নতুন দিল্লী : চাৰিদিনীয়া ভাৰত ভ্ৰমণৰ বাবে সোমবাৰে নতুন দিল্লীত উপস্থিত হয় আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স । ভ্যান্সৰ সৈতে ভাৰতীয় মূলৰ পত্নী উষা চিলুকুৰি আৰু তেওঁলোকৰ তিনি সন্তান ইভান, বিবেক, মিৰাবেল আৰু আমেৰিকা চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰ এটা প্ৰতিনিধি দলো আছে ।
পুৱা প্ৰায় ১০ বজাত দিল্লীৰ পালাম এয়াৰবেছত আমেৰিকান নেতাগৰাকীৰ আগমনৰ লগে লগে আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় । কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আদৰণি জনাই আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীক । ছ’চিয়েল মিডিয়াত এটা পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে ভাৰতত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স, তেওঁৰ পত্নী উষা ভ্যান্স আৰু আমেৰিকাৰ প্ৰতিনিধি দলটোক অতি উষ্ম আদৰণি জনোৱা হৈছে ।
A very warm welcome to @VP JD Vance, @SLOTUS Mrs. Usha Vance, & the U.S. 🇺🇸 delegation to 🇮🇳! Received by Minister of Railways and I&B @AshwiniVaishnaw at the airport.
— Randhir Jaiswal (@MEAIndia) April 21, 2025
The Official Visit (21–24 Apr) spanning Delhi, Jaipur & Agra is expected to further deepen the India–U.S.… pic.twitter.com/EAb8eto33N
ভাৰতীয় পৰম্পৰাগত সাজ-পোছাক পৰিধান ভ্যান্সৰ পুত্ৰ-কন্যাৰ
আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি ভ্যান্সে ভাৰতীয় মূলৰ পত্নী উষা ভ্যান্সৰ সৈতে বিমান বন্দৰত অৱতৰণ কৰা সময়ত দম্পতীটোৰ তিনি সন্তানে নিজৰ সাজ-পোছাকেৰে উপস্থিত লোকক মন্ত্ৰমুগ্ধ কৰি তুলিছিল । ইভান, বিবেক আৰু কণমানি মেৰিবেলে ভাৰতীয় পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিছিল ৷ দুই পুত্ৰই ক্ৰমে নীলা আৰু উজ্জ্বল হালধীয়া ৰঙৰ কুৰ্তা-পায়জামা আৰু কণমানি কন্যা সন্তানে নীলা ৰঙৰ এম্ব্ৰয়দাৰী কৰা অনাৰকলি জেকেট ছুট পৰিধান কৰি আহিছিল ।

ইফালে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৰঙা টাইৰ সৈতে ক্লাছিক নেভি ব্লু ছুট পিন্ধিছিল, আনহাতে উষা ভ্যান্সক বগা অভাৰকোটৰ সৈতে ৰঙা বডিকন ড্ৰেছত মাৰ্জিত দেখা গৈছিল ।
অক্ষৰধাম মন্দিৰ দৰ্শন ভ্যান্স দম্পতিৰ
আগমনৰ কিছু সময়ৰ পাছতে ভ্যান্স পৰিয়ালে ইয়াৰ বিখ্যাত অক্ষৰধাম মন্দিৰ দৰ্শন কৰে । দিল্লীত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি আৰু তেওঁৰ পৰিয়াল আই টি চি মৌৰ্য শ্বেৰাটন হোটেলত থাকিব ।

আজি প্ৰধানমন্ত্ৰীৰ লগত বৈঠকত মিলিকত হ’ব ভ্যান্স
ইফালে আজি সন্ধিয়া ৬:৩০ বজাত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ, ৭ লোক কল্যাণ মাৰ্গত উপ-ৰাষ্ট্ৰপতি ভ্যান্স আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । বৈঠকৰ পিছতে ভ্যান্সৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় মোহন কোৱাট্ৰাই এই আলোচনাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।
এই বৈঠকৰ কেন্দ্ৰবিন্দু হ’ব প্ৰস্তাৱিত দ্বিপাক্ষিক বাণিজ্য চুক্তিখন আগতীয়াকৈ চূড়ান্ত কৰাৰ লগতে দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নত কৰা । দিল্লীৰ উপৰিও ভ্যান্স আৰু তেওঁৰ পৰিয়ালে জয়পুৰ আৰু আগ্ৰালৈ যাত্ৰা কৰিব ।
ভাৰতকে ধৰি প্ৰায় ৬০খন দেশৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ব্যাপক শুল্ক ব্যৱস্থা আৰোপ কৰাৰ আৰু তাৰ পিছত স্থগিত ৰখাৰ কেইসপ্তাহমানৰ পিছতে ভ্যান্সে ভাৰত ভ্ৰমণ কৰে । নতুন দিল্লী আৰু ৱাশ্বিংটনে এতিয়া দ্বিপাক্ষিক বাণিজ্যিক চুক্তি চূড়ান্ত কৰাৰ বাবে আলোচনাত মিলিত হৈছে, য’ত শুল্ক আৰু বজাৰত প্ৰৱেশকে ধৰি কেইবাটাও সমস্যাৰ সমাধান হ’ব বুলি আশা কৰা হৈছে ।

জয়পুৰ আৰু আগ্ৰালৈও যাব ভ্যান্স দম্পতী
সোমবাৰে নিশা ভ্যান্স আৰু তেওঁৰ পৰিয়াল জয়পুৰলৈ ৰাওনা হ’ব । তেওঁলোকে ২২ এপ্ৰিলত জয়পুৰৰ আমেৰ দুৰ্গ (আম্বাৰ দুৰ্গ বুলিও কোৱা হয়) লগতে কেইবাটাও ঐতিহাসিক স্থান পৰিদৰ্শন কৰিব । এই দুৰ্গটো ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভূক্ত ।
বিয়লি জয়পুৰৰ ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত এখন সভাত ভাষণ দিব আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে । ভাষণৰ সময়ত ভ্যান্সে ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ অধীনত ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ ব্যাপক দিশসমূহৰ ওপৰত আলোচনা কৰিব, য’ত কূটনীতিবিদ, বৈদেশিক নীতি বিশেষজ্ঞ, ভাৰত চৰকাৰৰ বিষয়া আৰু শিক্ষাবিদসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।
এক সূত্ৰই জনোৱা মতে, ২৩ এপ্ৰিলৰ পুৱা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি আৰু তেওঁৰ পৰিয়াল আগ্ৰালৈ যাত্ৰা কৰিব । আগ্ৰাত তেওঁলোকে তাজমহল আৰু ভাৰতীয় বিভিন্ন শিল্পকৰ্ম প্ৰদৰ্শন কৰা মুকলি এম্পোৰিয়াম শিল্পগ্ৰাম পৰিদৰ্শন কৰিব ।
আগ্ৰা ভ্ৰমণ সমাপ্ত কৰাৰ পিছত ২৩ এপ্ৰিলৰ দ্বিতীয়াৰ্ধত জয়পুৰলৈ উভতি আহিব ভ্যান্স । সূত্ৰটোৱে জনোৱা মতে, অহা ২৪ এপ্ৰিলত জয়পুৰৰ পৰা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি ভ্যান্স আৰু তেওঁৰ পৰিয়ালে আমেৰিকালৈ ৰাওনা হ’ব ।
উষা ভ্যান্সৰ ভাৰত ভ্ৰমণক লৈ উৎসাহিত অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবৰী জিলাৰ ভাদলুৰুৰ স্থানীয় বাসিন্দা
ভ্যান্স দম্পতীৰ ভাৰত ভ্ৰমণক লৈ উৎসুকতা বৃদ্ধি পাইছে অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবৰী জিলাৰ ভাদলুৰু নামৰ সৰু গাঁওখনৰ লোকসকলৰ মাজত ৷ ভাদলুৰুত উষা ভ্যান্সৰ পূৰ্বপুৰুষৰ ঘৰ আৰু স্থানীয় লোকসকলে আশাবাদী যে এই দম্পতীয়ে হয়তো আকস্মিকভাৱে গাঁওখন ভ্ৰমণ কৰিব । উষাৰ সাফল্যত অতি গৌৰৱ অনুভৱ কৰা গাঁওবাসীৰ মাজত এই ভ্ৰমণে উৎসাহ আৰু আৱেগৰ জোৱাৰৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক : শুল্ক নীতিৰ অস্থিৰতাৰ মাজতে সপৰিয়ালে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ