কলকাজী মন্দিৰৰ সেৱকৰ হত্যাকাণ্ডত জড়িত পাঁচ লোকক গ্ৰেপ্তাৰ
কলকাজী মন্দিৰৰ সেৱকৰ হত্যাকাণ্ডৰ গোচৰত পুনৰ দুজন অভিযুক্ত গ্ৰেপ্তাৰ ৷ এইপৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে মুঠ ৫ জন অভিযুক্ত ৷

Published : August 31, 2025 at 5:49 PM IST
নতুন দিল্লী: পোহৰলৈ আহিছে ৰাজধানী দিল্লীৰ বিখ্যাত কলকাজী মন্দিৰৰ শোকাৱহ ঘটনা । শনিবাৰে মন্দিৰ চৌহদটোৰ ভিতৰত এজন সেৱকক নিৰ্মমভাৱে হত্যা কৰে একাংশ দুৰ্বৃত্তই । এই ঘটনাৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, যিয়ে সকলোকে স্তম্ভিত কৰি তুলিছে । এতিয়ালৈকে এই হত্যাকাণ্ডৰ গোচৰত জড়িত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
এই ঘটনা সংঘটিত হোৱাৰ পিছতে দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে । শনিবাৰে সন্ধিয়ালৈকে আৰক্ষীয়ে বিভিন্ন অঞ্চলত অভিযান চলাই এই কাণ্ডৰ সৈতে জড়িত আন দুজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্ত দুজনক জেৰা কৰি শনিবাৰে মাজনিশাই আন দুজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰে । যাৰ বাবে আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ সংখ্যা পাঁচগৰাকী হয়গৈ ৷
Delhi: Three people have been arrested in connection with the murder at Kalkaji Temple.
— IANS (@ians_india) August 30, 2025
South East DCP Hemant Tiwari says, "Yesterday, around 9:30 PM, we received a PCR call about a fight in the corridor near Kalkaji Temple. Our local beat officers immediately reached the spot… pic.twitter.com/2krneb2gWg
এই ঘটনাৰ শেহতীয়া তথ্য সদৰী কৰি দক্ষিণ-পূব জিলাৰ আৰক্ষী উপ-আয়ুক্ত ডাঃ হেমন্ত তিৱাৰীয়ে কয়, ‘‘ঘটনাৰ সৈতে জড়িত গোবিন্দপুৰীৰ নিবাসী ২৬ বছৰীয়া নীতিন পাণ্ডেক গ্ৰেপ্তাৰ কৰাৰ লগতে অভিযুক্তক আশ্ৰয় দিয়া আৰু আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰাত সহায় কৰা নীতিনৰ পিতৃ অনিল কুমাৰ (৫৫) কো গ্ৰেপ্তাৰ কৰা হয় ।’’
কলকাজী মন্দিৰৰ সেৱকৰ নৃশংস হত্যাকাণ্ডৰ গোচৰত এই পৰ্যন্ত মুঠ ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । অভিযুক্তসকল হৈছে ক্ৰমে- মোহন ওৰফে ভূৰা, কুলদীপ বিধুৰী, অতুল পাণ্ডে, নীতিন পাণ্ডে আৰু তেওঁৰ পিতৃ অনিল কুমাৰ ৷ অৱশ্যে এই বিবাদৰ আঁৰত কি কাৰণ আছিল আৰু কিয় এই অভিযুক্তসকলে সেৱকগৰাকীক হত্যা কৰিছিল, তদন্তৰ খাতিৰত সেই বিষয়ে এতিয়াও স্পষ্টকৈ প্ৰকাশ কৰা নাই দিল্লী আৰক্ষীয়ে । আৰক্ষীয়ে ধাৰাবাহিকভাৱে জেৰা অব্যাহত ৰাখি অধিক তদন্তৰ আশা প্ৰকাশ কৰিছে ৷
নিৰাপত্তাৰ ওপৰত প্ৰশ্ন
দিল্লীৰ বিখ্যাত কলকাজী মন্দিৰত সংঘটিত এই ঘটনাৰ পিছতে নিৰাপত্তা সন্দৰ্ভত প্ৰশ্ন উত্থাপিত হৈছে । আম আদমী পাৰ্টিৰ আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও ৰাজধানী চহৰখনত অৱনতি ঘটা আইন-শৃংখলাজনিত পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।
আপ নেতা সৌৰভ ভৰদ্বাজেও এক্সত লিখিছে, ‘‘কলকাজী মন্দিৰত প্ৰসাদত চুন্নী নিদিয়াৰ বাবে মন্দিৰৰ সেৱকক প্ৰহাৰ কৰি হত্যা কৰা হ’ল । যোৱা নিশা এই ঘটনা সংঘটিত হয় । মন্দিৰৰ সেৱকৰ এনে নৃশংস হত্যা ? আমি কেনেকৈ হিন্দু হৈ আছো ? দিল্লীৰ পৰিস্থিতি বেয়াৰ পৰা বেয়ালৈ গৈ আছে । আৰক্ষী মাথো ব্যস্ত ৰাজনৈতিক কামতহে । আৰক্ষীয়ে মাথো নিৰীহ মানুহক ভাবুকি দিয়ে । চোৰ, গুণ্ডা, গেংষ্টাৰে আৰক্ষীক একেবাৰেই ভয় নকৰে । তেওঁলোকে ভাবে যে টকাৰে সকলো চলাব পাৰি । আমি আৰক্ষী আয়ুক্তৰ পৰা সময় বিচাৰিছো ।’’
মুখ্যমন্ত্ৰী ৰেখালৈ পত্ৰ প্ৰেৰণ আতিশীৰ
দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীয়ে মুখ্যমন্ত্ৰী ৰেখা গুপ্তালৈ প্ৰেৰণ কৰা এখন পত্ৰত ৰাজধানীত ক্ৰমাৎ বৃদ্ধি পোৱা অপৰাধ আৰু আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে । তেওঁ লিখিছে যে ৰাজধানীৰ পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছে যে এতিয়া ঘৰ, বজাৰ, ধৰ্মীয় স্থানতো মানুহে নিৰাপত্তা অনুভৱ কৰা নাই । তেওঁ মুখ্যমন্ত্ৰী ৰেখাক আহ্বান জনাইছে যে যদি তেওঁ জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰে, তেন্তে তেওঁ পদত্যাগ কৰক ।
#BREAKING: After a Kalkaji temple sevadar’s murder, Delhi LoP Atishi wrote to CM Rekha Gupta, blaming the BJP’s 'four-engine government' for rising crime. She urged Gupta to step down if she cannot ensure public safety pic.twitter.com/Ks89d4kWwS
— IANS (@ians_india) August 30, 2025
উল্লেখ্য যে, যোৱা বছৰো কলকাজী মন্দিৰত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছিল ৷ ২০২৪ চনৰ ২৬ জানুৱাৰীত কলকাজী মন্দিৰ চৌহদৰ ভিতৰত জাগৰণৰ বাবে নিৰ্মাণ কৰা এক বিশেষ মঞ্চত একে সময়তে অত্যধিক লোকৰ সমাগম হোৱাৰ বাবে মঞ্চখন ভাঙি পৰি শ শ লোক আহত হৈছিল ।
লগতে পঢ়ক: বৈষ্ণো দেৱী পথৰ ভূমিস্খলনত নিহত একেটা পৰিয়ালৰ ৬ জন

