ETV Bharat / bharat

মা কামাখ্যা মন্দিৰক লৈ উচটনিমূলক কণ্টেণ্ট প্ৰচাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ৱাজাহাট খান - WAJAHAT KHAN

১৬ জুনলৈকে কলকাতা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ৱাজাহাট খানক । সম্ভৱতঃ কলকাতা আৰক্ষীয়ে খানক গতাই দিব অসম আৰক্ষীৰ হাতত ।

WAJAHAT KHAN IN CUSTODY
প্ৰতিনিধিমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 9:36 PM IST

2 Min Read

কলকাতা : ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে শৰ্মিষ্ঠা পানাওলি । ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অপৰাধত কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শৰ্মিষ্ঠাক । জানিব পৰা মতে, অভিযুক্ত শৰ্মিষ্ঠা হৈছে এগৰাকী ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ । শেহতীয়া তথ্য মতে, অভিযুক্ত শৰ্মিষ্ঠাক ১৬ জুনলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

  • ঘটনাটো কি

১৫ মে’ত অপাৰেশ্যন সেন্দূৰৰ পিছত ছ’চিয়েল মিডিয়াত বহু আলোচনা-সমালোচনা হৈছিল । সকলোৱে নিজৰ নিজৰ মত ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশো কৰিছিল । সেই সময়তে শৰ্মিষ্ঠাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল এটা ভিডিঅ’, যি ভিডিঅ’ক কেন্দ্ৰ কৰি জ্বলিছিল ক্ষোভৰ অগনি ।

শৰ্মিষ্ঠাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰা ভিডিঅ’টোৱে ধৰ্মীয় আৱেগক আঘাত কৰা বুলিও অভিযোগ উত্থাপন হৈছিল । ইয়াৰ পিছত শৰ্মিষ্ঠাৰ বিৰুদ্ধে কলকাতাৰ এখন থানাত ৱাজাহাট খানে এজাহাৰ দাখিল কৰে ।

ইয়াৰ পিছত আদালতে জাৰি কৰা ৱাৰেণ্টৰ পিছত ৩০ মে’ত কলকাতা আৰক্ষীয়ে শৰ্মিষ্ঠাক গ্ৰেপ্তাৰ কৰে আৰু ট্ৰেনজিট ৰিমাণ্ডত কলকাতালৈ অনা হয় । আলিপুৰ আদালতে ৩১ মে’ত তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

  • টাৰ্ণ অফ ইভেন্টছ

এক নাটকীয় টুইষ্টত খানক একেধৰণৰ অভিযোগত কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । কলকাতা আৰক্ষী বিষয়া ৰূপেশ কুমাৰৰ মতে, খানক আমহাৰ্ষ্ট (Amherst) ষ্ট্ৰীট থানাৰ সীমাত আটক কৰা হৈছে ।

সূত্ৰই জনোৱা মতে, উত্তৰ আৰু দক্ষিণ কলকাতাৰ বিভিন্ন থানাত তেওঁৰ বিৰুদ্ধে একাধিক অভিযোগ আছে । খানৰ বিৰুদ্ধে ধৰ্মীয় অশান্তিৰ উচটনি দিয়াৰ অভিযোগৰ উপৰিও অসমৰ মা কামাখ্যা মন্দিৰক লৈ উচটনিমূলক কণ্টেণ্ট প্ৰচাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে ।

ইয়াৰ পূৰ্বেও অসম আৰক্ষীয়ে খানক কলকাতাত গ্ৰেপ্তাৰ কৰাৰ চেষ্টা চলাইছিল যদিও তেওঁক বিচাৰি উলিয়াব পৰা নাছিল । অৱশ্যে এতিয়া তেওঁক গ্ৰেপ্তাৰৰ বিষয়ে অসম আৰক্ষীক অৱগত কৰা হৈছে ।

  • আইনী কাৰ্যবিধি

খানক হাজিৰ কৰা আলিপুৰৰ এচিজেএম আদালতে তেওঁৰ জামিন আবেদন নাকচ কৰি ১৬ জুনলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।

ইফালে হাৰিয়ানা আৰক্ষীয়ে এই গোচৰৰ সন্দৰ্ভত ৱাৰেণ্ট দাখিল কৰিছিল যদিও আদালতে নাকচ কৰিছিল । শুনানিৰ সময়ত অসম আৰক্ষী উপস্থিত থাকিলেও সেই সময়ত কোনো ৱাৰেণ্ট দাখিল কৰা নাছিল আৰু কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি জানিব পৰা গৈছে ।

কলকাতা আৰক্ষীয়ে ইংগিত দিছে যে অধিক তদন্তৰ বাবে প্ৰয়োজন হ’লে খানক অসম আৰক্ষীক গতাই দিয়া হ’ব পাৰে ।

লগতে পঢ়ক : প্ৰকৃততে কাৰ প্ৰেমিকা আছিল সোনম ? পোহৰলৈ আহিছে চাৰি যুৱকৰ পৰিচয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.