ETV Bharat / bharat

অৰুণাচলৰ পাকে ব্যাঘ্র প্ৰকল্পত বৃদ্ধি পাইছে বাঘৰ সংখ্যা - PAKKE TIGER RESERVE

অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চিজুছাত অৱস্থিত এই ব্যাঘ্র প্রকল্পত ২০২৪ বৰ্ষত ৯টা বাঘৰ তথ্য লাভ কৰা হৈছে ।

Pakke tiger reserve
অৰুণাচলৰ পাকে ব্যাঘ্র প্ৰকল্পত বৃদ্ধি পাইছে বাঘৰ সংখ্যা (camera trapping, Pakke tiger reserve)
author img

By ETV Bharat Assamese Team

Published : April 10, 2025 at 6:13 PM IST

4 Min Read

তেজপুৰ : শোণিতপুৰ জিলাৰ কাষতে অৱস্থিত পাকে সংৰক্ষিত বনাঞ্চল তথা ব্যাঘ্র প্ৰকল্পত ২০২৩-২৪ বৰ্ষৰ কেমেৰা ট্রেপৰ কাম বন বিভাগে সম্পূৰ্ণ কৰে । অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চিজুছাত অৱস্থিত এই ব্যাঘ্র প্রকল্পত বিগত বৰ্ষত ৯ টা ঢেকীয়াপতীয়া কেমেৰাত চিনাক্ত কৰিবলৈ সক্ষম হৈছে ।

ব্যাঘ্র প্ৰকল্পৰ বন প্ৰাধিকাৰী সত্যপ্ৰকাশ সিঙে ইটিভি ভাৰতক জনায় যে এইবাৰৰ কেমেৰা সংলগ্ন কাম সম্পূৰ্ণ হৈছে আৰু এইসমূহৰ বিশ্লেষণ কৰি থকা হৈছে ।

Pakke tiger reserve
অৰুণাচলৰ পাকে ব্যাঘ্র প্ৰকল্পত বৃদ্ধি পাইছে বাঘৰ সংখ্যা (camera trapping, Pakke tiger reserve)

অসমৰ গাতে লাগি থকা এই সংৰক্ষিত বনাঞ্চল তথা ব্যাঘ্র প্ৰকল্পটোত চোৰাং চিকাৰী নিৰীক্ষণ কৰিবলৈ সৰ্বমুঠ ৩৮ টা এণ্টি প’ছিং কেম্প আছে আৰু এই কেম্পত ২৪ ঘণ্টাই তদাৰক কৰিব পৰাকৈ বনকৰ্মী নিযুক্তি কৰা আছে বুলি জানিবলৈ দিয়ে বন প্ৰাধিকাৰী সত্যপ্ৰকাশ সিঙে ।

কেমেৰা সংস্থাপনৰ ফলাফল

বিগত ২০২৩ বৰ্ষৰ কেমেৰা ট্রেপিঙত ব্যাঘ্র সংৰক্ষিত বনাঞ্চলখনত ৭ টা ঢেকীয়াপতীয়া পোৱা গৈছিল যদিও যোৱা ২০২৪ চনত ৯ টা বাঘৰ তথ্য সদৰী কৰে বন প্ৰাধিকাৰী সিঙে । এই চতুৰ্থ পৰ্যায়ৰ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সকলো ৰেঞ্জতে অৰ্থাৎ চিজুছা, টিপি আৰু ৰি'লো ৰেঞ্জত চতুৰ্থ পৰ্যায়ৰ নিৰীক্ষণ কৰা হৈছিল ।

চিজুছা আৰু টিপি ৰেঞ্জৰ পৰা পোৱা তথ্যসমূহ কেৱল বাঘৰ জনসংখ্যাৰ অনুমানৰ বাবেহে বিবেচনা কৰা হৈছিল । তেওঁলোকৰ এছিয়ান ভালুকৰ সংখ্যা জৰীপৰ অংশ হিচাপে ডব্লিউ টি আইৰ অংশগ্ৰহণেৰে ৰিলো ৰেঞ্জত কেমেৰাসমূহ ট্ৰেপিং কৰা হৈছিল । ট্ৰেপিঙৰ সময়ত নমুনা সংগ্ৰহৰ ক্ষেত্ৰফল হিচাপে ৬০০ বৰ্গ কিলোমিটাৰ এলেকা আছিল ।

সিঙে কয়, "মুঠতে দুয়োটা ব্লকতে ১৫০টা স্থানত ২৩০টা কেমেৰা স্থাপন কৰা হৈছিল আৰু ইয়াত গ্ৰীড বাছি লোৱা হৈছিল । মুঠ ৬৭৫০টা ট্রেপিঙৰ হিচাপ পোৱা যায় । কেমেৰাৰ সংস্থাপনৰ সময়ত ৪৫ দিনৰ বন্ধৰ সময়সীমা অনুসৰণ কৰি ৫টা মাইকী বাঘ, ৩টা মতা বাঘ আৰু ১টা পোৱালিৰে গঠিত নটা (৯) বাঘৰ ফটো-কেপচাৰ কৰা হৈছিল ।"

তেওঁ কয়, "বাঘৰ উপৰি অন্যান্য জীৱ-জন্তুৰ আৰু তৃণভোজী প্ৰাণী যেনে সাধাৰণ নাহৰফুটুকী (সাধাৰণ আৰু মেলানিষ্টিক দুয়োটা প্ৰজাতি), গোধাফুটুকী, লতামাকৰি, নাহৰফুটুকী, সোণালী মেকুৰী, ভালুক বিড়াল, এছিয়াটিক ক'লা ভালুক, বনৰৌ, বনৰীয়া কুকুৰ, সৰু মাংসভোজী প্ৰজাতি যেনে ডাঙৰ জহামাল, সৰু জহামাল, হালধীয়া ডিঙিৰ মাৰ্টেন আৰু চিকাৰ প্ৰজাতি যেনে ছাম্বাৰ পোৱা গৈছে ।"

পাকে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ২০২৩-২০২৪ চনৰ ট্ৰেপিঙৰ সময়ত সুগৰী পহু, বনগাহৰি, মেথোন, হাতী, টুপীমূৰীয়া বান্দৰ, মলুৱা বান্দৰ, কেটেলা পহু, উদ, ৰাং কুকুৰা আদিও কেমেৰাত বন্দী কৰা হয় ।

পাকে ব্যঘ্র সংৰক্ষিত বনাঞ্চল

পাকে ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ বৈশিষ্ট্য হৈছে ইয়াৰ কাষেৰে বৈ অহা পাকে নদী । এই নদীত বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায় । এই নদীৰে নামনি অংশত অসমৰ শোণিতপুৰ জিলাত বৰদিকৰাই নামেৰে খ্যাত ।

উল্লেখ্য যে ১৯৬৬ চনৰ ১ জুলাইত পাকে ব্যাঘ্র সংৰক্ষিত বনাঞ্চলখন প্ৰথমে পাখুই সংৰক্ষিত বনাঞ্চল হিচাপে গঠন কৰা হয় । পৰৱৰ্তী সময়ত ১৯৭৭ চনৰ ২৮ মাৰ্চত খেল সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হয় । ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষৰ প্ৰজেক্ট টাইগাৰৰ অধীনত বিগত ২০০১ চনত ইয়াৰ নাম পাখুই বন্যপ্ৰাণী অভয়াৰণ্য কৰি ২০০২ চনৰ ২৩ এপ্ৰিলত পাকে বাঘ সংৰক্ষিত বনাঞ্চল দেশৰ ২৬ সংখ্যক ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে পৰিগণিত হয় ।

লগতে পঢ়ক :১১১ বছৰ পাৰ হ’ল, গাঁওখনৰ কোনেও গচকি পোৱা নাই থানাৰ দুৱাৰমুখ - NO FIR HAS BEEN REGISTERED
লগতে পঢ়ক :এজোপা গছৰ প্ৰেমত পৰিছে লাখ লাখ মৌমাখি: প্ৰতিবছৰে ঘৰ সাজিবলৈ আহে এই বিশেষ গছডাললৈ - BEE COLONIES IN MYSURU

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.