ETV Bharat / bharat

ছেকেন্দ্ৰাবাদত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ভিণ্টেজ কাৰ প্ৰদৰ্শনী

অতীতৰ সুবাস সনা সামগ্ৰীৰে নতুন প্ৰজন্মক চিনাকি কৰাই দিয়াটো এক দায়িত্ব । তাৰেই প্ৰতিফলন ঘটিছে ছেকেন্দ্ৰাবাদত ।

Vintage Cars exhibition in Secunderabad
ছেকেন্দ্ৰাবাদত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ভিণ্টেজ কাৰ প্ৰদৰ্শনী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 28, 2024 at 9:43 PM IST

3 Min Read
Choose ETV Bharat

ছেকেন্দ্ৰাবাদ : মানুহ যিমানেই আধুনিকতাৰ শিখৰত উপনীত নহওক কিয়, আধুনিক আৰু বিলাসী সামগ্ৰীৰে জীৱন উপচি নপৰক কিয়, বিলাসিতাই আকাশ স্পৰ্শ নকৰক কিয়, মনৰ নিভৃত কোণত কিন্তু পুৰণিৰ প্ৰতি এটা টান সদায়ে থাকে ।

এৰি অহা দিনৰ সুবাস, এৰি অহা সময়ৰ মাদকতা, এৰি অহা সামগ্ৰীৰ স্মৃতি কাতৰতাই মানুহক নষ্টালজিক কৰি তোলে । তাৰ লগতে অতীতৰ সুবাস সনা সামগ্ৰীৰ সৈতে নতুন প্ৰজন্মক চিনাকি কৰাই দিয়াটোও আন এক দায়িত্ব । তাৰেই প্ৰতিফলন ঘটিছে ছেকেন্দ্ৰাবাদত । এখন ভিণ্টেজ কাৰ প্ৰদৰ্শনী এতিয়া চহৰখনত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

ছেকেন্দ্ৰাবাদত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ভিণ্টেজ কাৰ প্ৰদৰ্শনী (ETV Bharat)

ছেকেন্দ্ৰাবাদত 'কাৰ্ছ এন কফি' গ্ৰুপৰ দ্বাৰা আয়োজিত এখন প্ৰদৰ্শনীত অতীত যুগৰ এক সোণালী প্ৰতীক ভিণ্টেজ কাৰসমূহে দৰ্শনাৰ্থীসকলক আকৃষ্ট কৰি তুলিছে । 'Old is Gold'- এই কথাষাৰি যেন ইয়াত মূৰ্ত হৈ উঠিছে । কিয়নো বছৰ বাগৰি গ'লেও এই পুৰণি সৌন্দৰ্যবোৰৰ মূল্য দিনক দিনে বৃদ্ধি হয়, উৎসাহী আৰু ইতিহাসপ্ৰেমীসকলৰ বাবে অমূল্য ধন হৈ পৰে । যাৰ বাবে এই প্ৰদৰ্শনীত প্ৰায় এক শতিকাৰ পুৰণি এই বিৰল বাহনসমূহ চাবলৈ আগ্ৰহী জনতাক বিপুল পৰিমাণে আকৰ্ষিত কৰিছে ।

উল্লেখ্য যে হায়দৰাবাদত মাজে মাজে ৰাস্তাত ভিণ্টেজ গাড়ী দেখা যায়, বিশেষকৈ বিবাহৰ শোভাযাত্ৰাত । এই অনুষ্ঠানবোৰত সেইবোৰে আকৰ্ষণৰ এক অনন্য মাত্ৰা যোগ কৰে । অৱশ্যে সেইবোৰৰ ভাৰা উচ্চ হোৱা সত্ত্বেও নিজাম যুগৰ কথা সোঁৱৰণীৰ মানস পটত সজীৱ কৰাই দিয়া এই বাহনবোৰ নিজৰ ঐতিহাসিক আবেদনৰ বাবে অমূল্য ।

কাৰ্ছ এন কফিৰ প্ৰতিষ্ঠাপক দীপকে যোৱা বছৰ হায়দৰাবাদৰ সাতামপুৰুষীয়া সমৃদ্ধ অটোমোবাইল ঐতিহ্যক নৱপ্ৰজন্মৰ সৈতে পৰিচয় কৰাবলৈ এই প্ৰদৰ্শনী আৰম্ভ কৰিছিল । দীপকৰ মতে, "বিভিন্ন কোম্পানী আৰু ব্যক্তিয়ে তেওঁলোকৰ বাহনবোৰ বিনামূলীয়াকৈ উদাৰভাৱে ইয়াত প্ৰদৰ্শন কৰে । যাৰ ফলত ভিণ্টেজ মডেলৰ এক অতি আশ্চৰ্যকৰ সংগ্ৰহ ইয়াত গোট খায় ।"

দীপকে প্ৰকাশ কৰা মতে, এই প্ৰদৰ্শনীখনত এশৰো অধিক ভিণ্টেজ কাৰ আৰু বাইক প্ৰদৰ্শন কৰা হৈছে । ইয়াৰ ভিতৰত আছে 1931 চনত ব্যৱহৃত মডেলৰ পৰা আৰম্ভ কৰি শেহতীয়া ক্লাছিক মডেললৈকে । দৰ্শনাৰ্থীসকল এই প্ৰদৰ্শনীত উপস্থিত হৈ অভিভূত হৈ পৰে আৰু বাহনসমূহৰ সৈতে ফটোৰ বাবে প'জ দিয়ে । লগতে প্ৰতিখন বাহনৰ অনন্য বৈশিষ্ট্যবোৰৰ বিষয়ে আগ্ৰহেৰে জানিব বিচাৰে । আনহাতে, জ্ঞানপিপাসুসকলে অতীতৰ অভিযান্ত্ৰিক দক্ষতা প্ৰত্যক্ষ কৰি আচৰিত হোৱাৰ লগতে এই পুৰণি মডেলবোৰৰ আকৰ্ষণ আৰু কাৰুশিল্পৰ প্ৰশংসা কৰে ।

এই প্ৰদৰ্শনীৰ এক বিশেষ আকৰ্ষণ হৈছে 1931 চনত নিৰ্মাণ কৰা এখন গাড়ী । এই গাড়ীখন প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ বাহনৰ সৈতে প্ৰদৰ্শন কৰা হৈছে । যাৰ ফলত ইয়াৰ কৌতুহল বৃদ্ধি হোৱাৰ লগতে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । আনহাতে, এই প্ৰদৰ্শনী উপভোগ কৰা বহুতৰ মতে এইটো শিশুসকলৰ বাবে এক মূল্যৱান শৈক্ষিক অভিজ্ঞতা । ইয়াৰ দ্বাৰা এই ঐতিহাসিক গাড়ীবোৰৰ প্ৰতি আকৰ্ষিত হৈছে, যিয়ে এক গভীৰ স্মৃতি আৰু আশ্চৰ্যৰ অনুভূতি জাগ্ৰত কৰে ।

এই প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা বাহনবোৰে অটোমোবাইল ক্ষেত্ৰৰ তেনেই পানীকেঁচুৱা অৱস্থাতে যি অভিযান্ত্ৰিক বিদ্যাৰ এক আশ্চৰ্যকৰ সময়ৰ উৰ্ব মস্তিষ্কৰ প্ৰমাণ দাঙি ধৰিছে, সেয়াই ইতিহাস, ঐতিহ্য আৰু ভিণ্টেজ গাড়ীৰ কালজয়ী আবেদনৰ প্ৰতি আগ্ৰহী যিকোনো লোকৰ বাবে অতি আৱশ্যকীয় ।

লগতে পঢ়ক :সেনা জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীয়ে
লগতে পঢ়ক :মোদী আৰু পেদ্ৰো ছেনচেজেৰ ৰোড শ্ব'; উদ্বোধন ঐতিহাসিক টিএএছএল