো বৰষুণ হৈ আছে । যাৰ ফলত পকী দেৱালখনৰ ওচৰে পাজৰে পানী জমা হৈছিল । এনে পৰিস্থিতিত দেৱালখন বাগৰি পৰা বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক :ভাৰতীয় ৰে’লৰ বিশাল উপলব্ধি; আহি গ’ল এছিয়াৰ আটাইতকৈ দীঘল মালবাহী ৰে’ল ৰুদ্ৰাস্ত্ৰ - ASIA LONGEST FREIGHT TRAIN