ETV Bharat / bharat

গৰমৰ পৰা সামান্য সকাহ পাব ৰাজ্যবাসীয়ে ! বৃষ্টিপাতৰ সম্ভাৱনা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ - WEATHER REPORT

উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সাতখনতকৈও অধিক ৰাজ্যত গৰমৰ প্ৰকোপ । সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ।

Vagaries Of Weather
বতৰ বিজ্ঞান কেন্দ্ৰ (ANI Photo)
author img

By ETV Bharat Assamese Team

Published : April 8, 2025 at 3:36 PM IST

3 Min Read

নতুন দিল্লী: উত্তৰ আৰু মধ্য ভাৰতৰ ৰাজ্যসমূহত বৃদ্ধি পাইছে তীব্ৰ গৰমৰ প্ৰকোপ । অৱশ্যে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত ৰূপ সলনি কৰিছে বতৰে । দক্ষিণ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহ সন্মুখীন হৈছে ধুমুহা আৰু বৰষুণৰ ।

চলিত সপ্তাহত দক্ষিণ ভাৰত, তামিলনাডু, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ লগতে উত্তৰ-পূবৰ ৰাজ্য বিশেষকৈ অসম আৰু মেঘালয়ত ধুমুহা, বজ্ৰপাতৰ সৈতে বৃষ্টিপাতৰ সম্ভাৱনা আছে । পূব বিহাৰৰ পৰা তেলেংগানালৈকে বিস্তৃত হৈ থকা বংগ উপসাগৰত সৃষ্টি হ'বলগা ঘূৰ্ণীবতাহৰ বাবে ৰাজ্যকেইখনত বতৰৰ সালসলনি ঘটিব পাৰে ।

৮ এপ্ৰিলত অসম, মেঘালয় আৰু বিহাৰৰ কোনো কোনো অঞ্চলত বৰষুণৰ লগতে শিলাবৃষ্টিৰো আশংকা কৰা হৈছে । আনহাতে, ৯ এপ্ৰিলত ঝাৰখণ্ডত ইয়াৰ প্ৰভাৱ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে । বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা ধৰণে বতৰৰ সালসলনি ঘটিলে ৰাজ্যবাসীয়ে গৰমৰ পৰা কিছু পৰিমাণে সকাহ পাব ।

আনহাতে, দিল্লী, ৰাজস্থান, গুজৰাটকে ধৰি সাতখনতকৈও অধিক ৰাজ্যত প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ বাবে আগতীয়াকৈ জাৰি কৰা হৈছে সতৰ্কতাবাণী । বহু চহৰত উষ্ণতা ক্ৰমান্বয়ে আকাশলংঘী হৈছে । দেশৰ বতৰ বিজ্ঞান বিভাগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ।

দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত বিগত ৩ এপ্ৰিলত পাৰাস্তম্ভই স্পৰ্শ কৰিছিল ৪০.২ ডিগ্ৰী চেলছিয়াছ, যিটো স্বাভাৱিকতকৈ পাঁচ ডিগ্ৰী অধিক । চলিত সপ্তাহত এন চি আৰত পাৰাস্তম্ভ ৪২ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । তাৰ পিছৰটো সপ্তাহৰ শেষৰফালে অৱশ্যে সামান্য সকাহ পোৱাৰ সম্ভাৱনা আছে জনসাধাৰণে ।

আনহাতে, ৰাজস্থানতো পাৰাস্তম্ভ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই ৮ এপ্ৰিলৰ দিনটোৰ বাবে অৰেঞ্জ এলাৰ্ট আৰু পৰৱৰ্তী দুদিনৰ বাবে য়েল্ল এলাৰ্ট পূৰ্বতেই জাৰি কৰিছিল । ১০ এপ্ৰিললৈকে চুবুৰীয়া ৰাষ্ট্ৰ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, গুজৰাট আৰু মধ্যপ্ৰদেশৰ বাহিৰেও পশ্চিম ৰাজস্থানৰ কিছু অংশত গৰম বতাহ বোৱাৰ সম্ভাৱনা আছে ।

দিনৰ সমান্তৰালকৈ ৰাজস্থান, মধ্যপ্ৰদেশ আৰু গুজৰাটৰ সৌৰাষ্ট্ৰ আৰু কচ্চ অঞ্চলত নিশাৰ ভাগতো উষ্ণতা বৃদ্ধিৰ সম্ভাৱনা আছে । ইয়াৰোপৰি উপকূলীয় অঞ্চল যেনে- গুজৰাট, কংকন আৰু গোৱাত গৰম আৰু শুকান বতৰ হোৱাৰ সম্ভাৱনাই অধিক ।

দেশৰ সদাব্যস্ত চহৰ মুম্বাইত মঙলবাৰৰ দিনটোৰ আৰম্ভণিতে বতৰ ফৰকাল হৈ থাকে যদিও তাপমাত্ৰাই স্পৰ্শ কৰে ৩১ ডিগ্ৰী চেলছিয়াছ, চহৰখনৰ আৰ্দ্ৰতা হৈছে ৪৯ শতাংশ । দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলছিয়াছ হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে । বুধবাৰৰ দিনটোতো তাপমাত্ৰা একে থকাৰ সম্ভাৱনা আছে ।

ৰাজধানী দিল্লীত মঙলবাৰৰ দিনটোত বায়ুৰ গুণাগুণৰ সূচনাংক ২১৬(বেয়া), যিটো সোমবাৰৰ দিনটোৰ তুলনাত সামান্য উন্নতি হৈছে । অৱশ্যে বৃহস্পতিবাৰৰ পৰা দিল্লীৰ আকাশত ডাৱৰ দেখা পোৱাৰ লগতে বতাহ বলাৰ সম্ভাৱনা আছে ।

বতৰ বিজ্ঞানীসকলে গৰমৰ পৰা হাত সাৰিবলৈ সাধাৰণ লোকসকলক দিনৰ ভাগত বাহিৰৰ কাম-কাজৰ পৰা আঁতৰি থকাৰ পৰামৰ্শ প্ৰদান কৰিছে । লগতে লঘু কাপোৰ পিন্ধিবলৈ আৰু পানী সমৃদ্ধ খাদ্য গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । শিশু আৰু বৃদ্ধসকলৰ ক্ষেত্ৰত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।

লগতে পঢ়ক: ক'ত নিৰ্মাণ হ'ব দেশৰ সৰ্ববৃহৎ ফলৰ বজাৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.