বৰযাত্ৰীৰ দল আহিল হেলিকপ্টাৰত; দৰাৰ সৈতে ছেল্ফী ল’বলৈ হেতা-ওপৰা সকলোৰে
দৰা আহিল ঐ, ওলাই আহ সকলো ৷ দৰাক আদৰিবলৈ সাজু কইনাঘৰীয়া ৷ হেলিকপ্টাৰৰ পৰা শহুৰেকৰ চোতালত নামি দৰা ৷ জোৱায়েকক দেখি গৰ্বিত শাহু-শহুৰেক ৷

Published : March 8, 2025 at 11:06 AM IST
কৰ্ণাল : এতিয়া বিয়াৰ বতৰ ৷ ফাগুনী বতাহত ভাহি অহা ৰঙে মতলীয়া কৰিছে সকলোকে ৷ ফাগুনৰ এই বতৰতে যুগ্মজীৱনৰ পাতনি মেলিছে আকৌ বহুজনে ৷
বিয়া বুলি ক’লেই মনলৈ আহে নানা কথা ৷ বিশেষকৈ আজিকালি দৰা-কইনাই নিজৰ বিয়াখন কিছু সুকীয়াকৈ বা আনতকৈ কিছু পৃথক হোৱাটো বিচাৰে ৷ এয়া হৈছে আজিকালিৰ ট্ৰেণ্ড ৷
কেতিয়াবা যদি আমি দেখো দৰাই কইনা নিবলৈ আহিছে গৰুগাড়ীত, কেতিয়াবা আকৌ নামী-দামী গাড়ীত দৰা অহা দেখা পাওঁ ৷ পিছে আপুনি বাৰু কল্পনা কৰিব পাৰেনে দৰাই হ’বলগীয়া পত্নীক নিবলৈ হেলিকপ্টাৰেৰে অহাৰ কথা ৷
হয়, আপুনি ঠিকেই শুনিছে ৷ এইবাৰ দৰা কোনো দামী গাড়ী বা অন্যত অহা নাই ৷ দৰা আহিছে হেলিকপ্টাৰত ৷ দৰাৰ লগতে একেবাৰে কাষৰ পৰা হেলিকপ্টাৰখন চাবলৈ ভিৰ কৰিছে বহুজনে ৷
পিছে ৰ’ৱ; এই বিয়াখন অৱশ্যে অসমৰ নহয় ৷ এই ব্যতিক্ৰমী তথা বহুত চৰ্চিত বিয়াখন অনুষ্ঠিত হৈছে হাৰিয়ানাত ৷ অৱশ্যে হাৰিয়ানাত হেলিকপ্টাৰেৰে কইনাক নিবলৈ দৰা অহা কেবাখনো বিয়া অনুষ্ঠিত হৈছে ৷ হাৰিয়ানাত এয়া যে এক ট্ৰেণ্ডত পৰিণত হৈছে ৷

জানিব পৰা মতে, শেহতীয়াকৈ হাৰিয়ানাৰ নুহ, ছিৰছা, ৰেৱাৰী, ফৰিদাবাদ, কৰ্ণাল আদি জিলাত এনেধৰণৰ অনন্য বিবাহ অনুষ্ঠিত হৈছে ।
- হেলিকপ্টাৰেৰে কৰ্ণালত উপস্থিত হ’ল বৰযাত্ৰীৰ দল :
বুধবাৰে কৰ্ণালৰ ঘোঘৰদীপুৰৰ ব্যক্তিগত ভোজগৃহত অনুষ্ঠিত হোৱা এখন বিয়া ইতিমধ্যে বহু চৰ্চিত হৈছে । এই বিয়াত বৰযাত্ৰীৰ দল আহিল হেলিকপ্টাৰেৰে । দৰা হ’ল কুৰুক্ষেত্ৰৰ মথানা গাঁৱৰ ছাহিল । পেছাগতভাৱে তেওঁ এজন খেতিয়ক ৷
তেওঁৰ সৰু ভায়েকে বিচাৰিছিল যে ককায়েকে কইনা আনিবলৈ হেলিকপ্টাৰেৰে যাব আৰু সেয়াই হ’ল ৷ ইফালে হেলিকপ্টাৰেৰে বৰযাত্ৰীৰ দল আহি পোৱাৰ লগে লগে কইনাৰ পৰিয়ালৰ মাজতো সুখৰ যেন সীমা নোহোৱা হ’ল ৷ যথাসময়ত কইনা লৈ পুনৰ হেলিকপ্টাৰেৰে উভতিল দৰা ছাহিল ৷
দৰা ছাহিল কয়. ‘‘মোৰ ককাৰ সপোন আছিল এয়া ৷ যি আমি এতিয়া পূৰণ কৰিছো ৷’’ ছাহিলৰ ভায়েক অষ্ট্ৰেলিয়াত থাকে । এই সকলোবোৰ ব্যৱস্থা তেওঁ কৰি দিলে ৷
- বিলাসিতা নিৰ্ভৰ কৰে টকাৰ ওপৰত :
হেলিকপ্টাৰেৰে কইনা অনাৰ ট্ৰেণ্ড সন্দৰ্ভত ইটিভি ভাৰতে সৰ্ব জাতি সৰ্বখাপ মহিলা মহাপঞ্চায়তৰ ৰাষ্ট্ৰীয় সভাপতি ড৹ সন্তোষ দহিয়াৰ সৈতে এই সন্দৰ্ভত বাৰ্তালাপ কৰে ৷ তেওঁ কয়, "প্ৰত্যেকৰে নিজৰ সপোন পূৰণৰ অধিকাৰ আছে । কাৰোবাৰ হাতত যদি টকা থাকে তেন্তে তেওঁ নিজৰ বিয়াত লাখ-কোটি টকা খৰচ কৰিব পাৰে । ইয়াৰ দ্বাৰা তেওঁলোকে নিশ্চয় সুখ অনুভৱ কৰে ৷ কিন্তু ই সমাজলৈ এটা ভুল বাৰ্তা প্ৰেৰণ কৰে, যিটো আন মানুহৰ বাবে উপযুক্ত নহ'বও পাৰে । যদি কোনো ব্যক্তিয়ে কাৰোবাক দেখাৰ পিছত ঋণ লৈ যদি কইনাক হেলিকপ্টাৰেৰে আনিবলৈ যায়, তেন্তে ই সমাজৰ বাবে হিত নহয় ৷’’

