ETV Bharat / bharat

উত্তৰাখণ্ড হিমস্খলনত আবদ্ধ ৪৭ শ্ৰমিক উদ্ধাৰ, এতিয়াও আবদ্ধ ৮

উত্তৰাখণ্ড হিমস্খলনত আবদ্ধ শ্ৰমিক ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ পৰা উদ্ধাৰ অভিযান সন্দৰ্ভত শেহতীয়া সকলো তথ্য লয় ।

Badrinath Avalanche
আবদ্ধ কৰ্মীক উদ্ধাৰৰ পিছত চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা (X@chamolipolice)
author img

By ETV Bharat Assamese Team

Published : March 1, 2025 at 1:37 PM IST

4 Min Read
Choose ETV Bharat

চামোলী : উত্তৰাখণ্ডৰ হিমস্খলনৰ ঘটনাত আবদ্ধ হৈ থকা আৰু ১৪ জন কৰ্মীক উদ্ধাৰ । চামোলী জিলাৰ মানা গাঁৱত কেইবা ফুট ওখকৈ পৰা বৰফৰ তলত আবদ্ধ হৈ থকা বাকী আন ২২ জন কৰ্মীৰ ভিতৰত এই ১৪ জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় সীমান্ত পথ সংস্থা চমুকৈ বি আৰ অ'ৰ উদ্ধাৰকাৰী দলে ।

শনিবাৰে পুৱা বতৰ পৰিষ্কাৰ হোৱাৰ লগে লগে তেওঁলোকক উদ্ধাৰ কৰা হয় । উদ্ধাৰ অভিযানত বৰ্তমান হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে ।

উল্লেখ্য যে উত্তৰাখণ্ডৰ চামোলি জিলাৰ বদ্ৰীনাথ ধামৰ ওচৰৰ মানা গাঁৱৰ ওচৰত শুকুৰবাৰে এটা হিমবাহ হ্ৰদ ভাঙি পৰাত কমেও ৫৫ জন বি আৰ অ' কৰ্মী বৰফৰ স্তূপৰ তলত আবদ্ধ হৈ পৰে । এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ ৩৩ জনক উদ্ধাৰ কৰে । কিন্তু বৰষুণ আৰু তুষাৰপাতৰ ফলত উদ্ধাৰকাৰ্যত বাধাৰ সৃষ্টি হয় আৰু নিশা হোৱাৰ লগে লগে উদ্ধাৰ অভিযান স্থগিত ৰখা হয় ।

ইফালে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শনিবাৰে চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযানৰ বিষয়ে বিতং তথ্য সংগ্ৰহ কৰে । তেওঁ দুৰ্ঘটনাস্থলী পৰিদৰ্শনৰ বাবে চামোলীলৈ যাব বুলিও উল্লেখ কৰে । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ধাৰ অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰী ধামীৰ পৰা শেহতীয়া তথ্য সংগ্ৰহ কৰে ।

মুখ্যমন্ত্ৰী ধামীয়ে X-ৰ এটা পোষ্টত লিখিছে, "পুৱা টেলিফোনযোগে মই মানাৰ ওচৰত হিমস্খলনত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ চলোৱা সাহায্য আৰু উদ্ধাৰ অভিযানৰ বিষয়ে বিতং তথ্য লওঁ । মই কালি উদ্ধাৰ হোৱা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিকসকলক বিমানেৰে লৈ যাবলৈ বিষয়াসকলক নিৰ্দেশ দিছোঁ । ময়ো দুৰ্ঘটনাস্থলী পৰিদৰ্শনৰ বাবে চামোলীলৈ ওলাইছো ।"

"বতৰ পৰিষ্কাৰ হোৱাৰ লগে লগে সাহায্য আৰু উদ্ধাৰ অভিযান ত্বৰান্বিত কৰা হৈছে । ভগৱান বদ্ৰীৰ আশীৰ্বাদ আৰু উদ্ধাৰকাৰী কৰ্মীসকলৰ অক্লান্ত প্ৰচেষ্টাৰ জৰিয়তে যিমান সম্ভৱ সোনকালে বৰফত আবদ্ধ হৈ থকা সকলো শ্ৰমিকক উদ্ধাৰৰ চেষ্টা কৰা হৈছে ।" তেওঁ লগতে কয় ।

ইফালে হেলিকপ্টাৰ সেৱা আৰম্ভ হোৱাৰ বাবে তিনিজন আহত ব্যক্তিক যোশীমঠৰ সামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে । চামোলী জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া এন কে যোশীয়ে কয় যে মানাস্থিত সেনা আৰু ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ (আই টি বি পি) জোৱানসকলে উদ্ধাৰ অভিযান পুনৰ আৰম্ভ কৰিছে ।

উত্তৰাখণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা এখন তালিকা অনুসৰি, আবদ্ধ শ্ৰমিকসকল বিভিন্ন ৰাজ্যৰ । তাৰে ভিতৰত বিহাৰ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, পঞ্জাব আৰু জম্মু-কাশ্মীৰৰ বাসিন্দাৰ নাম উল্লেখ আছে যদিও 10 জন শ্ৰমিক কোন ৰাজ্যৰ সেই বিষয়ে কোনো তথ্য নাই ।

উত্তৰাখণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা সচিব বিনোদ কুমাৰ সুমনে কয় যে উদ্ধাৰ আৰু সাহায্য অভিযান দ্ৰুতগতিত চলি আছে । "তাত প্ৰতিকূল বতৰ অব্যাহত আছে । মুখ্যমন্ত্ৰীয়ে নিৰন্তৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে । তেওঁ কালি দুবাৰ নিয়ন্ত্ৰণ কক্ষলৈ গৈছিল । তেওঁ সকলোবোৰৰ ওপৰত এক বিতং আপডেট বিচাৰিছিল । উদ্ধাৰ আৰু সাহায্য অভিযান দ্ৰুতগতিত চলি আছে ।" বিনোদ কুমাৰ সুমনে কয় ।

তেওঁ লগতে উল্লেখ কৰে যে উদ্ধাৰ অভিযানৰ বাবে ২০০ তকৈও অধিক লোক ঘটনাস্থলীলৈ প্ৰেৰণ কৰিবলৈ সাজু কৰি ৰখা হৈছে ।

"চাৰিখন হেলিকপ্টাৰ অভিযানত আছে । যদি প্ৰয়োজন হয়, অধিক ব্যৱহাৰ কৰা হ'ব । ভাৰতীয় বায়ুসেনাৰ এখন এম আই-17 হেলিকপ্টাৰ সাজু কৰি ৰখা হৈছে; বতৰ পৰিষ্কাৰ হোৱাৰ পিছত সেইখনো উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হ'ব । যোশীমঠত বতৰ পৰিষ্কাৰ হৈ আছে । আমি মানাৰ ওচৰত এটা হেলিপেড স্থাপন কৰি আছো । কাৰণ আমাৰ হেলিপেডখন বৰফেৰে আবৃত হৈ আছে । বৰফ আঁতৰোৱাৰ কাম চলি আছে । আমি আশা কৰো যে হেলিপেড প্ৰস্তুত হোৱাৰ পিছত উদ্ধাৰ আৰু সাহায্য অভিযান আৰু দ্ৰুত হ'ব ।" সুমনে লগতে কয় ।

লগতে পঢ়ক :উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলনত পোত গ’ল 57 গৰাকী শ্ৰমিক, 33 জনক উদ্ধাৰ - GLACIER BURST IN UTTARAKHAND
লগতে পঢ়ক :তেলেংগানা সুৰংগ দুৰ্ঘটনা; বোকা-আৱৰ্জনাৰ অৱৰোধ ভেদি উদ্ধাৰ অভিযানত গুৰুত্বপূৰ্ণ অগ্ৰগতি - SLBC TUNNEL COLLAPSE