ETV Bharat / bharat

নিৰাপত্তাৰক্ষীৰ গুলীত ধৰাশায়ী দুৰ্ধৰ্ষ মাওবাদী নেতা - TOP MAOIST LEADER KILLED

নিষিদ্ধ চিপিআই(মাওবাদী)ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বহু ভয়ংকৰ আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী বাসৱৰাজু নিহত ।

Top Maoist Leader killed
নিৰাপত্তাৰক্ষীৰ গুলীত ধৰাশায়ী দুৰ্ধৰ্ষ মাওবাদী নেতা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 8:18 AM IST

6 Min Read

ৰায়পুৰ : "২০২৬ চনৰ ৩১ মাৰ্চৰ পূৰ্বে দেশৰ পৰা মাওবাদী সম্পূৰ্ণৰূপে নিৰ্মূল কৰা হ'ব ।" ইতিমধ্যে দেশবাসীক এই প্ৰতিশ্ৰুতি দি থৈছে গৃহ মন্ত্ৰী অমিত শ্বাহে । যাৰ বাবে দেশৰ মাওবাদী অধ্যুষিত ৰাজ্যবোৰত শেহতীয়া দিনবোৰত মাওবাদী বা নক্সালবাদৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে । বিশেষকৈ ছত্তীশগড়, তেলেংগানা আৰু মহাৰাষ্ট্ৰ আদি ৰাজ্যত মাওবাদী বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে ।

তেনে এক অভিযানৰ মাজতে নিৰাপত্তাৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰে । অভিযানকাৰী নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় মাওবাদীৰ শীৰ্ষ নেতা তথা মোষ্ট ৱাণ্টেড নম্বালা কেশৱ ৰাও ওৰফে বাসৱৰাজু । ছত্তীশগড়ৰ আবুঝমাড় বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত হয় দুৰ্ধৰ্ষ মাওবাদী বাসৱৰাজু । অন্ধ্ৰ প্ৰদেশৰ জিয়ানাপেটাৰ বাসৱৰাজুৱে আৰইচি ৱাৰংগলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল ।

২১ মে'ৰ অভিযানত ২৭ মাওবাদী নিহত :

নিৰাপত্তাৰক্ষীৰ মাওবাদী বিৰোধী অভিযানত ২৭ টা মাওবাদী নিহত হয় । তাৰ ভিতৰত আছিল নিষিদ্ধ চিপিআই(মাওবাদী)ৰ সাধাৰণ সম্পাদক বাসৱৰাজু । কিন্তু মাওবাদীৰ কাৰ্যকলাপক কেনেদৰে নেতৃত্ব দিছিল এই বাসৱৰাজুৱে ? বহু মাওবাদী আক্ৰমণত জড়িত বাসৱৰাজু আচলতে কোন ?

Top Maoist Leader killed
নিৰাপত্তাৰক্ষীৰ গুলীত মোষ্ট ৱাণ্টেড বাসৱৰাজু নিহত (ETV Bharat)

অন্ধ্ৰপ্ৰদেশত ডাঙৰ দীঘল হৈছিল : ১৯৫৫ চনৰ ১০ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলামৰ জিয়ানাপেটাৰ এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা বাসৱৰাজুৱে ৱাৰংগলৰ আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বি.টেক ডিগ্ৰী লাভ কৰিছিল । প্ৰশিক্ষিত অভিযন্তা বাসৱৰাজু ক্ৰীড়াৰ ক্ষেত্ৰতো ভাল আছিল । আনকি ভলীবলত ৰাষ্ট্ৰীয় পৰ্যায়ত অন্ধ্ৰপ্ৰদেশক প্ৰতিনিধিত্ব কৰিছিল । পিতৃ শিক্ষক আছিল ।

১৯৮০ চনত মাওবাদী আন্দোলনত অংশ লৈছিল : ১৯৮০ৰ দশকত মাওবাদী আন্দোলনত যোগদান কৰি গংগান্না, কৃষ্ণা, নৰসিংহ, প্ৰকাশকে ধৰি কেইবাটাও ছদ্মনামেৰে কাম কৰা বুলি জনা গৈছিল । ১৯৮৫ চনত বাসৱৰাজুৱে আত্মগোপন কৰিছিল বুলি অনুমান কৰা হয় ।

Top Maoist Leader killed
মোষ্ট ৱাণ্টেড বাসৱৰাজু নিহত (ETV Bharat)

পিপলছ ৱাৰ গঠনত মুখ্য ভূমিকা : ১৯৮০ চনত চিপিআই-এমএল (পিপলছ ৱাৰ) গঠনত বাসৱৰাজুৱে মূল ভূমিকা পালন কৰিছিল আৰু ১৯৯২ চনত ইয়াৰ কেন্দ্ৰীয় সমিতিৰো শীৰ্ষ পদত আছিল । ২০০৪ চনত একত্ৰীকৰণৰ পিছত চিপিআই (মাওবাদী) গঠন কৰা হয়, বাসৱৰাজুক কেন্দ্ৰীয় সামৰিক আয়োগৰ সচিব পদত নিযুক্তি দিয়া হৈছিল, য'ত সশস্ত্ৰ অভিযান আৰু কৌশলৰ তদাৰক কৰা হৈছিল ।

২০১৮ চনত সাধাৰণ সম্পাদক হৈছিল : ২০০৪ চনত পিপলছ ৱাৰ গ্ৰুপ আৰু মাওবাদী কমিউনিষ্ট চেণ্টাৰ (এমচিচি)ৰ একত্ৰীকৰণৰ পিছত দলটোৰ প্ৰথম সাধাৰণ সম্পাদক আছিল গণপতি ওৰফে মুপ্পালা লক্ষ্মনা ৰাও । ২০১৮ চনত গণপতিৰ স্থানত বাসৱৰাজু চিপিআই (মাওবাদী)ৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে ।

ফটো নথকাৰ বাবে অনুসন্ধানত জটিলতা : শেহতীয়াকৈ বাসৱৰাজুৰ কোনো ফটো ৰেকৰ্ডত নাছিল, যাৰ বাবে মাওবাদী নেতাটোক বিচাৰি উলিওৱাটো অত্যন্ত কঠিন হৈ পৰিছিল । বাসৱৰাজুৰ নেতৃত্বৰ এলেকাসমূহৰ ভিতৰত আছিল মূলতঃ ছত্তীশগড়, তেলেংগানা আৰু মহাৰাষ্ট্ৰৰ কিছু অংশ ।

Top Maoist Leader killed
চিপিআই কেন্দ্ৰীয় সমিতিৰ সদস্য আছিল বাসৱৰাজু (ETV Bharat)

গৰিলা ৰণকৌশলত চতুৰ,আইইডি সংস্থাপন পাৰ্গত : বাসৱৰাজুৱে মাওবাদী আক্ৰমণৰ বাবে গৰিলা কৌশল ৰচনা কৰাৰ বাবে পৰিচিত আছিল আৰু আইইডি সংস্থাপনৰ ক্ষেত্ৰতো বিশেষজ্ঞ আছিল । বাসৱৰাজুৱে কমেও ৮ বছৰ আবুঝমাড়ত শিবিৰ পাতি আছিল ।

দলৰ গুৰুত্বপূৰ্ণ ভূমিকা : বাসৱৰাজুৱে চোৰাংচোৱা আৰু অভিযান দুয়োটা দিশ নিয়ন্ত্ৰণ কৰিছিল আৰু পূৰ্বতে দণ্ডকাৰণ্যৰ বন বিভাগৰ মুৰব্বী আছিল । ইয়াৰ উপৰিও ৰাজু চিপিআই (মাওবাদী) পলিটব্যুৰ'ৰ সদস্য, স্থায়ী সমিতিৰ সদস্য, কেন্দ্ৰীয় সমিতিৰ অংশ আৰু দলীয় প্ৰকাশন আৱাম-ঈ-জঙৰ সম্পাদক মণ্ডলীৰ সদস্য আছিল ।

ঘাতক মাওবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড : মাওবাদীৰ বহু বৃহৎ আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী আছিল বাসৱৰাজু । ভাৰতৰ কিছুমান ভয়ংকৰ মাওবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড বাসৱৰাজু বুলি সন্দেহ কৰা হৈছে ।

  • ২০০৩ চনৰ ১ অক্টোবৰত তদানীন্তন অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ ওপৰত আলিপিৰি বোমা আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী আছিল বাসৱৰাজু । এই হত্যাৰ অপচেষ্টাৰ পৰা নাইডু ৰক্ষা পৰিছিল যদিও মাওবাদীৰ ধাৰাবাহিক লেণ্ডমাইন বিস্ফোৰণত আহত হৈছিল ।
  • ২০১০ চনত চিপিআই-মাওবাদীৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ আক্ৰমণৰ নেতৃত্ব দিছিল, য'ত দন্তেৱাড়া জিলাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৭৪ গৰাকী আৰু ছত্তীশগড় আৰক্ষীৰ দুজন জোৱান শ্বহীদ হৈছিল ।
  • জিৰাম উপত্যকা আক্ৰমণ ২০১৩ : ২০১৩ চনৰ ২৫ মে'ত জিৰাম উপত্যকাত এক ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছিল য'ত প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী তথা ছালৱা জুডুমৰ নেতা মহেন্দ্ৰ কৰ্মা আৰু ছত্তীশগড় কংগ্ৰেছৰ মুৰব্বী নন্দ কুমাৰ পেটেলসহ ২৭ গৰাকী লোক নিহত হৈছিল ।
  • ২০১৩ চনত ঝাৰখণ্ডত সংঘটিত লাতেহাৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ড বুলিও কোৱা হয় । উদ্ধাৰকাৰী দল আৰু চিকিৎসকক লক্ষ্য কৰি নিহত চিআৰপিএফ জোৱানৰ পেটত ফটো ছেনচিটিভ আইইডি সংস্থাপন কৰিছিল ।
  • ২০১৮ চনৰ অৰাকু তেলেগু দেশম বিধায়কৰ হত্যা : ২০১৮ চনৰ ২৩ ছেপ্টেম্বৰত অৰাকু তেলেগু দেশম পাৰ্টীৰ বিধায়ক কিদাৰী সৰ্বেশ্বৰ ৰাও আৰু প্ৰাক্তন বিধায়ক চিবেৰী ছ'মাৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ডো বাসৱৰাজু বুলি সন্দেহ কৰা হয় ।
  • ২০১৮ চনৰ সুকমা আইইডি আক্ৰমণ : চিআৰপিএফ জোৱান লৈ যোৱা এখন বাহনক লক্ষ্য কৰি মাওবাদীয়ে আইইডি বিস্ফোৰণ কৰিছিল । ৯ গৰাকী চিআৰপিএফ জোৱান নিহত হোৱাৰ বিপৰীতে ৬ গৰাকী আহত হৈছিল ।
  • ২০১৯ চনৰ গড়চিৰোলি লেণ্ডমাইন বিস্ফোৰণ : মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চলৰ এটা নিৰ্মীয়মান পথত মাওবাদীয়ে বাহনত অগ্নিসংযোগ কৰাৰ কিছু ঘণ্টাৰ পিছতে আৰক্ষীৰ বাহনত বিস্ফোৰণ । ১৫ জনতকৈ অধিক আৰক্ষী আৰু এজন চালক নিহত ।
  • ২০২১ সুকমা-বিজাপুৰ আক্ৰমণ : মাওবাদী বিৰোধী অভিযানৰ সময়ত নিৰাপত্তা বাহিনীক লক্ষ্য কৰি ভয়ংকৰ গুলীবৰ্ষণ । ২২ নিৰাপত্তাৰক্ষী নিহত হোৱাৰ বিপৰীতে ৩২ জন আহত হয় ।
  • ২০২৩ চনৰ দন্তৱাড়া আইইডি বিস্ফোৰণ : মাওবাদী বিৰোধী অভিযানৰ পৰা উভতি অহা এখন বাহনক লক্ষ্য কৰি আইইডি বিস্ফোৰণ । ডিআৰজিৰ ১০ গৰাকী জোৱান আৰু ১ গৰাকী সাধাৰণ নাগৰিক নিহত ।
  • ২০২৫ বিজাপুৰ আইইডি আক্ৰমণ : মাওবাদী বিৰোধী অভিযানৰ পৰা উভতি অহা এখন বাহনক লক্ষ্য কৰি এক শক্তিশালী আইইডি বিস্ফোৰণ । ডিআৰজিৰ ৮ জোৱান আৰু এজন চালক নিহত ।

বাসৱৰাজুৰ নেতৃত্বত মাওবাদীয়ে বৃহৎ পৰাজয়ৰ সন্মুখীন হৈছিল, ইয়াৰ ভিতৰত আছে :

  • ২০২৪ চনৰ কাংকাৰ এনকাউণ্টাৰ : নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰত মাওবাদীৰ বিস্তৰ ক্ষতিসাধন হয় । ২৯ মাওবাদী নিহত, ৩ নিৰাপত্তাৰক্ষী আহত ।
  • ২০২৪ চনৰ আবুঝমাড় সংঘৰ্ষ : মাওবাদীৰ এয়া আছিল অন্যতম ডাঙৰ বিফলতা । ৩৮ মাওবাদী নিহত; আহত এজন নিৰাপত্তাৰক্ষী ।

লগতে পঢ়ক :নাৰায়ণপুৰ-দন্তেৱাড়া সীমান্তত নক্সালবাদীৰ বিৰুদ্ধে বৃহৎ অভিযান; ২৭ জন মাওবাদী নিহত, এজন জোৱান শ্বহীদ - NAXALITE ENCOUNTER IN ABUJHMAD

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.