ETV Bharat / bharat

সাপ-ময়ূৰৰ দুৰ্বাদল যুঁজ, তাকো ১০০ ফুট গভীৰ কুঁৱাত; তাৰ পিছত কি হ'ল ?

এটা শুকান কুঁৱাত এটা ময়ূৰ আৰু সাপৰ মাজৰ যুদ্ধৰ এটা ভিডিঅ' শেহতীয়াভাৱে পোহৰলৈ আহিছে । ভিডিঅ'টোত দুয়োৱে দুয়োকে আক্ৰমণ কৰি থকা দেখা গৈছে ।

Barmer peacock snake fight
কুঁৱাৰ ভিতৰত সাপ-ময়ূৰৰ দুৰ্বাদল যুঁজ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 5, 2025 at 6:42 PM IST

2 Min Read
Choose ETV Bharat

বাড়মেৰ : ৰাজস্থানৰ বাড়মেৰ জিলাৰ পৰা এটা শিহৰণকাৰী ভিডিঅ' পোহৰলৈ আহিছে । ভিডিঅ'টোত ১০০ ফুট গভীৰ এটা শুকান কুঁৱাত আমাৰ দেশৰ ৰাষ্ট্ৰীয় পক্ষী এটা ময়ূৰ আৰু এডাল সাপৰ মাজত ব্যতিক্ৰমী যুঁজ দেখা গৈছে । অৱশ্যে ঘটনাটো কিছু দিন আগৰ যদিও ভিডিঅ'টো এতিয়াহে প্ৰকাশ পাইছে ।

ভিডিঅ'টোত সাপ-ময়ূৰে পৰস্পৰে যুঁজ দি থকা দেখা গৈছে । ইটোৱে সিটোৰ ওপৰত আক্ৰমণ কৰাৰ লগতে নিজকে সুৰক্ষিত কৰাৰো চেষ্টা কৰিছে ।

সাপ-ময়ূৰৰ দুৰ্বাদল যুঁজ, তাকো ১০০ ফুট গভীৰ কুঁৱাত; তাৰ পিছত কি হ'ল ? (ETV Bharat)

অঞ্চলটোৰ কোব্ৰামেন নামেৰে পৰিচিত মুকেশ মালীয়ে কয়, "প্ৰায় ৮-৯ দিন পূৰ্বে গেহুঁৰ গাঁৱত এটা শুকান কুঁৱাত এডাল সাপ আবদ্ধ হৈ থকাৰ খবৰ পাওঁ । ময়ূৰটো সম্ভৱত পানী খোৱাৰ বাবে কুঁৱাটোলৈ নামি গৈছিল আৰু সাপডাল পূৰ্বৰে পৰা তাত আছিল । কিন্তু কুঁৱাটোৰ গভীৰতা বেছি হোৱাৰ বাবে ময়ূৰটো বা সাপডাল বাহিৰলৈ ওলাই আহিব পৰা নাছিল । তেনে পৰিস্থিতিত দুয়োৰে জীৱনলৈ সংকট নামি আহিছিল ।"

ইয়াৰ পিছত মুকেশে দুয়োকে উদ্ধাৰ অভিযানত নামি পৰে । মুকেশে কয় যে তেওঁ প্ৰথমে সাপডাল উদ্ধাৰ কৰে আৰু পিছত ময়ূৰটোক কুঁৱাৰ পৰা বাহিৰ কৰি সুৰক্ষিত স্থানত এৰি দিয়া হয় ।

Barmer peacock snake fight
মূয়ৰটোক উদ্ধাৰৰ দৃশ্য (ETV Bharat)

তেওঁ আৰু কয় যে গাঁওবাসীৰ সহায়ত যেতিয়া তেওঁ উদ্ধাৰ অভিযানৰ বাবে কুঁৱাটোত নামিছিল, তেতিয়া তাত ময়ূৰ আৰু সাপৰ মাজত দুৰ্বাদল যুঁজ চলি আছিল । দুয়োৱে পৰস্পৰে যুঁজি আছিল আৰু লগে লগে নিজকে ৰক্ষা কৰাৰো চেষ্টা কৰি আছিল । ই এক অতি দুৰ্লভ দৃশ্য আছিল আৰু এই দৃশ্যাংশ তেওঁ কেমেৰাত বন্দী কৰিছে ।

Barmer peacock snake fight
কুঁৱাৰ ভিতৰত সাপ-ময়ূৰৰ যুঁজ (ETV Bharat)

উল্লেখ্য যে, গাঁওখনৰ এটা শুকান কুঁৱাত এটা ময়ূৰ আৰু এডাল সাপ আবদ্ধ হৈ থকাৰ কথা গাঁওবাসীয়ে গম পায় । ইয়াৰ পিছত তেওঁলোকে মুকেশক এই বিষয়ে অৱগত কৰে । পৰৱৰ্তী সময়ত গাঁওবাসীৰ সহায়ত মুকেশে ১০০ ফুট গভীৰ শুকান কুঁৱাটোত নামি প্ৰথমে সাপডাল আৰু পিছত ময়ূৰটোক সুৰক্ষিতভাৱে তাৰ পৰা বাহিৰ উলিয়াই আনে । এই সাহসিকতাৰ বাবে গাঁওবাসীয়ে মুকেশক প্ৰশংসা কৰে ।

লগতে পঢ়ক :মেকুৰীক প্ৰসাদ আৰু আশ্ৰয় প্ৰদানৰ বাবেই এটা মঠ ! ক'ত আছে আচৰিত লোকাচাৰৰ এই মঠ ? - BILEIKHIA MONASTERY CAT RITUALS
লগতে পঢ়ক :কাইলৈ ৰামেশ্বৰমত মোদীয়ে মুকলি কৰিব ভাৰতৰ প্ৰথম উলম্বভাৱে উত্তোলন কৰিব পৰা সাগৰীয় দলং - PAMBAN BRIDGE