নতুন ইনচেনটিভ আঁচনিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ; উপকৃত হ'ব প্ৰায় ২ কোটি নতুন কৰ্মচাৰী
প্ৰায় ১ লাখ কোটি টকা ব্যয়সাপেক্ষ এই আঁচনিখনে ৩.৫ কোটিৰো অধিক সংস্থাপন সৃষ্টিৰ বাবে উদগনি যোগাব বুলি আশা কৰা হৈছে ।

Published : July 1, 2025 at 7:48 PM IST
হায়দৰাবাদ : প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত মঙলবাৰে চাৰিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটে উৎপাদন খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰি প্ৰতিটো খণ্ডতে নিয়োগ সৃষ্টিত সমৰ্থন আগবঢ়াবলৈ নিয়োগৰ সৈতে জড়িত ইনচেনটিভ আঁচনিৰ অনুমোদনকে ধৰি চাৰিটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই আঁচনিৰ জৰিয়তে আগন্তুক দুবছৰত দেশত ৩.৫ কোটিৰো অধিক চাকৰি সৃষ্টিৰ বাবে উদগনি যোগোৱাৰ লক্ষ্য লোৱা হৈছে ।
চৰকাৰী প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ২০২৫ চনৰ ১ আগষ্টৰ পৰা ২০২৭ চনৰ ৩১ জুলাইৰ ভিতৰত সৃষ্টি হোৱা চাকৰিৰ ক্ষেত্ৰত ৯৯,৪৪৬ কোটি টকা ব্যয়ৰ ই এল আই (Employment Linked Incentive) আঁচনি প্ৰযোজ্য হ’ব ।
A Big Boost to Jobs & Economy!
— PIB India (@PIB_India) July 1, 2025
With an outlay of ₹99,446 crore, the newly approved Employment Linked Incentive (ELI) Scheme is set to support generation of over 3.5 crore jobs—fueling economic growth, empowering first-time employees, and incentivizing establishments across… pic.twitter.com/kdaP9tQYH2
নৱনিযুক্ত কৰ্মচাৰীৰ বাবে ইনচেনটিভ
এই আঁচনিৰ জৰিয়তে নৱনিযুক্ত কৰ্মচাৰীৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব । তেওঁলোকক দুটা কিস্তিত ১৫০০০ টকা পৰ্যন্ত এমাহৰ ই পি এফ মজুৰি প্ৰদান কৰা হ’ব । প্ৰথম কিস্তি ছমাহ সেৱা আগবঢ়োৱাৰ পিছত আৰু দ্বিতীয় কিস্তি ১২ মাহৰ সেৱাৰ পিছত প্ৰদান কৰা হ’ব । কিন্তু এক লাখ টকা পৰ্যন্ত দৰমহা লাভ কৰা কৰ্মচাৰীসকলহে এই আঁচনিৰ বাবে যোগ্য বিবেচিত হ’ব । ই এল আই আঁচনিৰ জৰিয়তে প্ৰায় ১.৯২ কোটি নৱনিযুক্ত কৰ্মচাৰী উপকৃত হোৱাৰ সম্ভাৱনা আছে ।
#Cabinet Approves Employment Linked Incentive (ELI) Scheme
— PIB India (@PIB_India) July 1, 2025
🔸Scheme to Enhance Job Creation, Employability and Social Security in all Sectors
🔸Focus on Manufacturing Sector and Incentives for First Timers
🔸First Timers to get one month’s wage up to Rs 15,000/- in two… pic.twitter.com/C1t7PMa9eY
নিয়োগকৰ্তাৰ বাবে সুবিধা
- নৱনিযুক্ত কৰ্মচাৰীৰ উপৰি ই এল আই আঁচনিয়ে নিয়োগকৰ্তাসকলকো উপকৃত কৰিব :
- ১ লাখ টকা পৰ্যন্ত দৰমহা লাভ কৰা কৰ্মচাৰীৰ ক্ষেত্ৰত নিয়োগকৰ্তাসকলে ইনচেনটিভ লাভ কৰিব
- কমেও ছমাহৰ বাবে দুবছৰৰ বাবে স্থায়ী কৰ্মসংস্থাপন থকা প্ৰতিজন অতিৰিক্ত কৰ্মচাৰীৰ বাবে প্ৰতিমাহে ৩০০০ টকা পৰ্যন্ত
- উৎপাদন খণ্ডৰ বাবে বিজ্ঞাপন আৰু চতুৰ্থ বছৰলৈও ইনচেনটিভ বৃদ্ধি কৰা হ’ব
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ই এল আই আঁচনিৰ কেন্দ্ৰবিন্দু হ’ব উৎপাদন খণ্ড ।
তেওঁ কয়, “ইয়াৰ দুটা খণ্ড আছে; প্ৰথম খণ্ড নৱনিযুক্তসকলৰ বাবে আৰু দ্বিতীয় খণ্ড বহনক্ষম নিয়োগ সমৰ্থনৰ বাবে ।”
ই এল আই আঁচনিৰ উপৰি যুৱক-যুৱতীসকলৰ বাবে গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি হ’ব বুলিও বৈষ্ণৱে কয় ।
তেওঁ কয়, “তেওঁলোকৰ ধাৰণাসমূহক সুবিধা প্ৰদান কৰা হ'ব আৰু সেইবোৰ উৎপাদন পৰ্যায়লৈ লৈ যোৱা হ’ব । যুৱক-যুৱতীসকলৰ মনত থকা বিভিন্ন উদ্ভাৱনী চিন্তাধাৰা গৱেষণা, উন্নয়ন আৰু উদ্ভাৱন আঁচনিৰ জৰিয়তে গতি প্ৰদান কৰা হ’ব । ইয়াৰ বাবে ব্যয় নিৰ্ধাৰণ কৰা হৈছে ১ লাখ কোটি টকা ।”
উল্লেখ্য যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে ২০২৫-২৬ চনৰ বাজেট ভাষণৰ সময়ত ষ্টাৰ্টআপৰ বাবে ১০ হাজাৰ কোটি টকাৰ নতুন 'ফাণ্ড অব ফাণ্ড' স্থাপনৰ কথা ঘোষণা কৰিছিল । আনহাতে, ষ্টাৰ্টআপৰ সৈতে চৰকাৰৰ সহযোগৰ সময়সীমা চৰকাৰে পাঁচ বছৰলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল ।
বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰিছিল যে চৰকাৰে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৫ কোটি টকাৰ পৰা ১০ কোটি টকালৈ ক'ভাৰেজ বৃদ্ধি কৰিছে ।

