বাৰাণসী : ৱাকফ (সংশোধনী) বিধেয়ক-২০২৫ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মাৰিলে মোহৰ । ইতিমধ্যে সকলোৰে জ্ঞাত যে শনিবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৱাকফ (সংশোধনী) বিধেয়ক-২০২৫ত অনুমোদন জনায় । অৰ্থাত্ ৱাকফ বিধেয়ক ২০২৫ৰ প্ৰতি ৰাষ্ট্ৰপতিগৰাকীয়েও সন্মতি প্ৰদান কৰিছে ।
বৰ্তমান আইনত পৰিণত হোৱা ৱাকফ (সংশোধনী) বিধেয়ক-২০২৫ক লৈ সমগ্ৰ দেশতে এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে । কিন্তু ইয়াৰ মাজতে কাশীত দেখা গ'ল এক ব্য়তিক্ৰমী পৰিৱেশ । আজি (দেওবাৰ) ৰাম নৱমী উপলক্ষে মুছলমান সম্প্ৰদায়ৰ বহু মহিলাই হিন্দু লোকৰ সৈতে একেলগে শ্ৰীৰামৰ মহা আৰতি কৰা দেখা গ'ল । বাৰাণসীত মুছলিম মহিলা ফাউণ্ডেশ্যন আৰু বিশাল ভাৰত সংস্থাৰ যৌথ তত্বাৱধানত ভগৱান শ্ৰীৰামৰ মহা আৰতিৰ আয়োজন কৰে মুছলমান মহিলাসকলে ।

শ্ৰীৰামৰ মহা আৰতিৰ বাবে মুছলমান মহিলাসকলে সু-সজ্জিত থালি, সুন্দৰ ৰংগোলী, উৰ্দু ভাষাতে 'শ্ৰীৰাম' লিখি মুছলমান মহিলাসকলে মনৰ ভক্তি ভাব প্ৰকাশ কৰে । কেৱল এইবছৰেই নহয়, বিগত ১৯ বছৰ ধৰি বাৰাণসীৰ মুছলমান মহিলাসকলে ৰাম নৱমীৰ দিনা ভগৱান শ্ৰীৰামক আৰতি কৰি ধৰ্মীয় সম্প্ৰীতিৰ বাৰ্তা দি আহিছে ।

লগতে পঢ়ক : ৱাকফ বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ; মছজিদত ক'লা বেজ পৰিধান কৰা ২৪ লোকলৈ জাননী জাৰি লগতে পঢ়ক : ৱাকফ সংশোধনী বিধেয়কক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত সাংসদ ওৱেইচি |
দেওবাৰে মুছলমান মহিলাসকলে ভগৱান শ্ৰীৰামৰ আৰতি প্ৰদৰ্শন কৰাৰ লগতে ৱাকফ সংশোধনী বিধেয়ককো সমৰ্থন কৰে বুলি মন্তব্য কৰে । মুছলিম উইমেন ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় সভানেত্ৰী নাজনিয়েন আনছাৰীয়ে কয়, ''সকলো মহিলাই ভগৱান শ্ৰীৰামৰ আৰতি প্ৰদৰ্শন কৰে । আমিও উৰ্দু ভাষাত ৰামজীৰ আৰতি লিখি প্ৰাৰ্থনা কৰিছো । ৰাম জীৰ জন্মদিন উপলক্ষে সকলোৱে জয় সীয়ামৰ শ্ল'গানো দিয়ে ।''

- আমি সকলো ভগৱান শ্ৰীৰামৰ বংশধৰ :
নাজনীন আনছাৰীয়ে কয়, ''আৰব, তুৰ্কী, মোগল আক্ৰমণকাৰী আহিছিল, আক্ৰমণ কৰিছিল, শাসন কৰিছিল আৰু বহুতে ধৰ্ম সলনি কৰিছিল । কিন্তু আমি কেতিয়াও আৰব আৰু তুৰ্কীৰ সংস্কৃতি মানি লোৱা নাছিলো । ৰাম ভাৰতীয় সংস্কৃতিৰ সমাৰ্থক । তেওঁ আমাৰ পূৰ্বপুৰুষ । আমি আমাৰ পৰম্পৰা আৰু পূৰ্বপুৰুষক কেনেকৈ সলনি কৰিব পাৰো ? আমি যেতিয়াই ভগৱান ৰামৰ আৰতি কৰো তেতিয়াই আমাৰ পূৰ্বপুৰুষৰ আত্মাই শান্তি লাভ কৰে ।''

''কেৱল আমিয়েই নহয়, আমাৰ পূৰ্বপুৰুষ ৰাম ভক্ত আছিল । আজি আমি ৱাকফ ব'ৰ্ডৰ সংস্কাৰত সুখী হৈছো । মুছলমান মহিলাই পাইছে অধিকাৰ । কেৱল ৰামৰ নামেৰেহে সংঘাতৰ অন্ত পৰিব । ৱাকফ বিধেয়ক গৃহীত হোৱাৰ বাবেই সকলোৱে আৰতি কৰি ভগৱান ৰামক ধন্যবাদ জনাইছে । তেওঁৰ কৃপাত সকলো সম্ভৱ হৈছে ।'' নাজনীন আনছাৰীয়ে কয় ।

- মুছলমান মহিলাই আৰতিৰে ৱাকফ বিধেয়কক সমৰ্থন কৰিলে :
বিশাল ভাৰত সংস্থাৰ ড০ নাজমা পাৰবীনে কয়, ''ৰাম নৱমী আমাৰ দেশৰ সংস্কৃতিৰ এক অংগ । ভগৱান ৰামৰ আশীৰ্বাদত মুছলমান মহিলাৰ সমৰ্থনত ট্ৰিপল তালাক বিল আৰু ৱাকফ বিল গৃহীত হয় ।''

বিশাল ভাৰত সংস্থাৰ ৰাষ্ট্ৰীয় সভাপতি ড০ ৰাজীৱে কয়, ''ৰামজীৰ জন্মদিন উদযাপন কৰাটো হাজাৰ হাজাৰ বছৰৰ এক পৰম্পৰা । প্ৰতিজন ভাৰতীয়ই ইয়াক উদযাপন কৰি আহিছে । মুছলমান মহিলাসকলে এই পৰম্পৰাক জীয়াই ৰাখিছে । ইয়াৰ দ্বাৰা সমগ্ৰ বিশ্বলৈ ঐক্য, প্ৰেম আৰু সদিচ্ছাৰ বাৰ্তা প্ৰেৰণ কৰা হয় । এয়াই বৰ্তমান সময়ৰ বাবে প্ৰয়োজনীয় এক বাৰ্তা । ভগৱান ৰাম নাম ল'লে ঘৃণা নাইকীয়া হয় । প্ৰতিখন দেশে শ্ৰীৰামচৰিত মানসক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে ।''