পশ্চিমবংগৰ ৰে’ল দুৰ্ঘটনাত ত্ৰিপুৰাৰ দুই ব্যক্তি আহত - Kanchanjungha Express Accident
Kanchanjunga Express Accident: শিলিগুৰিৰ ফানচিডেৱা খণ্ডৰ ঘোষপুকুৰত সোমবাৰে পুৱা কলকাতা অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুটা দবা লাইনচ্যুত হয় ৷ এই দুৰ্ঘটনাত ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২৫ জন লোক আহত হয় ৷ আহতসকলৰ ভিতৰত দুজন ত্ৰিপুৰাৰ ৷

By ANI
Published : June 19, 2024 at 1:14 PM IST
নিউজ ডেস্ক, ১৯ জুন: পশ্চিমবংগত সংঘটিত হোৱা কাঞ্চনজংঘা ৰে’ল দুৰ্ঘটনাত ত্ৰিপুৰাৰ দুজন ব্যক্তি আহত হৈছে ৷ তেওঁলোক অৱস্থা বৰ্তমান সুস্থিৰ ৷ ত্ৰিপুৰাৰ পৰিবহণ মন্ত্ৰী সুশান্ত চৌধুৰীয়ে বুধবাৰে সাংবাদিকৰ আগত এই কথা ব্যক্ত কৰে ৷
উত্তৰ বংগৰ জলপাইগুৰি ষ্টেচনৰ সমীপত সোমবাৰে পুৱা সংঘটিত কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’ল দুৰ্ঘটনাত ১০ জন লোক নিহত হোৱাৰ লগতে ২৫ জন লোক আহত হয় ৷
এই দুৰ্ঘটনাৰ পাচত আগৰতলাৰ অসামৰিক সচিবালয়ত এক সংবাদমেল সম্বোধন কৰি পৰিবহণ মন্ত্ৰী সুশান্ত চৌধুৰীয়ে সদৰী কৰে এই কথা ৷ এই দুৰ্ঘটনাৰ পাচত পুনৰুদ্ধাৰৰ কাম আৰম্ভ হোৱাৰ লগতে তেওঁ এই সন্দৰ্ভত ৰে’ল বিভাগৰ লগত আৰু মুখ্যমন্ত্ৰী মাণিক সাহাই কেন্দ্ৰীয় ৰে’লমন্ত্ৰীৰ লগত বাৰ্তালাপ কৰাৰ কথা জানিবলৈ দিয়ে ৷
মন্ত্ৰী সুশান্ত চৌধুৰীয়ে লগতে বাংলাদেশ সীমান্তৱৰ্তী ৰাজ্যখনৰ দক্ষিণ অংশৰ ত্ৰিপুৰাৰ শেষ ৰে’ল ষ্টেচন ছাব্ৰূমৰ পৰা মঙলবাৰে কাঞ্চনজংঘা এক্সপ্ৰেছৰ কাম আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে । ৰে'ল সেৱা সবৰুমলৈকে সম্প্ৰসাৰণ কৰা হ'ব বুলি কোনোৱে কেতিয়াও ভবা নাছিল বুলি উল্লেখ কৰি তেওঁ আগন্তুক দিনত আগৰতলাৰ সৰু চহৰৰ পৰা অধিক এক্সপ্ৰেছ সেৱাৰ সুবিধা ল'ব পৰা যাব বুলি আশা ব্যক্ত কৰে ।
মন্ত্ৰী চৌধুৰীয়ে লগতে ত্ৰিপুৰা চৰকাৰে বিভিন্ন বিভাগৰ ৪৬৯ টা পদ পূৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে । উল্লেখ্য যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰী মাণিক সাহাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত পদ পূৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনষ্ঠ ১৬ টা ছুপাৰ স্পেচিয়েলিষ্ট চিকিৎসকৰ পদ, ১৭২ টা স্পেচিয়েল চিকিৎসা বিষয়া আৰু ২২৬ টা সাধাৰণ ডিগ্ৰী চিকিৎসা বিষয়াৰ পদ পূৰণ কৰা হ’ব ৷
ত্ৰিপুৰাৰ কেবিনেটে ইতিমধ্যে এই প্ৰস্তাৱত অনুমোদন জনাইছে আৰু বিত্ত বিভাগেও ইতিমধ্যে সন্মতি প্ৰদান কৰিছে ৷ ইয়াৰ উপৰিও খাদ্য আৰু অসামৰিক যোগান বিভাগত ছয়জন খাদ্য বিষয়া আৰু ৪৯ জন অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াক নিযুক্তি দিয়া হ’ব ৷ ৰাজ্যখনত সৰ্বমুঠ ৪৬৯ টা পদ পূৰণ কৰা হ’ব ।

