ETV Bharat / bharat

বিড়ম্বনা ! এইবাৰ বিমান বন্দৰৰ গেটৰ চাবিটোকে হেৰাই থাকিল

আধা ঘণ্টা যাত্ৰীসকল আৱদ্ধ হৈ থকাৰ অন্তত তলাটো ভাঙিহে বিমান বন্দৰ কৰ্তৃপক্ষই গেটখন খুলিবলগীয়া হয় ৷

LAL BAHADUR SHASTRI AIRPORT
বিড়ম্বনা ! এইবাৰ বিমান বন্দৰৰ গেটৰ চাবিটোকে হেৰাই থাকিল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 4, 2024 at 11:31 AM IST

2 Min Read
Choose ETV Bharat

বাৰাণসী: বিড়ম্বনা ! মস্ত বিড়ম্বনা ! তাকো বিমান বন্দৰত ৷ কেতিয়াবা যদি অমুক বিমানত বোমা আছে, তমুক বিমানত বোমা আছে বুলি দিল্লীৰ বিমানবন্দৰলৈ অজ্ঞাত ব্যক্তিৰ ফোন আহে, আন কেতিয়াবা আকৌ তেনেকুৱা ফোন এটা আহে মুম্বাই বা গুৱাহাটীৰ বিমান বন্দৰলৈ ৷ লগে লগে বোমা বিচাৰি চি আই এছ এফৰ হাহাকাৰ লাগে ৷ বিড়ম্বনা হয় যাত্ৰীৰ ৷ এইবাৰ অৱশ্যে বোমা নহয়, আন এটা ঘটনাহে ঘটিল ৷

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ IX 184 নম্বৰৰ বিমানখনে পেটত 186 গৰাকী যাত্ৰী লৈ দেওবাৰে বিয়লি 5.50 বজাত নামিছিলহি উত্তৰ প্ৰদেশৰ বাবটপুৰৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তৰ্জাতিক বিমান বন্দৰত ৷ বিমানৰ পৰা নামি যাত্ৰীসকল আহিল গেটলৈ ৷ কিন্তু আহি দেখে গেট বন্ধ ৷ গেটত মস্ত তলা ৷ গেট খুলিব খুলিব বুলি বহু সময় অপেক্ষা কৰি এটা সময়ত অতিষ্ঠ হ'ল যাত্ৰীসকল ৷

এটা সময়ত বিমান বন্দৰটোৰ সঞ্চালক পুনীত গুপ্তাৰ পৰা খবৰ লৈ আহি বিমান বন্দৰ কৰ্তৃপক্ষৰ ফালৰ পৰা এজনে ক্ষুব্ধ যাত্ৰীসকলক জনালেহি যে আগমন গেটৰ চাবিটো হেৰোৱাৰ বাবেই গেটখন খুলিব পৰা হোৱা নাই ৷ এনেদৰে প্ৰায় আধা ঘণ্টা যাত্ৰীসকল আৱদ্ধ হৈ থকাৰ অন্তত তলাটো ভাঙিহে বিমান বন্দৰ কৰ্তৃপক্ষই গেটখন খুলিবলগীয়া হয় ৷ অৱশ্য বিমান বন্দৰ কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে যে কাৰ ভুলৰ বাবে এই ঘটনা ঘটিল তাৰ এখ উচিত তদন্ত কৰা হ'ব ৷

লগতে পঢ়ক: মাজ আকাশত বিমান, তাতে আকৌ নাই এ চি : তেনেকৈয়ে উৰি থাকিল ১ ঘণ্টা ৫ মিনিট