ETV Bharat / bharat

দিল্লী এইমছত চিকিৎসাধীন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক দিল্লী এইমছৰ হৃদৰোগ বিভাগৰ ক্ৰিটিকেল কেয়াৰ ইউনিটত ভৰ্তি হয়, ডাঃ ৰাজীৱ নাৰঙৰ তত্বাৱধানত তেওঁৰ অৱস্থা সুস্থিৰ

VICE PRESIDENT JAGDEEP DHANKHAR
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : March 9, 2025 at 12:24 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক শনিবাৰে মাজনিশা দিল্লী এইমছত ভৰ্তি কৰোৱা হয় । বুকুৰ বিষ আৰু অস্বস্তি অনুভৱ কৰা বাবে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ বৰ্তমান উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ অৱস্থা সুস্থিৰ । চিকিৎসালয়ৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি তেওঁক এইমছৰ হৃদৰোগ বিভাগৰ মুৰব্বী ডাঃ ৰাজীৱ নৰঙৰ তত্বাৱধানত ক্ৰিটিকেল কেয়াৰ ইউনিটত ভৰ্তি কৰা হৈছে । নিশা প্ৰায় ২:০০ বজাত তেওঁক এইমছলৈ অনা হয় । চিকিৎসকৰ এটা দলে তেওঁক নিৰীক্ষণ কৰি আছে । তেওঁৰ হৃদযন্ত্ৰ সম্পৰ্কীয় সকলো পৰীক্ষা কৰা হৈছে ।

৭৩ বছৰীয়া জগদীপ ধনখড় দেশৰ ১৪ সংখ্যক উপ-ৰাষ্ট্ৰপতি । ইয়াৰ পূৰ্বে তেওঁ পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ২০১৯ চনৰ ৩০ জুলাইৰ পৰা ২০২২ চনৰ ১৮ জুলাইলৈ তেওঁ পশ্চিমবংগৰ ৰাজ্যপালৰ দায়িত্বত আছিল । ৰাজ্যপাল হোৱাৰ পূৰ্বে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য আছিল । ২০২২ চনৰ ১৬ জুলাইত জগদীপ ধনখড়ক ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে ।

তেওঁ ১৯৯৩-৯৮ চনত ৰাজস্থানৰ দশম বিধানসভাৰ বাবে কিশনগড়ৰ পৰা নিৰ্বাচনত জয়ী হৈছিল । ৰাজস্থান উচ্চ ন্যায়ালয় বাৰ এছ’চিয়েচন, জয়পুৰৰ সভাপতি হিচাপেও উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰি আহিছে । জগদীপ ধনখড়ৰ ৰাজনৈতিক জীৱন প্ৰায় ৩০ বছৰীয়া । তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ চৰকাৰত সংসদীয় পৰিক্ৰমা মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে । লোকসভা হওক বা বিধানসভা হওক, তেওঁ যি সদনৰ সদস্য আছিল, সেই সদনৰ গুৰুত্বপূৰ্ণ সমিতিৰ অংশ হৈ আহিছে ।

লগতে পঢ়ক: দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ ৰাজপাল যাদৱৰ পিতৃ নৌৰাং যাদৱৰ