প্ৰত্যাহ্বানেৰে ভৰা গাঁওবাসীৰ জীৱন সংগ্ৰাম, পাহাৰ বগাই সংগ্ৰহ কৰে খাদ্য সামগ্ৰী
বাৰিষাৰ সময়ত খেতি-বাতি এৰি পাহাৰ বগাই আনিব লাগে খাদ্য সামগ্ৰী ৷ নহ’লে নজ্বলে চৌকা ৷

Published : July 1, 2025 at 5:43 PM IST
মনেন্দ্ৰগড় চিৰমিৰি ভৰতপুৰ: সাধাৰণ নাগৰিকৰ বাবে ছত্তীশগড় চৰকাৰে তিনিমাহৰ ৰেচনৰ সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিছে । এম চি বি জিলাতো অনলাইনযোগে চলি আছে গাঁৱে গাঁৱে ৰেচন বিতৰণৰ প্ৰক্ৰিয়া ৷
ভৰতপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫ খন গাঁৱত প্ৰায় ৪০০ টা ৰেচনকাৰ্ডধাৰী পৰিয়াল আছে ৷ কিন্তু এই গাঁৱসমূহত ৰেচন বিতৰণৰ সমস্যা অতি ভয়াৱহ ।

গাঁওবাসীয়ে কয় যে আগতে যেতিয়া অফলাইনত ৰেচন বিতৰণ কৰা হৈছিল, তেতিয়া গাঁৱৰ মানুহে নিজৰ গাঁৱতেই ৰেচন লাভ কৰিছিল ৷ কিন্তু যেতিয়াৰে পৰা অনলাইনৰ মাধ্যমেৰে ৰেচন বিতৰণ কৰা হৈছে, তেতিয়াৰে পৰাই গাঁওবাসী সন্মুখীন হৈছে বহু সমস্যাৰ ।
অনলাইনৰ মাধ্যমৰে ৰেচন সংগ্ৰহ কৰাটো হৈ পৰিছে এক সমস্যা
ভৰতপুৰ উন্নয়ন ব্লকৰ অধীনত আছে গড়োৱাৰ গাঁও পঞ্চায়ত ৷ এই পঞ্চায়তৰ ওপৰত নিৰ্ভৰ কৰে পাটপাৰটলা, চাণ্ডেলা, দাৰিটোলা, মন্তোলিয়া আদিৰ দৰে গাঁওসমূহৰ ৰাইজে ৷ প্ৰতিমাহে ৰেচন সংগ্ৰহৰ বাবে পাহাৰ বগাই যাবলগীয়া হয় বুলি জানিবলৈ দিয়ে গাঁওবাসীয়ে ৷
গাঁৱৰ পৰা পাঁচ কিলোমিটাৰ দূৰলৈ বিয়পি থকা অৰণ্যৰ মাজে মাজে, তাৰোপৰি ৫০ ফুট ওখ পাহাৰ বগাই অনলাইনৰ মাধ্যমৰে বিতৰণ কৰা ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিবলগীয়া হৈছে গাঁওবাসীয়ে ৷

আনকি বাৰিষাৰ সময়তো বৰষুণ হৈ থকাৰ পিছতো পিছলীয়া বাট অতিক্ৰম কৰি পাহাৰ বগাবলগীয়া হয় গাঁওবাসী ৷ আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হয় মহিলাসকলৰ লগতে বৃদ্ধলোকসকল ৷
ইটিভি ভাৰতৰ গ্ৰাউণ্ড ৰিপ’ৰ্ট
ইটিভি ভাৰতৰ সাংবাদিকেও গাঁওবাসীৰ এই সমস্যাসমূহ বুজিবলৈ, নিচেই ওচৰৰ পৰা অনুভৱ কৰিবলৈ বৰষুণৰ মাজে মাজে পাহাৰ বগাই আহি উপস্থিত হয় ৰেচন সামগ্ৰী বিতৰণ কৰা স্থানত ৷
তাত সাংবাদিকে নিজ চকুৰে প্ৰত্যক্ষ কৰে মহিলা, বৃদ্ধ আৰু ৰেচনকাৰ্ড লৈ বহু পুৰুষে নিজৰ সামগ্ৰীৰ বাবে অপেক্ষা কৰি আছে ৷ বৰষুণৰ পৰা ৰক্ষা পাবলৈ গাঁৱৰ একাংশ লোকৰ হাতত ছাতি থকাৰ বিপৰীতে আন একাংশই বৰষুণত তিতি শাৰী পাতি ৰেচন সামগ্ৰীৰ বাবে অপেক্ষা কৰি থকা দৃশ্যটো আছিল হৃদয়বিদাৰক ৷ এজনৰ পিছত আনজন লোকে ই-পি অ’ এছ মেচিনত নিজৰ সবিশেষ এণ্ট্ৰি কৰিবলৈ উপস্থিত হৈছিল উক্ত স্থানত ৷

এনে নহয় যে তাত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকৰ কাম শেষ হয় । গাঁৱৰ মানুহে সদৰী কৰা অনুসৰি কেতিয়াবা এই কামত সমগ্ৰ দিনটো অথবা একেৰাহে কেইবাদিন সময়ৰ প্ৰয়োজন হয় ৷
গাঁওবাসীৰ ভাষ্য
‘‘আমি চাউল আনিবলৈ আহিছো । ফিংগাৰ প্ৰিণ্টিং এতিয়াও কৰা হোৱা নাই । আমি গোটেই দিনটো পাহাৰত বহি থাকিব লাগে । বাৰিষাৰ সময়তো আমি অৰণ্যৰ মাজেৰে এই স্থানত প্ৰৱেশ কৰিবলৈ ৫০ ফুট ওপৰলৈ উঠিবলগা হয়’’ - পঞ্চলাল, গাঁওবাসী
‘‘অহা-যোৱাত বহুত সমস্যা । কিন্তু পৰিয়ালৰ এজনে হ’লেও ৰেচন ল’বলৈ যাব লাগে । পাহাৰৰ পৰা ৫ কিলোমিটাৰ ওপৰলৈ উঠিব লাগে’’ - সুন্দৰলাল সিং, গাঁওবাসী
‘‘যেতিয়াই ৰেচন সংগ্ৰহ কৰিবলৈ আহিব লাগে, মই আন কোনো কাম কৰিব নোৱাৰো । দুদিনৰ পৰা তিনিদিনলৈ একেৰাহে আহিব লাগে’’ - ৰামকৰণ, গাঁওবাসী
গাঁৱে-ভূঞে নেটৱৰ্কৰ সমস্যাৰ বাবে পাহাৰত উঠিব লাগে
গাঁওবাসীয়ে কয় যে ভৰতপুৰ উন্নয়ন খণ্ডৰ একাংশ গাঁৱত ম’বাইল নেটৱৰ্কৰ বৃহৎ সমস্যা আছে ৷ যাৰ বাবে ই-পি অ’ এছ মেচিনটোৱে গাঁওখনত কাম নকৰে । ৰেচন পাবলৈ গাঁওবাসী আৰু ৰেচনৰ দোকান-পৰিচালকে ই-পি অ’ এছ মেচিনত এণ্ট্ৰি কৰিবলৈ পাহাৰত উঠিবলগীয়া হয়, কাৰণ ওখ ঠাইলৈ গ’লেহে নেটৱৰ্ক পায় ৷
কিন্তু বাৰিষাৰ সময়ত নেটৱৰ্কৰ সমস্যাৰ বাবে ই-পি অ’ এছত এণ্ট্ৰি কৰিবলৈ কেইবাদিনো পাহাৰত ঘূৰি ফুৰিবলগীয়া হয় ।
‘‘ৰাস্তা নাই, কোনো সুবিধা নাই । যিহেতু গাঁৱত অনলাইন সংযোগ নাই, গতিকে আমি চাউল সংগ্ৰহ কৰিবলৈ আহিব লাগে । আজি কাম নহ’লে আমি গুচি যাম আৰু আকৌ আহিব লাগিব । গোটেই মাহটো এনেদৰেই পাৰ হৈ যায়’’ - সুমিত্ৰা বাই, গাঁৱৰ মহিলা
‘‘পাহাৰ বগাই আমি ভাগৰি পৰো । আমি বহুবাৰ পৰি যাওঁ । আমি দুখীয়া, জীৱিকা উপাৰ্জন কৰিবলৈ পাহাৰ বগাই যাওঁ’’ - শ্যামবাই, এগৰাকী বৃদ্ধা
খাদ্য বিভাগক তথ্য দিলে ৰেচনৰ দোকানীয়ে
এনে নহয় যে অনলাইন পি ডি এছ ব্যৱস্থাত খাদ্য বিভাগ এই সমস্যাৰ বিষয়ত অৱগত নহয় । গাঁওবুঢ়া তথা ৰেচনৰ দোকানী ৰামফল পাণ্ডোৱে এই সন্দৰ্ভত কয়, ‘‘নেটৱৰ্কৰ সমস্যাৰ বাবে গাঁওবোৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱা বুলি খাদ্য বিভাগক বহুবাৰ জনাইছো ।’’
তেওঁ লগতে কয় ‘‘অফলাইন দোকান এখন বিচাৰিছিলো ৷ মহাশয়ে মোক কৈছিল যে অফলাইন দোকান নাথাকিব । এতিয়া কেৱল অনলাইন ৰেচন দোকানহে চলিব । মই তেওঁলোকক ক’লোঁ যে ই-পি অ’ এছ মেচিনটোৱে কাম কৰা নাই কাৰণ ইয়াত ৪জি নেটৱৰ্ক নাই আৰু গাঁওবাসীয়ে পাহাৰ বগাব লাগিব । কিন্তু বিষয়াসকলে কয় যে এই মেচিনটোৱে ক্ৰমান্বয়ে কাম কৰিবলৈ আৰম্ভ কৰিব । বাৰিষাৰ সময়ত গাঁৱৰ মানুহে বহুত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ।’’
‘‘গাঁওবাসীয়ে কৰা অফলাইন ৰেচন দোকানৰ দাবীৰ কথা ইতিমধ্যে বিষয়াসকলক কেইবাবাৰো অৱগত কৰা হৈছে । গাঁওবাসীয়ে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে’’ - ৰামফল পাণ্ডো, গাঁওবুঢ়া
এছ ডি এমৰ আশ্বাস
ইটিভি ভাৰতে এছ ডি এম শশী শেখৰ মিশ্ৰৰ সৈতে গাঁৱে-ভূঞে ম’বাইল নেটৱৰ্কৰ সমস্যা আৰু গাঁৱৰ ৰাইজে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত বাৰ্তালাপ কৰে । তেওঁ কয়, ‘‘এয়া মোৰ জ্ঞাত নহয়, যিহেতু আপোনালোকে কৈছে মই ইয়াৰ ওপৰত চকু দিম । সম্ভৱ হ'লে মই কামটো কৰি দিম ।’’
গাঁওবাসীৰ দাবী
গাঁওবাসীয়ে কয় যে চৰকাৰ আৰু প্ৰশাসনে গাঁওসমূহত ম’বাইল নেটৱৰ্কৰ সুবিধা প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগে ৷ অন্যথা বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে গাঁওবাসীয়ে নিজৰ নিজৰ কাম এৰি ৰেচন সামগ্ৰী সংগ্ৰহৰ বাবে পাহাৰ বগাবলগীয়া নহয় ৷
লগতে পঢ়ক: কাঠেৰে নিৰ্মিত ভাৰতৰ প্ৰথমটো গুৰুদ্বাৰা চাহিব আৰু ইয়াৰ বিশেষত্ব জানেনে...

