ৰাষ্ট্ৰীয় চিকিৎসক দিৱস; ইয়াৰ গুৰুত্ব - National Doctors Day 2024
National Doctors Day : প্ৰতি বছৰে ১ জুলাইত ভাৰতত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয় । এই দিনটোত চিকিৎসকসকলক সন্মান জনোৱাৰ লগতে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা চলোৱা হয় । এই বছৰ ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ বিষয়বস্তু হৈছে ‘‘স্থিতিস্থাপকতা আৰু নিৰাময়ৰ হাত’’ ।

Published : July 1, 2024 at 10:30 AM IST
নেশ্যনেল ডেস্ক, ১ জুলাই : চিকিৎসকসকল আমাৰ সমাজৰ প্ৰকৃত নায়ক আৰু তেওঁলোকৰ সেৱা অবিহনে সমাজৰ উন্নয়ন সম্ভৱ নহয় । ১ জুলাইত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয় । এই দিৱসে কেৱল ঔষধ আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত চিকিৎসকসকলৰ অৱদানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ প্ৰদান কৰাই নহয় সমাজত স্বাস্থ্য আৰু ঔষধৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । প্ৰতি বছৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস এটা নতুন বিষয়বস্তুৰে উদযাপন কৰা হয় ।
এই বছৰ ৰোগীৰ যত্ন লোৱাত চিকিৎসকৰ ভূমিকা চিনাক্ত কৰা আৰু কৃতজ্ঞতা জ্ঞাপন কৰা, তেওঁলোকক ৰোগমুক্ত আৰু স্বাস্থ্যৱান কৰাত সহায় কৰা আৰু বিভিন্ন কাৰণত জীৱনৰ বিপদাশংকা থকা লোকসকলৰ জীৱন সুৰক্ষিত কৰাৰ লক্ষ্যৰে ‘‘স্থিতিস্থাপকতা আৰু নিৰাময়ৰ হাত’’ক থীম হিচাপে লৈ ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন কৰা হৈছে ।
তাৎপৰ্যপূৰ্ণভাৱে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন ১৯৯১ চনত ইণ্ডিয়ান মেডিকেল এছ'চিয়েচন (আইএমএ)ৰ দ্বাৰা আৰম্ভ কৰা হৈছিল । এই অনুষ্ঠান উদযাপনৰ মূল উদ্দেশ্য আছিল মহান চিকিৎসক তথা পশ্চিমবংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰয়ৰ জন্ম আৰু মৃত্যু বাৰ্ষিকীক সন্মান জনোৱা । ডাঃ ৰয় এগৰাকী মহান চিকিৎসক, স্বাধীনতা সংগ্ৰামী আৰু সমাজকৰ্মী আছিল । চিকিৎসা ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানক সন্মান জনোৱাৰ বাবে ডাঃ বিধান চন্দ্ৰ ৰয়ক ১৯৬১ চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল ।
সকলোৱে জানে যে চিকিৎসকসকলে আমাৰ স্বাস্থ্য সুৰক্ষিত কৰিবলৈ দিনে-ৰাতিয়ে কাম কৰে । এই কামত তেওঁলোকে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হয় । যেনে দীঘলীয়া কৰ্ম সময়, মানসিক আৰু শাৰীৰিক চাপ আৰু জৰুৰী পৰিস্থিতি ইত্যাদি । চিকিৎসকসকল আমাৰ সমাজৰ গুৰুত্বপূৰ্ণ স্তম্ভ আৰু তেওঁলোকৰ ভূমিকাক প্ৰশংসা আৰু সন্মান কৰা প্ৰয়োজন ।
ৰাষ্ট্ৰীয় চিকিৎসক দিৱসে কেৱল চিকিৎসকসকলক তেওঁলোকৰ বৃত্তিৰ সৈতে সম্পৰ্কিত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ অনুপ্ৰাণিত কৰাই নহয় এই উপলক্ষে চিকিৎসকসকলৰ কঠোৰ পৰিশ্ৰম আৰু সমাজলৈ তেওঁলোকৰ অৱদানক স্বীকৃতি আৰু সন্মান জনোৱাৰ সুযোগ প্ৰদান কৰে । এই উপলক্ষে সমগ্ৰ দেশৰ বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে লোকসকলক স্বাস্থ্য আৰু ঔষধৰ গুৰুত্ব বুজাবলৈ চেষ্টা কৰা হয় । যাতে লোকসকলে তেওঁলোকৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত হয় ।
ইয়াৰ উপৰিও, ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে সমগ্ৰ দেশৰ চিকিৎসা প্ৰতিষ্ঠান আৰু চিকিৎসালয়সমূহে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে । য'ত চিকিৎসকসকলক সন্মান জনোৱা হয়, আলোচনাচক্ৰ, কৰ্মশালা, স্বাস্থ্য শিবিৰ আৰু আন বহু প্ৰকাৰৰ কাৰ্যকলাপ অন্তৰ্ভুক্ত থাকে । বৰ্তমান সময়ত সামাজিক মাধ্যমতো ইয়াৰ ব্যাপক প্ৰচাৰ চলোৱা হয় ।

