পুনৰ বিমানত বোমাৰ ভাবুকি; ভিস্তাৰাৰ দিল্লী-লণ্ডন বিমানৰ দিশ ফ্ৰাংকফুর্টলৈ পৰিৱৰ্তন
Bomb Threat in Flight : পুনৰ বিমানত বোমাতংক । বিগত কিছুদিনৰ দৰে শুকুৰবাৰেও ভিস্তাৰাৰ এখন বিমানে বোমাৰ ভাবুকি লাভ কৰে ।

By PTI
Published : October 19, 2024 at 7:35 AM IST
নতুন দিল্লী : বিগত কিছুদিনৰ ধাৰা অব্যাহত আছে । পুনৰ বিমানত বোমাৰ ভাবুকি । এই বোমাৰ ভাবুকিৰ বাবে শুকুৰবাৰে দিল্লীৰ পৰা লণ্ডন অভিমুখী এখন ভিস্তাৰা বিমানৰ দিশ ফ্ৰাংকফুর্টলৈ পৰিৱৰ্তন কৰা হয় ।
শনিবাৰে পুৱা এক বিবৃতিত এয়াৰলাইনছটোৰ এজন মুখপাত্ৰই কয় যে বিমানখন ফ্ৰেংকফুর্ট বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰোৱা হয় আৰু তাত বাধ্যতামূলক পৰীক্ষা কৰা হয় । অৱশ্যে নিৰাপত্তা সংস্থাসমূহে পৰীক্ষাৰ পিচত সেউজ সংকেত প্ৰদানৰ পিচত বিমানখনে গন্তব্য স্থানলৈ যাত্ৰা অব্যাহত ৰাখিব ।
"১৮ অক্টোবৰত দিল্লীৰ পৰা লণ্ডনলৈ গৈ থকা ভিস্তাৰা বিমান ইউকে১৭-এ ছ'চিয়েল মিডিয়াত নিৰাপত্তাজনিত ভাবুকি লাভ কৰে । সেয়ে প্ৰটোকলজনিত কাৰণৰ সৈতে সংগতি ৰাখি লগে লগে সংশ্লিষ্ট সকলো কৰ্তৃপক্ষক অৱগত কৰা হয় আৰু সতৰ্কতামূলক ব্যৱস্থা হিচাপে পাইলটসকলে বিমানখনৰ গতি ফ্ৰাংকফুর্টলৈ সলনি কৰাৰ সিদ্ধান্ত লয় ।" মুখপাত্ৰজনে কয় ।
এগৰাকী বিষয়াৰ পৰা জানিব পৰা মতে, বিমানখনত বোমা থকাৰ আৰু বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লাভ কৰিছিল। ইফালে, আকাছা এয়াৰে কয় যে শুকুৰবাৰে বাংগালুৰুৰ পৰা মুম্বাইলৈ উৰা মাৰিবলগা ইয়াৰ বিমান কিউপি ১৩৬৬ খনে প্ৰস্থানৰ ঠিক পূৰ্বে নিৰাপত্তাজনিত সতৰ্কতা লাভ কৰে ।
"সেয়েহে সুৰক্ষা আৰু নিৰাপত্তা প্ৰক্ৰিয়া অনুসৰি স্থানীয় কৰ্তৃপক্ষই প্ৰয়োজনীয় প্ৰক্ৰিয়া অনুসৰণ কৰাৰ বাবে সকলো যাত্ৰীক বিমানখনৰ পৰা নমাবলগা হয় । আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাইছোঁ যে আমাৰ দলটোৱে সকলো ধৰণৰ অসুবিধা হ্ৰাস কৰিবলৈ সম্ভৱপৰ সকলো চেষ্টা চলাইছে ।" এয়াৰলাইনছটোৱে এক্সৰ এটা পোষ্টত কয় ।
উল্লেখ্য যে বিগত কেইদিনমানত ভাৰতীয় বিমান সেৱাৰ দ্বাৰা পৰিচালিত প্ৰায় 40 খন বিমানে বোমাৰ ভাবুকি লাভ কৰিছে । অৱশ্যে এয়া পিচত প্ৰৱঞ্চনা হিচাপে পৰিগণিত হৈছে । অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে এয়াৰলাইনছসমূহক প্ৰৱঞ্চনামূলক বোমাৰ ভাবুকিৰ ঘটনা প্ৰতিহত কৰিবলৈ কঠোৰ নিয়ম প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে । ইয়াৰ ভিতৰত আছে অপৰাধীসকলক ন'-ফ্লাই তালিকাত ৰখা ।

