ETV Bharat / bharat

৮০০ ৰো অধিক সৃষ্টিৰে জিলিকিছে এগৰাকী বলুকা শিল্পী, বালিৰেই গঢ়িছে নিজৰ পৰিচয়

আধ্যাত্মিকতাৰ নগৰী পুষ্কৰৰ বালিৰে নিজৰ পৰিচয় গঢ়িছে এগৰাকী শিল্পীয়ে । সমগ্ৰ ভাৰততে চৰ্চিত হৈ পৰিছে এইগৰাকী বলুকা শিল্পী ।

Transforming Sand Into Art: The Story Of Pushkar's Ajay Singh Rawat
৪০ ফুটৰ মহাৰাণা প্ৰতাপৰ শিল্প (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 13, 2025 at 8:46 PM IST

|

Updated : September 14, 2025 at 12:03 AM IST

2 Min Read
Choose ETV Bharat

আজমেৰ: ৰাজস্থানৰ পৱিত্ৰ ভূমি কেৱল বীৰৰ বাবেই পৰিচিত নহয়, বিভিন্ন সাংস্কৃতিক কৰ্মীৰো জন্মভূমি । অজয় সিং ৰাৱট এজন এনে এগৰাকী শিল্পী, যি শৈশৱৰ এক খেলক অদ্বিতীয় কলালৈ পৰিৱৰ্তিত কৰিলে ।

মাটিৰ দ'মত খেলাৰে আৰম্ভ হোৱা এই যাত্ৰাই আজি তেওঁক উত্তৰ ভাৰতৰ একমাত্ৰ চৰ্চিত বলুকা শিল্পী হিচাপে পৰিচিত কৰি তুলিছে ।

Transforming Sand Into Art: The Story Of Pushkar's Ajay Singh Rawat
৪০ ফুটৰ মহাৰাণা প্ৰতাপৰ শিল্প (ETV Bharat)

পুষ্কৰৰ গনাহেড়া গাঁৱৰ অজয় সিং ৰাৱট, যি বৰ্তমানলৈ ৮০০ ৰো অধিক বলুকা শিল্প নিৰ্মাণ কৰিছে । তেওঁৰ শিল্পত কেৱল উৎসৱ-পাৰ্বনেই নহয়, দেশৰ সমসাময়িক ঘটনায়ো স্থান লাভ কৰে ।

Transforming Sand Into Art: The Story Of Pushkar's Ajay Singh Rawat
ৰাৱটে সৃষ্টি কৰা বলুকা শিল্প (ETV Bharat)

৫১ ফুট উচ্চতাৰ শ্ৰীৰাম মন্দিৰ, ২১ ফুটৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি আৰু ৪০ ফুটৰ মহাৰাণা প্ৰতাপৰ কৌশলো তেওঁ মুখ্য সৃষ্টিত আছে । পুস্কৰলৈ অহা দেশী-বিদেশী পৰ্যটকৰ বাবে অজয় সিং ৰাৱটে নিৰ্মাণ কৰা বলুকা শিল্প আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।

Transforming Sand Into Art: The Story Of Pushkar's Ajay Singh Rawat
বলুকাত শ্ৰীৰাম মন্দিৰ (ETV Bharat)

চৰকাৰী সাহায্যৰে নিৰ্মাণ কৰিলে ৰাষ্ট্ৰীয় বলুকা উদ্যান:

পুষ্কৰৰ সাতোৰঙী লোক-সংস্কৃতিয়ে সাত সমুদ্ৰৰ সিপাৰৰ পৰা অহা পৰ্যটককো আকৰ্ষিত কৰে । পুষ্কৰ মেলা ক্ষেত্ৰত প্ৰায় আঢ়ৈ হাজাৰ বৰ্গ গজত প্ৰসাৰিত ৰাষ্ট্ৰীয় বলুকা উদ্যানে পৰ্যটকক আকৰ্ষণ কৰি আহিছে ।

Transforming Sand Into Art: The Story Of Pushkar's Ajay Singh Rawat
পুষ্কৰ মেলাত বলুকা শিল্প (ETV Bharat)

ৰাজ্য চৰকাৰে অজয়ক তেওঁক সৃষ্টিশীলতাক প্ৰেৰণা দিবলৈ পুষ্কৰ মেলা ক্ষেত্ৰত আঢ়ৈ হাজাৰ বৰ্গ গজ ভূমি আবণ্টন দিয়ে, য'ত এতিয়া ৰাষ্ট্ৰীয় বলুকা উদ্যান নিৰ্মাণ কৰা হৈছে । ইয়াত দেশী-বিদেশী পৰ্যটকে প্ৰায় গোটেই বছৰটো ভিৰ কৰে আৰু অজয়ৰ সৃষ্টিক দেখি মন্ত্ৰমুগ্ধ হৈ পৰে ।

Transforming Sand Into Art: The Story Of Pushkar's Ajay Singh Rawat
৮০০ ৰো অধিক সৃষ্টিৰে জিলিকিছে এগৰাকী বলুকা শিল্পী (ETV Bharat)

সাধাৰণতে পুষ্কৰৰ পশু মেলাৰ সময়ত ১৫ দিন ধৰি মেলা ক্ষেত্ৰত লোকাৰণ্য হৈ পৰে । কিন্তু এতিয়া মুখ্যতঃ দুটা কাৰণত গোটেই বছৰটো পৰ্যটকৰে ভৰি থাকে । প্ৰথম কাৰণ উটৰ গাড়ী বহি পুষ্কৰৰ ভূমি দৰ্শন কৰা আৰু দ্বিতীয়টো বলুকা শিল্পী অজয় সিং ৰাৱটে নিৰ্মাণ কৰা সৃষ্টিৰাজিয়ে আকৰ্ষণ কৰে ।

বলুকা শিল্পী অজয় সিং ৰাৱট কৃষক পৰিয়ালৰ পৰা । শিক্ষক হোৱাৰ উদ্দেশ্যৰে তেওঁ গ্ৰেজুৱেশ্যনৰ পিছত B.Ed কৰে, কিন্তু ভাগ্যত হয়তো বেলেগ লিখা আছিল । ৰাৱটে ৰে'লৱেত চাকৰি পাই, কিন্তু ৰে'লৱে চাকৰিও এৰি বলুকা শিল্পী হিচাপে প্ৰতিষ্ঠা কৰাত লাগে ।

৩৫ বছৰীয়া ৰাৱটে নিজৰ প্ৰতিভাৰ জৰিয়তে উত্তৰ ভাৰতত নিজকে বলুকা শিল্পী হিচাপে প্ৰতিষ্ঠা কৰে ।

লগতে পঢ়ক: ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰীধাৰী মেৰীয়ে সপোন পূৰণ কৰিলে... মেৰীয়ে কি কৰে জানেনে ?

এবছু মানেই ইউ পি পি এল, ইউ পি পি এল মানেই এবছু: হাগ্ৰামাৰ কটাক্ষ

Last Updated : September 14, 2025 at 12:03 AM IST