ETV Bharat / bharat

ওলাই অহাৰ সুযোগেই নাপালে, ভূমিস্খলনৰ ফলত গাড়ীৰ ভিতৰতে প্ৰাণ গ'ল গৰ্ভৱতীসহ ৭ জনৰ - ARUNACHAL LANDSLIDE

প্ৰকৃতিয়ে কালৰূপ লৈছে অৰুণাচলত । ভূমিস্খলনৰ কবলত পৰি ২ গৰ্ভৱতী মহিলাসহ ৭ গৰাকী লোকৰ মৃত্যু । আন এক ঘটনাত মৃত্যু ২ কৃষকৰ ।

Arunachal Landslide
ভূমিস্খলনৰ কবলত বাহন;গৰ্ভৱতীসহ ৭ জনৰ মৃত্যু (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 31, 2025 at 4:46 PM IST

3 Min Read

তেজপুৰ: অৰুণাচল প্ৰদেশৰ চেপাত ভয়ংকৰ ঘটনা । শুকুৰবাৰে নিশা ধাৰাসাৰ বৰষুণৰ পিছত হোৱা ভূমিস্খলনৰ ফলত চেপা সংযোগী পথত দ খাৱৈত বাগৰি পৰে এখন বাহন । বাহনখনত ৭ গৰাকী লোক আছিল আৰু আটাইৰে মৃত্যু হয় ।

পূব কামেং জিলাৰ চেপাৰ ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সংঘটিত হয় এই শোকাৱহ ঘটনাটো । চেপাৰ আৰক্ষী অধীক্ষক কে চিকোমে জনাইছে, "বাহনখনৰ ভিতৰত থকা ৭ গৰাকী লোকৰে মৃত্যু হৈছে । ভূমিস্খলনৰ ফলত পাহাৰীয়া বোকা-পানীয়ে বাহনখন উটুৱাই লৈ যায় আৰু তেওঁলোকে বাহিৰলৈ ওলোৱাৰ কোনো সুযোগেই নাপালে ।"

Arunachal Landslide
ভূমিস্খলনৰ কবলত বাহনখন (ETV Bharat)

গৰ্ভৱতী, শিশুসহ ৭ জনৰ মৃত্যু

চেপা সংযোগী পথত সংঘটিত ঘটনাটোক লৈ অৰুণাচল প্ৰদেশত শোকৰ ছাঁ পৰিছে । ঘটনাটোত নিহতসকলৰ ভিতৰত ৪ গৰাকীয়ে শিশু আছিল । আনহাতে মৃত্যুক আঁকোৱালি লোৱা দুগৰাকী মহিলা গৰ্ভৱতী আছিল । নিহত লোককেইজন হৈছে ক্ৰমে শংকৰ ওৰফে সাজু বুডী আকা (৩৫ বছৰ), সাজুৰ পত্নী তথা ৪ মাহৰ গৰ্ভৱতী তাছুম বুডী আকা (২৫ বছৰ), কাচুং বুডী আকা (৮ বছৰ), নিচা বুডী আকা (৪ বছৰ), সাচী য়ামেৰ পত্নী তথা ৭ মাহৰ গৰ্ভৱতী জাজুম য়ামে, টুছুম য়ামে (৫ বছৰ), পাটিয়া য়ামে (৭ বছৰ) । নিহত আটাইকেইগৰাকী অৰুণাচল প্ৰদেশৰ বিচোম জিলাৰ বানাৰ কিটচাং গাঁৱৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে ।

Arunachal Landslide
অৰুণাচলত গৰ্ভৱতীসহ ৭ জনৰ মৃত্যু (ETV Bharat)

ইফালে একেটা স্থানতে আন এখন যাত্ৰীবাহী বাহনো বৃহৎ গাঁতত আবদ্ধ হৈ পৰে । কিন্তু সৌভাগ্যক্ৰমে এই ঘটনাটোত কোনো লোক হতাহত হোৱা নাই ।

Arunachal Landslide
অৰুণাচলত প্ৰকৃতিৰ কালৰূপ (ETV Bharat)

অৰুণাচল প্ৰদেশৰ গৃহ মন্ত্ৰী তথা চেপাৰ বিধায়ক মামা নাটোঙে ঘটনাটোক লৈ শোকপ্ৰকাশ কৰিছে । তেওঁ সামাজিক মাধ্যমৰ যোগেদি ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰি লিখিছে, "বানা আৰু চেপাৰ মাজৰ ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনৰ ফলত মোৰ বিধানসভা সমষ্টিৰ ৭ গৰাকী লোকৰ কৰুণ মৃত্যুৰ কথা শুনি মৰ্মাহত হৈছো । এই কঠিন সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা । বাৰিষাৰ সময়ত সকলোকে সজাগ হৈ থকাৰ লগতে নিশা ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনালোঁ । তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক । ওম শান্তি শান্তি ।"

Arunachal Landslide
ভূমিস্খলনত কেইবাখনো বাহন আবদ্ধ (ETV Bharat)

২ কৃষকৰ মৃত্যু

উল্লেখ্য যে যোৱা ৩ দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পাহৰীয়া ৰাজ্যখনৰ বিভিন্ন জিলাত এনেধৰণৰ কেইবাটাও ঘটনা সংঘটিত হৈছে । ডাপ'ৰিজোত পাহাৰীয়া কোৱাল নদীয়ে কেইবাটাও অট্টালিকাৰ ক্ষতিসাধন কৰিছে । ৰাজ্যখনৰ নামনি সোৱণশিৰি জিলাৰ জিৰ' কমলা নামৰ ঠাইখনৰ মাজত এখন কবি খেতিৰ বাগিচাত কৰ্মৰত ২ গৰাকী লোকৰো মৃত্যুৰ খবৰ পোৱা গৈছে । প্ৰশাসনে আন দুজন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । বাগিচাখনত হঠাতে অহা বাঢ়নি পানীয়ে কৰ্মৰত লোককেইজনক উটুৱাই লৈ যায় ।

Arunachal Landslide
অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন (ETV Bharat)

আনহাতে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ জামিৰী অঞ্চলত পথ বন্ধ হোৱাৰ খবৰ পোৱা গৈছে । বোমদিলা সংযোগী নতুন পথটো শুকুৰবাৰে ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰে যদিও শনিবাৰে প্ৰশাসনে যাত্ৰীৰ বাবে মুকলি কৰি দিয়ে । ডাপ'ৰিজোত ধাৰাসাৰ বৰষুণৰ ফলত চিগিন নদীৰ জলস্তৰ বৃদ্ধি পাইছে । নৈখনৰ বাঢ়নি পানীয়ে ঘৰ-দুৱাৰ আৰু সম্পত্তিৰ যথেষ্ট ক্ষতি কৰিছে । ডাপৰিজো চহৰৰো কিছু অংশৰ পৰা ক্ষতিৰ খবৰ পোৱা গৈছে । ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত আগন্তুক ২৪ ঘণ্টাত প্ৰচুৰ বৰষুণৰ আগজাননী দিছে ।

লগতে পঢ়ক :নীপকোৱে এৰিলে পানী: লখিমপুৰত দোকোলটঁকা বান, জলপ্ৰলয়ত দুজনৰ মৃত্যু - ASSAM FLOOD 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.