ETV Bharat / bharat

অশ্ৰুশিক্ত নয়নেৰে শেষ বিদায় নক্সালবাদীৰ আক্ৰমণত শ্বহীদ হোৱা অসম সন্তান মহেন্দ্ৰ লস্কৰক, নশ্বৰদেহ অসমলৈ প্ৰেৰণ

চাইবাসাত নক্সালবাদী আক্ৰমণত শ্বহীদ হোৱা জোৱান মহেন্দ্ৰ লস্কৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন । প্ৰয়াত মহেন্দ্ৰ আছিল অসমৰ সন্তান ।

TRIBUTE PAID TO HEAD CONSTABLE
শ্বহীদলৈ ৰাজ্যপালৰ শ্ৰদ্ধাঞ্জলি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 11, 2025 at 9:33 PM IST

3 Min Read
Choose ETV Bharat

ৰাঁচী : অসম সন্তান মহেন্দ্ৰ লস্কৰ আৰু নাই । ঝাৰখণ্ডৰ চাইবাসা জিলাত কেবা কোটি টকাৰ বাউণ্টি কঢ়িয়াই অনা নক্সালবাদীৰ বিৰুদ্ধে চলি থকা অভিযানত শ্বহীদ হয় চি আৰ পি এফৰ হেড কনিষ্টবল মহেন্দ্ৰ লস্কৰ । শনিবাৰে শ্বহীদ মহেন্দ্ৰ লস্কৰক ৰাঁচীৰ চি আৰ পি এফ শিবিৰত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

ঝাৰখণ্ডৰ ৰাজ্যপাল সন্তোষ গংগৱাৰ, কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় শ্বেঠ, ঝাৰখণ্ডৰ মুখ্য সচিব, আই জি চি আৰ পি এফৰ ডি জি পিকে ধৰি কেইবাগৰাকীও বিষয়াই শ্বহীদ মহেন্দ্ৰ লস্কৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

TRIBUTE PAID TO HEAD CONSTABLE
শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি (ETV Bharat)
  • চি আৰ পি এফ শিবিৰত শ্ৰদ্ধাঞ্জলি

চাইবাসাত নক্সালবাদীৰ আই ই ডি বিস্ফোৰণত শ্বহীদ হোৱা চি আৰ পি এফৰ হেড কনিষ্টবল মহেন্দ্ৰ লস্কৰক ৰাঁচীৰ চি আৰ পি এফ শিবিৰত অশ্ৰুশিক্ত নয়নেৰে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ঝাৰখণ্ডৰ ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰে ৰাঁচীৰ ধুৰৱাত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১৩৩ নং বেটেলিয়নত উপস্থিত হৈ নক্সাল বিৰোধী অভিযানত শ্বহীদ হোৱা মহেন্দ্ৰ লস্কৰক মাল্যাৰ্পণ কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ৰাজ্যপালগৰাকীয়ে কয়, ''আমাৰ নিৰাপত্তা বাহিনীৰ অতুলনীয় অৱদান জাতিটোৱে কেতিয়াও পাহৰিব নোৱাৰে ।''

TRIBUTE PAID TO HEAD CONSTABLE
শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি (ETV Bharat)
  • শ্বহীদ মহেন্দ্ৰ লস্কৰ আছিল অসমৰ সন্তান

আই ই ডি বিস্ফোৰণত শ্বহীদ হোৱা মহেন্দ্ৰ লস্কৰ আছিল অসমৰ এগাৰকী সুযোগ্য সন্তান । মন কৰিবলগীয়া যে চলিত বৰ্ষৰ জুলাই মাহত ঝাৰখণ্ডৰ গোমিয়াত নক্সালবাদীৰ সৈতে হোৱা মুখামুখিত সংঘৰ্ষত শ্বহীদ হয় জোৱান প্ৰাণেশ্বৰ কোচ । প্ৰয়াত কোচো আছিল অসমৰ সন্তান । তেওঁৰ পোষ্টিং আছিল ২০৯ নং কোব্ৰা বেটেলিয়নত ।

  • সমগ্ৰ ঘটনাটো কি ?

আৰক্ষী মুখ্য কাৰ্যালয়ে প্ৰদান কৰা তথ্য অনুসৰি, শুকুৰবাৰে নিশা চাইবাসাৰ মনোহৰপুৰ ব্লকৰ সাৰন্দা বনাঞ্চলত নক্সালবাদীয়ে সংঘটিত কৰা আই ই ডি বিস্ফোৰণত চি আৰ পি এফৰ ৬০ নং বেটেলিয়নৰ এজন পৰিদৰ্শকৰ লগতে তিনিজন জোৱান আহত হয় । তাৰ পাচতে ততাতৈয়াকৈ তেওঁলোকক চিকিৎসা প্ৰদান কৰা হয় । কিন্তু অতি দুভাগ্যজনক যে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় হেড কনিষ্টবল মহেন্দ্ৰৰ ।

  • মাৰ্চৰ পৰা অক্টোবৰলৈ তিনি শ্বহীদ, ৯ জন আহত

সাৰন্দাত নক্সাল বিৰোধী তীব্ৰ অভিযান চলি থকাৰ পাছতো বিফল হৈছে নিৰাপত্তা বাহিনী । নক্সালবাদীৰ এই কাৰ্যৰ বিষয়টো বৰ্তমান অত্যন্ত চিন্তনীয় হৈ পৰিছে ।

শুকুৰবাৰে সাৰন্দাত অঞ্চলত সংঘটিত হয় বিস্ফোৰণ । লগতে মাৰ্চ মাহৰ পৰা সংঘটিত হোৱা বিস্ফোৰণত ইতিমধ্যে তিনিজন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে ৯ জন গুৰুতৰভাৱে আহত হৈছে ।

২২ মাৰ্চত সাৰন্দাৰ ছোটা নাগপুৰত সংঘটিত হোৱা বিস্ফোৰণত চি আৰ পি এফ বেটেলিয়নৰ উপ-পৰিদৰ্শক সুনীল কুমাৰ সিং শ্বহীদ হৈছিল । যোৱা ১২ এপ্ৰিলৰ বিস্ফোৰণত শ্বহীদ হৈছিল জাগুয়াৰ জোৱান সুনীল ধন । যোৱা ১১ অক্টোবৰ শুকুৰবাৰে চি আৰ পি এফৰ মহেন্দ্ৰ লস্কৰ শ্বহীদ হয় ।

লগতে পঢ়ক : কোকেৰনাগ বনাঞ্চলত নিৰুদ্দেশ হোৱা ভাৰতীয় সেনা জোৱানৰ মৃতদেহ উদ্ধাৰ

লগতে পঢ়ক : মণিপুৰ-ছত্তীশগড় আৰু জম্মু-কাশ্মীৰত আৰক্ষীৰ অভিযানত সৰ্বাধিক অসামৰিক লোকৰ মৃত্যু