ETV Bharat / bharat

কলকাতাত খহিল ৫ মহলীয়া নিৰ্মাণৰত অট্টালিকা; নিহত 9 - building collapses at garden reach

Kolkata building collapse Case : ঘটনাটোত স্থানীয় লোকসকল আতংকিত হৈ পৰে । কিয়নো অট্টালিকাটো খহি পৰোতে প্ৰচণ্ড শব্দ আৰু ধূলিৰ ডাঠ আৱৰণে অঞ্চলটো আৱৰি ধৰে । ঘন বসতিপূৰ্ণ এলেকাটোত খহি পৰাৰ পূৰ্বে অট্টালিকাটোৰ পৰা কংক্ৰিটৰ টুকুৰাবোৰ পৰিছিল । ফলত বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হয় ।

কলকাতাত খহিল ৫ মহলীয়া নিৰ্মাণৰত অট্টালিকা; নিহত 9

author img

By ETV Bharat Assamese Team

Published : March 18, 2024 at 11:20 AM IST

Updated : March 19, 2024 at 6:31 AM IST

2 Min Read

নিউজ ডেস্ক, ১৮ মাৰ্চ : দেওবাৰে নিশা কলকাতাত এটা নিৰ্মাণাৰত অট্টালিকা খহি পৰাৰ ফলত কমেও দুজন লোকৰ মৃত্যু হয় আৰু আন সাতজন আহত হয় । মহানগৰৰ মেয়ৰ ফিৰহাদ হাকিমে সোমবাৰে এই কথা প্ৰকাশ কৰে । কিন্তু শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এই দুৰ্ঘটনাত বৰ্তমান পৰ্যন্ত দুগৰাকী মহিলাসহ মুঠ 9 জন লোকে মৃত্যুক সাৱটি লৈছে ৷

উক্ত ঘটনাৰ দিনা মহানগৰৰ মেয়ৰ ফিৰহাদ হাকিমে কয় যে আৰু কিছু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থাকিব পাৰে । সেয়ে তেওঁলোকক উদ্ধাৰৰ বাবে এক অনুসন্ধান অভিযান চলি আছে । পাঁচ মহলীয়া অট্টালিকাটো মাজনিশা গাৰ্ডেন ৰিচ্চ অঞ্চলৰ হাজাৰী মোল্লা বাগানত খহি পৰে ।

ইফালে কলকাতাৰ আৰক্ষী আয়ুক্ত বিনীত গোৱেলে ঘটনাস্থলী পৰিদৰ্শন কৰি উদ্ধাৰ অভিযানৰ বুজ লয় । "দেওবাৰে নিশা গাৰ্ডেন ৰিচ্চ অঞ্চলত এটা নিৰ্মাণাৰত অট্টালিকা খহি পৰে । আমি কেইজনমান লোকক উদ্ধাৰ কৰিছোঁ । উদ্ধাৰ অভিযান এতিয়াও চলি আছে ।" এগৰাকী আৰক্ষী বিষয়াই কয় । আনহাতে, ঘটনাস্থলীত এম্বুলেন্সো সষ্টম কৰি ৰখা হৈছে ।

ঘটনাটোৰ প্ৰথম প্ৰত্যক্ষদৰ্শী স্থানীয় লোকসকলৰ মতে, ভৱনটো খহি পৰাৰ পূৰ্বে কংক্ৰিটৰ টুকুৰাবোৰ পৰিছিল । তাৰ পিচত এটা ডাঙৰ শব্দ কৰি অট্টালিকাটো খহি পৰাৰ লগে লগে ধূলিৰ ডাঠ আৱৰণে অঞ্চলটো আগুৰি ধৰে । তেওঁলোকে কয় যে ধ্বংসাৱশেষটো ঘন বসতিপূৰ্ণ এলেকাত পৰে ।

"যদিও নিৰ্মাণৰত অট্টালিকাটোত কোনেও বাস কৰা নাছিল, কিন্তু ই ওচৰৰ জুপুৰীবোৰৰ ওপৰত খহি পৰে । আমি আশংকা কৰিছোঁ যে বহু ব্যক্তি এতিয়াও ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ থাকিব পাৰে ।" এজন স্থানীয় বাসিন্দাই কয় ।

আনহাতে, ঘটনা সন্দৰ্ভত এক এক্স পোষ্টত পশ্চিমবংগ বিধানসভাৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰীয়ে কয়, "মই পশ্চিমবংগৰ মুখ্য সচিব,বংগ গৃহ বিভাগ আৰু কলকাতা আৰক্ষী অধীক্ষকক তাৎক্ষণিকভাৱে উদ্ধাৰ আৰু সাহায্যৰ বাবে পশ্চিমবংগ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা দলক তৎক্ষণাৎ অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ ।"

"মই সম্ভাৱ্য হতাহতৰ সন্দৰ্ভত উদ্বেগজনক ফোন লাভ কৰিছোঁ । অনুগ্ৰহ কৰি এনে কোনো দল প্ৰেৰণ কৰক, যিয়ে ভুক্তভোগীসকলক উদ্ধাৰ কৰাত সহায় কৰিব পাৰে । সেয়া অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী বা আন যিকোনো দলে নহওক কিয় ।" তেওঁ কয় । তেওঁ লগতে অট্টালিকা খহি পৰা স্থানৰ ফটোও শ্বেয়াৰ কৰে ।

লগতে পঢ়ক :দুই ফৈদৰ মাজত সংঘৰ্ষ, এজনক গুলীয়াই হত্যা

Last Updated : March 19, 2024 at 6:31 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.