সন্ত্ৰাসবাদীক ধিক্কাৰ দি স্তব্ধ হৈ পৰিল জম্মু-কাশ্মীৰ
পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে বিভিন্ন সংগঠনে জনোৱা জম্মু-কাশ্মীৰ বন্ধৰ প্ৰতি সকলো পক্ষৰ সমৰ্থন ।

Published : April 23, 2025 at 2:05 PM IST
শ্ৰীনগৰ: পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে স্তব্ধ হৈ পৰিছে জম্মু-কাশ্মীৰ । বুধবাৰে পহলগামৰ ঘটনাৰ প্ৰতিক্ৰিয়াস্বৰূপে বিভিন্ন সংগঠনে জম্মু-কাশ্মীৰ বন্ধৰ আহ্বান জনায় । পুৱাৰে পৰা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে । বন্ধৰ প্ৰতি ব্যাপক সমৰ্থন আগবঢ়ালে ৰাজনৈতিক, ধৰ্মীয় আৰু নাগৰিক সমাজে । ইফালে আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ মঙলবাৰে সন্ধিয়া শ্ৰীনগৰত উপস্থিত হয় আৰু মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই তেওঁক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে । নিশা শ্বাহে ৰাজভৱনত এক উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠকৰ আহ্বান জনায় । য'ত লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহা, আৰক্ষী সঞ্চালক প্ৰধান নলিন প্ৰভাত আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে । গৃহ মন্ত্ৰীগৰাকী বুধবাৰে পহলগামৰ আক্ৰমণস্থলী পৰিদৰ্শন কৰে ।
মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই আক্ৰমণক শেহতীয়া বছৰবোৰত সাধাৰণ নাগৰিকৰ ওপৰত আটাইতকৈ ডাঙৰ আক্ৰমণ বুলি অভিহিত কৰিছে । Xৰ এটা পোষ্টত তেওঁ লিখিছে, "মই বিশ্বাস কৰিব পৰা নাই । আমাৰ পৰ্যটকৰ ওপৰত এই আক্ৰমণ ঘৃণনীয় । এই আক্ৰমণৰ অপৰাধীসকল হৈছে পশু, অমানৱীয় আৰু অৱমাননাৰ যোগ্য । নিন্দাৰ কোনো শব্দই পৰ্যাপ্ত নহয় । মই মৃতকৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো ।"
প্ৰতিবাদত উত্তাল জম্মু-কাশ্মীৰ
সমগ্ৰ কাশ্মীৰ আৰু জম্মু অঞ্চলত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা গৈছে । সকলো বজাৰ, বিদ্যালয়, পৰিবহণ সেৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠান বন্ধ ৰখা হৈছে । ৰাজনৈতিক দলৰ পৰা ধৰ্মীয় সংগঠন আৰু বাণিজ্যিক সংগঠনলৈকে সকলোৱে এই ঘটনাক নিন্দা কৰিছে । মুটাহিদা মজলিছ উলেমা (এম এম ইউ)ৰ মুৰব্বী মিৰৱাইজ উমাৰ ফাৰুকে Xৰ পোষ্টত এক বিবৃতি জাৰি কৰিছে, "যিয়ে এজন নিৰীহ আত্মাক হত্যা কৰে...তেওঁ মানৱজাতিক সম্পূৰ্ণৰূপে ধ্বংস কৰে । ৰক্তাক্ত কাশ্মীৰৰ ইতিহাসত হত্যাযজ্ঞৰ আন এটা দিন । ইছলামত এনে বীভৎসতা ঘৃণাৰ যোগ্য । আমি জম্মু কাশ্মীৰৰ লোকসকলক এই জঘন্য অপৰাধৰ শান্তিপূৰ্ণ প্ৰতিবাদ কৰিবলৈ অনুৰোধ জনাইছো ।"
পি ডি পিৰ সভাপতি মেহবুবা মুফতীয়েও শোক প্ৰকাশ কৰি কয়, "পহলগামত হোৱা নিৰ্মম আক্ৰমণত নিৰীহ লোকৰ প্ৰতি সন্মান জনাই এই বন্ধক সমৰ্থন কৰিবলৈ মই সকলো কাশ্মীৰীক একত্ৰিত হ'বলৈ আহ্বান জনাইছো । এয়া কেৱল নিৰ্বাচিত কেইজনমানৰ ওপৰত আক্ৰমণ নহয়- ই আমাৰ সকলোৰে ওপৰত আক্ৰমণ ।" জম্মু আৰু কাশ্মীৰ নেশ্যনেল কনফাৰেন্সে (জে কে এন চি) Xৰ এটা পোষ্টত লিখিছে, "পৰ্যটকৰ হত্যা ঘৃণনীয় আৰু আমাৰ সংস্কৃতি আৰু মূল্যবোধৰ বিৰোধী । আমি এই জঘন্য ঘটনাক গৰিহণা দিছো আৰু শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো । সভ্য সমাজত হিংসাৰ কোনো স্থান নাই ।"
বন্ধৰ প্ৰতি সকলো পক্ষৰ সমৰ্থন
জম্মুত চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে (চি চি আই) ভি এইচ পি, বজৰং দল আৰু বাৰ এছ'চিয়েচনৰ দৰে গোটৰ সমৰ্থনত বন্ধৰ আহ্বান জনাইছিল । চি চি আইৰ সভাপতি অৰুণ গুপ্তাই এই আক্ৰমণক "মানৱতা আৰু পৰ্যটনৰ মনোভাৱৰ ওপৰত এক বৰ্বৰ আক্ৰমণ" বুলি অভিহিত কৰিছে । জম্মু-কাশ্মীৰৰ ব্যক্তিগত বিদ্যালয় সংস্থাইও সকলো প্ৰতিষ্ঠান বন্ধ ৰখাৰ কথা ঘোষণা কৰে । পি এছ এ জে কেৰ সভাপতি জি এন ভাৰে কয়, "আমি সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছো আৰু ভুক্তভোগীসকলৰ সৈতে একত্ৰিত হৈ থিয় দিছো । আমাৰ বিদ্যালয়সমূহ বন্ধ কৰাটো আমাৰ দুখ আৰু ক্ষোভ প্ৰকাশ কৰাৰ এক সাধাৰণ অঙ্গীকাৰ ।" জম্মু আৰু কাশ্মীৰ পৰিবহণ কল্যাণ সংস্থাই 'চকা বন্ধ' ঘোষণা কৰে, যাৰ ফলত সমগ্ৰ উপত্যকাত ৰাজহুৱা পৰিবহণ স্থগিত ৰখা হয় ।
একত্ৰিত স্থানীয় লোক আৰু পৰ্যটক
ভয়ংকৰ পৰিস্থিতি স্বত্বেও স্থানীয় লোকসকলে পৰ্যটকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে । ঘটনাৰ বহু ভুক্তভোগীয়ে আৱাসী আৰু সুৰক্ষা বাহিনীৰ দ্ৰুত সঁহাৰিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে । হাৰিয়ানাৰ এগৰাকী পৰ্যটকে কৈছে, "আমি ইয়াত সুৰক্ষিত অনুভৱ কৰোঁ । স্থানীয় লোকে কোনো দ্বিধা অবিহনে আমাক সহায় কৰিছে ।" ইফালে প্ৰশাসনে নিৰাপত্তা বৃদ্ধি কৰিছে, আইন-শৃংখলা নিশ্চিত কৰাৰ বাবে সংবেদনশীল অঞ্চলসমূহত অতিৰিক্ত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছে ।
লগতে পঢ়ক :শ্ৰীনগৰ বিমানবন্দৰত নিৰীহ পৰ্যটকৰ নশ্বৰদেহ; জম্মুত তীব্ৰতৰ অভিযান - PAHALGAM TERROR ATTACK

