আগৰতলা : ত্ৰিপুৰা সোমবাৰে দেশৰ তৃতীয়খন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হয় । ৰাজ্যখনৰ সাক্ষৰতাৰ হাৰ ৯৫.৬ শতাংশলৈ বৃদ্ধি পায় । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ সঞ্চালিকা (প্ৰাপ্তবয়স্ক শিক্ষা) প্ৰীতি মীনাই ইয়াত এক অনুষ্ঠানত ভাষণ দি কয় যে মিজোৰাম আৰু গোৱাৰ পিছত ত্ৰিপুৰা হৈছে ভাৰতৰ তৃতীয়খন ৰাজ্য যিয়ে সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হোৱাৰ গৌৰৱ লাভ কৰিছে ।
ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাই (ইউনেস্কো) ৯৫% সাক্ষৰতাৰ হাৰ থকা ৰাজ্য এখনক ‘সম্পূৰ্ণ সাক্ষৰ’ ৰাজ্য হিচাপে নিৰ্ধাৰণ কৰা বুলি উল্লেখ কৰি মীনাই কয়, "২০২৩–২৪ বিত্তীয় বৰ্ষৰ বাবে প্ৰকাশিত সাময়িক শ্ৰমিক শক্তি জৰীপ (পি এল এফ এছ)ৰ প্ৰতিবেদন অনুসৰি ত্ৰিপুৰাৰ সাক্ষৰতাৰ হাৰ ৯৩.৭ শতাংশ আছিল । পূৰ্বৰ এক সমীক্ষা অনুসৰি, এই ৰাজ্যখনৰ নিৰক্ষৰ জনসংখ্যা আছিল ২৩,১৮৪ জন ।"
মীনাই ত্ৰিপুৰাৰ নৱ সাক্ষৰসকলক তেওঁলোকৰ শিক্ষা অব্যাহত ৰাখিবলৈ আহ্বান জনায়, যাতে ২০২৭ চনৰ লোকপিয়লত ৰাজ্যখনক সম্পূৰ্ণ সাক্ষৰ হিচাপে ঘোষণা কৰা হয় । তেওঁৰ মতে, ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য (SDGs) পূৰণ কৰি ২০৩০ চনৰ ভিতৰত ভাৰত এখন সম্পূৰ্ণ সাক্ষৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে ।
ভাৰত চৰকাৰে ইয়াৰ পূৰ্বে ২০২২-২০২৭ চনৰ বাবে কেন্দ্ৰীয় পৃষ্ঠপোষকতা কৰা আঁচনি ‘উল্লাস’ আৰম্ভ কৰিছিল যাতে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ সৈতে মিলাই ‘সকলোৰে বাবে শিক্ষা’ (পূৰ্বতে প্ৰাপ্তবয়স্ক শিক্ষা বুলি কোৱা হৈছিল)ৰ সকলো দিশ সামৰি লোৱা হয় ।
ছয় দশকত পাঁচগুণ বৃদ্ধি সাক্ষৰতাৰ হাৰ
একেটা অনুষ্ঠানতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই কয় যে ১৯৬১ চনত ৰাজ্যখনৰ সাক্ষৰতাৰ হাৰ মাত্ৰ ২০.২৪ শতাংশহে আছিল । তেওঁ কয়, "অসংখ্য প্ৰত্যাহ্বান অতিক্ৰম কৰি ৰাজ্যখনৰ সাক্ষৰতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, ২০১১ চনৰ লোকপিয়লত ৮৭.২২ শতাংশত উপনীত হৈছে, যিটো ২০০১ চনত ৭৩.৬৬ শতাংশ আছিল ।" উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত ত্ৰিপুৰাৰ জি ডি পি আৰু জনমূৰি আয় দ্বিতীয় স্থানত আছে বুলিও সাহাই আলোকপাত কৰে ।
উল্লাস আঁচনি কাৰ্যকৰী কৰা
শিক্ষা বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ মতে, বিদ্যালয় শিক্ষা বিভাগৰ নেতৃত্বত ৰাজ্যিক সাক্ষৰতা অভিযান কৰ্তৃপক্ষ, ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অৱসৰপ্ৰাপ্ত শিক্ষক, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, স্বেচ্ছাসেৱক আৰু বিভিন্ন স্তৰৰ প্ৰশিক্ষিত কৰ্মীসকলে একেলগে অক্লান্তভাৱে কাম কৰি উল্লাস কাৰ্যসূচী ৰূপায়ণ কৰে ।
"শৈক্ষিক সামগ্ৰী বাংলা, ইংৰাজী, আৰু জনজাতীয় কোকব'ৰক ভাষাত প্ৰস্তুত কৰা হৈছিল; শিক্ষক আৰু বিষয়াসকলক বিশেষভাৱে প্ৰশিক্ষণ দিয়া হৈছিল আৰু ছাত্ৰ-ছাত্ৰীসকলক স্বেচ্ছাসেৱক হিচাপে নিয়োজিত কৰা হৈছিল । ২,২২৮জন স্বেচ্ছাসেৱী শিক্ষক, ৯৪৩টা সামাজিক সজাগতা কেন্দ্ৰৰ অক্লান্ত প্ৰচেষ্টা আৰু যুৱ সাক্ষৰতা বাহিনীৰ সক্ৰিয় অংশগ্ৰহণেৰে শিক্ষাই আনকি ত্ৰিপুৰাৰ দূৰৱৰ্তী অঞ্চলসমূহতো উপনীত হৈছে ।" এই মন্তব্য বিষয়াগৰাকীৰ ।
চোতাল আৰু বজাৰত শ্ৰেণীকোঠা
বিষয়াগৰাকীয়ে লগতে কয় যে শিক্ষা সকলোৰে মাজলৈ যোৱাটো নিশ্চিত কৰিবলৈ বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হৈছিল । কিছুমানে নিজৰ চোতালত শ্ৰেণীকোঠা মুকলি কৰিছিল, আনহাতে কিছুমানে পাহাৰীয়া বজাৰত সাক্ষৰতাৰ মূল কথাবোৰ শিকোৱা হৈছিল ।
২০১১ চনৰ লোকপিয়লত কেৰালা আৰু মিজোৰামৰ পিছতে দেশৰ ভিতৰতে তৃতীয় সৰ্বোচ্চ সাক্ষৰ ৰাজ্য হিচাপে ত্ৰিপুৰা স্থান লাভ কৰিছে । কিন্তু পূৰ্বৰ সাক্ষৰতা কাৰ্যসূচীসমূহে বেছিভাগেই কেৱল মৌলিক স্বাক্ষৰ দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল বুলি বিষয়াগৰাকীয়ে আঙুলিয়াই দিয়ে । চৰকাৰে সেই পন্থাৰ বাহিৰলৈ গৈ কাৰ্যকৰী সাক্ষৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।
বিষয়াগৰাকীয়ে কয় যে এই লক্ষ্য কেৱল মৌলিক সাক্ষৰতা প্ৰদান কৰাই নহয়, সুপৰিকল্পিত পদক্ষেপৰ জৰিয়তে বিত্তীয় সজাগতা, ডিজিটেল লেনদেন, মৌলিক অংক আৰু অন্যান্য বিভিন্ন ব্যৱহাৰিক দক্ষতাৰ শিক্ষা নিশ্চিত কৰা । এই অনুষ্ঠানত ত্ৰিপুৰা চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে ।