ETV Bharat / bharat

তৃতীয় লিংগৰ হোৱা বাবেই আন্নীক অটোচালকে অটোত উঠিবলৈ দিয়া নাছিল, তাৰ পিছত... - SUCCESS STORY OF A TRANSGENDER

"সেই নিশা মই ঘৰলৈকে খোজকাঢ়ি আহিলো । মোৰ বাবে এজনো অটোচালকে ৰৈ নিদিলে । মই হতাশাত কান্দিলো ।" পঢ়ক এই প্ৰতিবেদন ৷

Success story of a Transgender
বান্ধৱী ৰেশমাৰ সৈতে আন্নী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 24, 2025 at 5:27 PM IST

4 Min Read

মাংগালোৰ: এগৰাকী তৃতীয় লিংগৰ ব্যক্তিৰ বাবে 'অপমান' শব্দটো কোনো নতুন শব্দ নহয় ৷ জীৱনৰ বাটত তেওঁলোকে প্ৰায় প্ৰতিদিনেই এই শব্দটোৰ সৈতে মুখামুখি হ’বলগীয়া হয় ৷

আন্নী মাংগালুৰু নামৰ তেনে এগৰাকী মহিলাক এটা সময়ত এজন অটোৰিক্সা চালকে একমাত্ৰ তৃতীয় লিংগৰ মহিলা হোৱাৰ বাবেই তেওঁৰ অটোত নিবলৈ অস্বীকাৰ হৈছিল ৷ অটোচালকজনৰ এই ব্যৱহাৰত আন্নি আচৰিত হোৱা নাছিল যদিও এই ঘটনাই আন্নীৰ মনত এক শক্তিশালী সিদ্ধান্তৰ জন্ম দিয়ে ৷

ই টিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত আন্নীয়ে কয়, ‘‘সেই নিশা মই ঘৰলৈকে খোজকাঢ়ি আহিলো । মোৰ বাবে এজনো অটোচালকে ৰৈ নিদিলে । মই হতাশাত কান্দিলো । কিন্তু মায়ে মোক এই বিষয়ে কিবা এটা কৰিবলৈ উৎসাহিত কৰিলে আৰু সেয়া মই কৰিলো ।’’

ৰায়চুড়ৰ পৰা মাংগালোৰলৈ: সফল এই যাত্ৰা

ৰায়চুড়ৰৰ বাসিন্দা আন্নীয়ে শিক্ষাগ্ৰহণৰ বাবে মাংগালোৰলৈ যায় । তাতেই তেওঁ বি এ-বি এড পাঠ্যক্ৰমত নামভৰ্তি কৰি দুটা ছেমিষ্টাৰ সম্পূৰ্ণ কৰে ৷ কিন্তু অতি সোনকালেই তেওঁ উপলব্ধি কৰিলে যে তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে চাকৰিৰ বজাৰত বিশেষকৈ শিক্ষকতাৰ দৰে এটি পবিত্ৰ বৃত্তিত কোনো দাম নাই ৷ আন্নী সন্মুখীন হ’ল কঠোৰ বাস্তৱৰ ।

বৈষম্য আৰু সামাজিক বৰ্জনে অৱশেষত আন্নীক শৈক্ষিক দিশত দেখা নিজৰ সপোনবোৰ সামৰি ৰাখিবলৈ বাধ্য কৰালে । আন্নীয়ে কয়, "মই শিক্ষক হ'ব বিচাৰিছিলো ৷ কিন্তু সমাজে আমাৰ ওপৰত কিমান সীমাবদ্ধতা ৰাখে, সেয়া মই অতি সোনকালে বুজি পালোঁ । প্ৰতিটো খোজতে মই অপমানৰ সন্মুখীন হ'লো ।"

অটো কিনাৰ সিদ্ধান্ত: এটা দুৰ্ঘটনাক সফলতালৈ ৰূপান্তৰ

ঘৰলৈ উভতিবলৈ অটো এখন বিচাৰি আন্নী যি অপমানৰ সন্মুখীন হৈছিল, সেয়া তেওঁৰ বাবে আছিল এক বৃহৎ প্ৰত্যাহ্বান । কিন্তু পিছুৱাই যোৱাৰ পৰিৱৰ্তে আন্নীয়ে ইয়াক প্ৰেৰণা হিচাপে ব্যৱহাৰ কৰে ।

বেংকৰ ঋণ লৈ তৃতীয় লিংগৰ মহিলাগৰাকীয়ে চাৰিখন অটোৰিক্সা কিনিলে, যিবোৰ এতিয়া মাংগালোৰৰ সমীপৱৰ্তী ডেৰালাকাটে অঞ্চলত ভাৰাত দিছে । ইয়াৰ দ্বাৰা যথেষ্ঠ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আন্নী ৷ কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল ইয়ে আন্নীক ক্ষমতাশালী অনুভৱ কৰোৱায় ।

আন্নীয়ে কয়, “মই বিচাৰিছিলো যে মই যি পাৰ কৰিলোঁ, তাৰ মাজেৰে আন কোনোৱেই পাৰ নহওঁক ।’’

গৰ্ভৱতী, বৃদ্ধ আৰু তৃতীয় লিংগৰ ব্যক্তিৰ বাবে বিনামূলীয়া সেৱা

আন্নীৰ অটোৰিক্সাসমূহ গৰ্ভৱতী, বৃদ্ধ আৰু তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বিনামূলীয়া ৷ চাৰিওখন অটো আন্নীৰ নিৰ্দেশনাত চলি থাকে ৷ তেওঁ চালকসকলক নিৰ্দেশ দিছে যে কোনো আৰ্তজনক তেওঁলোকে যাতে ঘূৰাই নপঠায় ৷

তদুপৰি গৃহহীন আৰু অভাৱগ্ৰস্ত লোকসকলকো নিয়মিতভাৱে খাদ্যৰ যোগান ধৰে এইগৰাকী তৃতীয় লিংগৰ মহিলাই, যিটো তেওঁৰ অন্যতম প্ৰিয় কাম ৷

প্ৰতিক্ৰিয়া: প্ৰশংসা আৰু সমৰ্থন

ই টিভি ভাৰতক আন্নীৰ ঘনিষ্ঠ বন্ধু ৰেশমা স্বাতীয়ে এনেদৰে কয়- "আন্নীৰ দৃঢ়তা প্ৰেৰণাদায়ক । তেওঁ বৈষম্যমূলক এক কাৰ্যক সামাজিক কাৰ্যলৈ ৰূপান্তৰিত কৰিলে । তেওঁৰ অটো কিনাৰ সিদ্ধান্তটো প্ৰশংসনীয় আৰু ইয়ে সমাজৰ পৰা তেওঁ সন্মান লাভ কৰাত সহায় কৰিছে ৷’’

একাংশ তৃতীয় লিংগৰ ব্য়ক্তিয়ে আন্নীক নিজৰ আদৰ্শ হিচাপে লয় । ৰেশমাই লগতে কয় "তেওঁ সংগ্ৰামৰ মাজেৰে ডাঙৰ হৈছে, কিন্তু কেতিয়াও হাৰ নামানিলে । আনকি তেওঁ কানাড়া ছবি শিৱলীলাত খলনায়ক হিচাপেও অভিনয় কৰিছিল ৷ সমান্তৰালকৈ তেওঁ এগৰাকী জিম ট্ৰেইনাৰ ৷ আজিৰ তাৰিখত তেওঁৰ নিজা দুচকীয়া বাহন আছে আৰু তৃতীয় লিংগৰ জ্যেষ্ঠ লোকসকলৰ বাবে অৱসৰ গৃহ আৰম্ভ কৰাৰ সপোন পুহি ৰাখিছে ৷’’

প্ৰতিবন্ধকতা আঁতৰাই আৰ্হি স্থাপন

আন্নী মাংগালুৰুৰ যাত্ৰাটো হৈছে অপমান, আত্মসন্মান আৰু সফলতাৰ কাহিনী । যিখন সমাজত তৃতীয় লিংগৰ ব্যক্তিসকলক অৱহেলা কৰা হয়, সেইখন সমাজলৈ তেওঁৰ এই কাৰ্যই এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে ।

আন্নীয়ে কয়, "মই বিচাৰো প্ৰতিজন তৃতীয় লিংগৰ ব্যক্তিয়ে অনুভৱ কৰক যে তেওঁলোকেও ইচ্ছা কৰিলে কিবা এটা পাব পাৰে । যদি আমি আত্মসন্মানেৰে থিয় হৈ কঠোৰ পৰিশ্ৰম কৰো, তেন্তে আমি সমাজত আমাৰ স্থান মজবুত কৰিব পাৰিম ৷’’

লগতে পঢ়ক: ১৬৩ বছৰ পুৰণি এই মেচিনগানটোৰে মিনিটত চলে ৮০০ ৰাউণ্ড গুলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.