৫০% শুল্কক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই; আমেৰিকাৰে সু-সম্পৰ্ক অব্যাহত বুলি ক’লে মন্ত্ৰী পীয়ুষ গোৱেলে
ভাৰত আৰু আমেৰিকাৰ মাজত শুল্কক লৈ আলোচনা অব্যাহত আছে । আমেৰিকাৰ শুল্ক কাৰ্যকৰী আৰু জি এছ টি সংশোধন একেলগে আকস্মিকভাৱে হৈছে ।

Published : September 5, 2025 at 10:10 AM IST
নতুন দিল্লী : ভাৰতীয় পণ্য সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক সন্দৰ্ভত আমেৰিকাৰ সৈতে ভাৰতৰ আলোচনা অব্যাহত আছে । কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱালে কয় যে ভাৰত আৰু আমেৰিকাই এক সমতাপূৰ্ণ, সুস্থিৰ আৰু ন্যায্য চুক্তিত স্বাক্ষৰ কৰিবলৈ আলোচনা অব্যাহত ৰাখিছে ।
ৰাইজক আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলিও মন্ত্ৰগৰাকীয়ে আশ্বাস প্ৰদান কৰে । বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পীয়ুষ গোৱেলে ভাৰত আৰু আমেৰিকাৰ মাজত সু-সম্পৰ্ক অব্যাহত আছে বুলি আশ্বাস দিয়ে ।
মন্ত্ৰীগৰাকীয়ে কয়, "মই নাভাবো যে আতংকিত হোৱাৰ কোনো প্ৰয়োজন আছে । আমি আলোচনালৈ অপেক্ষা কৰা উচিত । আমেৰিকাৰ সৈতে আমাৰ সম্পৰ্ক ভাল হৈ আছে আৰু মই নিশ্চিত যে আমি এনে কিছুমান সমস্যা সমাধান কৰি এক ন্যায্য, সুস্থিৰ চুক্তিত স্বাক্ষৰ কৰিব পাৰিম ।" আলোচনাৰ সময়সীমাৰ বিষয়ে সোধাত তেওঁ কয়, "আলোচনাৰ সময়সীমা কেতিয়াও নাথাকে । আপুনি ধৈৰ্য্য ৰাখিব লাগিব, যিদৰে দীৰ্ঘম্যাদীভাৱে চলি আহিছে ।"
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ভাৰতীয় পণ্য সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে । প্ৰথম অৱস্থাত ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত ভাৰতে ৰাছিয়াৰ তেল আমদানি অব্যাহত ৰখাৰ বাবে অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰি মুঠ শুল্ক ৫০ শতাংশলৈ বৃদ্ধি কৰে । ২৭ আগষ্টৰ পৰা বলবৎ হয় এই শুল্ক ।
আমেৰিকাৰ শুল্ক কাৰ্যকৰী হোৱাৰ মাজতে জি এছ টি সংশোধনৰ কথা ঘোষণা কৰাৰ বিপৰীতে পীয়ুষ গোৱালে কয় যে কৰ সংশোধনৰ কাম কেইবামাহো ধৰি চলি আছে আৰু দুয়োটা আকস্মিকভাৱে মিলি গৈছে ।
তেওঁ কয়, "এনে সংশোধন এৰাতিতে হ'ব নোৱাৰে; ইয়াৰ কাম কেইবামাহ ধৰি চলি আছে । বিত্ত মন্ত্ৰী, সচিব আৰু মন্ত্ৰীৰ এটা দলে এই বিষয়ত কাম কৰি আছে । দুয়োটাৰ মাজত মিল হোৱাটো এটা সুযোগৰ কথা ।"
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা ৩ ছেপ্টেম্বৰত জি এছ টি সংশোধনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে । ইয়াৰ লগে লগে কিছুমান ঔষধ, চিকিৎসা সঁজুলি, ডায়েগনষ্টিক কিট, বেণ্ডেজ, থাৰ্মোমিটাৰ আৰু অক্সিজেনৰ ওপৰত ১২-১৮ শতাংশৰ পৰিৱৰ্তে ৫ শতাংশ কৰ আৰোপ কৰা হয় । একেদৰে নিত্য ব্যৱহাৰ্য প্ৰসাধন সামগ্ৰীৰ ক্ষেত্ৰতো জি এছ টি কৰ্তন কৰা হয় ।
ইফালে জীৱন বীমা, স্বাস্থ্য বীমাকে ধৰি কিছুমান শিক্ষা সঁজুলি আৰু খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত জি এছ টি প্ৰত্যাহাৰ কৰা হয় । ইয়াৰ বিপৰীতে ধঁপাতজাতীয় সামগ্ৰী আৰু বিলাসী বাহন আদিৰ ক্ষেত্ৰত নতুন স্লেব ৪০ শতাংশ আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হয় ।

