ETV Bharat / bharat

ৰিয়েল লাইফৰ বজৰংগী ভাইজান: পৰিত্যক্ত, অৱহেলিত লোকৰ বাবে ভগৱানস্বৰূপ সঞ্জয় কানৱাৰ - SANJAY KANWAR RESCUES LOST PEOPLE

স্মৃতি বিভ্ৰম ঘটা, অৱহেলিত তথা মানসিক ৰোগীৰ সন্ধানত থকা ৪৩ বছৰীয়া সঞ্জয় কানৱাৰে তেওঁলোকক সকলোতকৈ ডাঙৰ উপহাৰ দিয়ে - নিজৰ ঘৰ ।

SANJAY KANWAR RESCUES LOST PEOPLE
সঞ্জয় কানৱাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 9:12 PM IST

9 Min Read

পাওন্ত চাহাব (হিমাচল প্ৰদেশ): অসহ্যকৰ, দুৰ্গন্ধময় এক পৰিৱেশ ৷ গেলি-পচি যোৱা শাক-পাচলি, প্লাষ্টিকৰ বেগ তথা অন্যান্য পচি যোৱা বস্তুৰ উৎকট গোন্ধই ঠাইখনত কেইছেকেণ্ডমানৰ বাবে থিয় হোৱাটোও কঠিন কৰি তুলিছিল । এয়াই আছিল হিমাচলৰ ছিৰমৌৰ জিলাৰ কাথৱাৰ পঞ্চায়তৰ সমীপৰ ডাম্পিং গ্ৰাউণ্ড ৷ য’ত পৰি থকা জাৱৰত খাদ্য বিচাৰি ঢেৰ কাউৰীয়ে কা কা কৰি চিঞৰি ফুৰিছিল ৷

এই অঞ্চলৰ সমীপৰে যাব লাগিলে মানুহবোৰে নাক ঢাকিহে পাৰ হ’ব পাৰিছিল ৷ এই দমটোৰ কাষতে দেখা গৈছিল এজন মানুহক, যিয়ে হয়তো খাদ্য বিচাৰি আৱৰ্জনাবোৰৰ মাজেৰে খোজকাঢ়ি গৈ আছিল ।

সঞ্জয় কোঁৱৰ নামৰ এজন ব্যক্তি সেই জাৱৰৰ দমটোৰ কাষেৰে পাৰ হৈ গৈ থাকোতে অকস্মাতে ৰৈ যায় । কাৰণ তেওঁ সেই জাৱৰৰ দমৰ মাজত হতাশ মানুহজনক দেখা পাইছিল, য’ত আনে কেৱল আৱৰ্জনাবোৰহে দেখিছিল ।

SANJAY KANWAR RESCUES LOST PEOPLE
ৰিয়েল লাইফৰ বজৰংগী ভাইজান (ETV Bharat)

সঞ্জয়ে মুহূৰ্ততে তেওঁৰ ওচৰলৈ গৈ কথা-বতৰা পাতিবলৈ চেষ্টা কৰিলে । কিন্তু উত্তৰ দিবলৈ গৈ মানুহজনে ইতঃস্ততবোধ কৰে ৷ ৰ'দে পোৰা এখন মুখ, ফাটি যোৱা মলিয়ন নখৰে পৰিপূৰ্ণ লোকজনে সঞ্জয়ৰ ফালে থৰ হৈ চাই থাকিল, যিয়ে প্ৰথমে তেওঁক পানী আগবঢ়াইছিল ।

মানুহজনে প্ৰথমে দ্বিধাবোধ কৰিছিল যদিও লাহে লাহে পানী খাবলৈ ধৰিলে । কেইমিনিটমানৰ পিছত সঞ্জয়ে তেওঁক গৰম আহাৰ খাবলৈ দিলে আৰু শুনিবলৈ হাহাকাৰ কৰি থকা কিছুমান কথা ক’লে । বছৰ বছৰ ধৰি চলি অহা নিস্তব্ধতা ভাঙিবলৈ তেওঁক মাত্ৰ সেইটোৰেই প্ৰয়োজন আছিল আৰু তেওঁ তাকেই কৰিলে ।

“মোৰ নাম… সুৰেন্দ্ৰ মাঝি… আৰু মই বিহাৰৰ ।”

সেই মুহূৰ্তটো আছিল নিৰ্ণায়ক - সঞ্জয়ে সুৰেন্দ্ৰ, তেওঁৰ পৰিচয় আৰু ঘৰৰ ঠিকনা, এই সকলোবোৰ এটা বিন্দুৰে সংযোগ কৰিবলৈ চেষ্টা কৰি তেওঁক ঘৰলৈ লৈ যোৱাত সফল হোৱাৰ আশা কৰিছিল ।

পিছে চিনেমাত দেখা এয়া কোনো বজৰংগী ভাইজান বা আন হিৰো নাছিল, বৰঞ্চ তেজ-মঙহৰে গঠিত নিস্তব্ধ চহৰ পাওন্তা চাহাবৰ মিছনত বাস কৰা এজন সাধাৰণ মানুহেই আছিল ৷

দৰিদ্ৰ আৰু আৰ্তজনৰ বাবে ভগৱানস্বৰূপ ৪৩ বছৰীয়া সঞ্জয় কানৱাৰে মানসিক ৰোগী আৰু নিঃস্ব লোকসকলক ৰাজপথ, নলা আৰু জাবৰৰ দমৰ পৰা উদ্ধাৰ কৰি পৰিয়ালৰ সৈতে পুনৰ একত্ৰিত কৰিছে । সঞ্জয় হিমাচল প্ৰদেশৰ ছিৰমৌৰ জিলাৰ পাওন্ত চাহাবৰ এগৰাকী সমাজকৰ্মী হোৱাৰ লগতে পেছাত এগৰাকী সাংবাদিক ৷

তেওঁ এই কামটো চৰ্চা লাভৰ বাবে নকৰে ৷ ‘‘মই এজন দায়িত্বশীল নাগৰিক হিচাপে মোৰ কৰ্তব্য পালন কৰিছো ৷ কাৰণ ঘৰ হৈছে সেই ঠাই য’ত হৃদয় থাকে আৰু সকলো মানুহে নিজৰ পৰিয়ালৰ সৈতে পুনৰ যোগাযোগ লাভ কৰা উচিত । অভিপ্ৰায়বিলাক শক্তিশালী হোৱা উচিত । যদি আপুনি কাৰোবাক সহায় কৰিব বিচাৰে, তেনেহলে আপুনি কৰা উচিত’’ সঞ্জয়ে কয় ।

সুৰেন্দ্ৰ মাঝিৰ ক্ষেত্ৰত সঞ্জয়ে নিজৰ ফোন, বন্ধু-বান্ধৱী আৰু প্ৰশাসনৰ বিষয়াৰ নেটৱৰ্ক ব্যৱহাৰ কৰি বিহাৰত থকা পৰিয়ালৰ সন্ধান উলিয়ায় । ২৪ বছৰ ধৰি তেওঁৰ পৰিয়ালৰ লোকৰ সৈতে সাক্ষাৎ হোৱা নাছিল । ২৯ মাৰ্চত সুৰেন্দ্ৰক তেওঁৰ খুলশালীয়েক কপিলদেৱৰ হাতত গতাই দিয়া হয় ।

আৱেগিক হৈ কপিলে কয় ‘‘আমি কেতিয়াও ভবা নাছিলো যে আমি তেওঁক ঘূৰাই পাম, কিন্তু আমি তেওঁক ঘূৰাই পালো । আমি ভাবিছিলো যে তেওঁ চিৰদিনৰ বাবে হেৰাই গ’ল । তেওঁক ঘূৰাই পাই আমি যথেষ্ঠ সুখী আৰু তেওঁক কৰা সহায়ৰ বাবে সঞ্জয়ৰ ওচৰত কৃতজ্ঞ ৷’’

কিন্তু প্ৰতিটো কাহিনীয়ে এক নহয় ৷ পাওন্ত চাহাবৰ মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাৰ দৰে ভুক্তভোগী আৰু উদ্ধাৰকাৰী দুয়োৰে বাবে এয়া আবেগৰ বৰ্হিপ্ৰকাশ হ’ব পাৰে ৷ স্থানীয় বাসিন্দা আফলাটুনে তেওঁক ২৫ বছৰ পূৰ্বে নিৰুদ্দেশ হোৱা খুলশালীয়েক বুলি চিনাক্ত কৰে ৷ ছাটাউনত বিচৰণ কৰি থকা অৱস্থাত আৰক্ষীয়ে তেওঁক আত্মীয়ৰ ওচৰলৈ নিয়ে যদিও কোনোৱে তেওঁক গ্ৰহণ নকৰিলে ৷

আফলাটুনে কয় ‘‘তেওঁৰ কোনো সন্তান বা স্বামী নাই, কিন্তু যিহেতু মই তেওঁক ভালদৰে চিনি পাইছিলো, গতিকে মই তেওঁক অকলে এৰিব পৰা নাছিলো । তেওঁ এতিয়া মোৰ লগত থাকে । সঞ্জয়ৰ বাবেই সকলো আলোচনা হ’ব পাৰে ।’’

SANJAY KANWAR RESCUES LOST PEOPLE
কোনো পৰিয়ালৰ মিলনৰ মধুৰ মুহূৰ্তত (ETV Bharat)

বিহাৰৰ কোৰিয়া পট্টিৰ মুকেশ কুমাৰ এবছৰ ধৰি মানসিক ৰোগত আক্ৰান্ত হৈ ২০১৮ চনত নিৰুদ্দেশ হৈছিল । ললিতা দেৱীৰ পুত্ৰ এদিন ঘূৰি আহিব বুলি আশা কৰি থাকিলেও তেওঁৰ পৰিয়ালৰ সন্ধান অসাৰ হৈ পৰে ।

চলিত বছৰৰে এপ্ৰিল মাহত সঞ্জয়ে গণ্ডপুৰৰ সমীপত মুকেশ নামৰ কোনোবা এজনক পাই পৰিয়ালৰ বিষয়ে সোধা-পোছা কৰিবলৈ আৰম্ভ কৰে । সকলো তথ্য লাভ কৰাৰ পিছত সঞ্জয়ে পৰিয়ালৰ সৈতে যোগাযোগ কৰে আৰু কিছুদিনৰ পিছত মুকেশৰ মাতৃ পাওন্ত চাহাব থানাত উপস্থিত হৈ পুত্ৰক ঘৰলৈ নিয়ে । “মই জানিছিলো যে সি আহিব আৰু যোৱা ছবছৰৰ পৰা এই দিনটোৰ বাবে মই অপেক্ষা কৰি আছিলো” পুত্ৰক সাৱটি ধৰি হুকহুকাই কান্দি মুকেশৰ মাতৃয়ে কয় ৷

আন এজন ব্যক্তি দীনেশক সতাউনৰ সমীপত থকা পাচলি বজাৰৰ কাষৰ এটা কালভাৰ্টৰ তলত বাস কৰা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হয় । সঞ্জয়ে মানুহজনৰ বিষয়ে জানিব পাৰিলে আৰু তেওঁক উদ্ধাৰ কৰিবলৈ ৰৈ নাথাকিল ।

"যেতিয়া মই তেওঁৰ ওচৰ পালোঁ, তেওঁ কঁপি কঁপি জাৱৰৰ দম এটাত শুই আছিল । মই তেওঁক তাৰ পৰা আনি গা ধুৱাই দিলো আৰু তেওঁৰ চুলি কটালো । তাৰ বাবে তেওঁক এজন স্বাভাৱিক মানুহৰ দৰে দেখা গ'ল । যিহেতু তেওঁ নিজৰ পৰিচয়ৰ বিষয়ে বেছি ক'ব নোৱাৰিলে, সেয়েহে মই তেওঁক লগত লৈ তৰুৱালাৰ ডি-এডিকচন চেণ্টাৰলৈ গ'লো । তেওঁৰ পৰিয়ালৰ সন্ধান উলিয়াব পৰা গ'ল, সেয়েহে দীনেশক ৰাজস্থানৰ নিজৰ ঘৰ আশ্ৰমলৈ পঠিওৱা হ'ল, যিটো ঘৰ ৰাজস্থানৰ হেৰুওৱা আৰু অৱহেলিত লোকসকলৰ বাবে নিৰ্মাণ কৰা হৈছে’’ বুলি সঞ্জয়ে কয় ৷

কিছু বছৰৰ পৰা সঞ্জয়ৰ এই প্ৰচেষ্টা দেখি অহা পাওন্ত চাহাবৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ পীযুষ তিৱাৰীয়ে কয়, "সঁচাকৈয়ে বেয়া অৱস্থাত থকা মানসিক ৰোগীক তেওঁ আনি দিয়ে । কিন্তু কিছু সময়ৰ ভিতৰতে সঞ্জয়ৰ কথাই তেওঁলোকৰ ওপৰত আচৰিত কাম কৰে । তেওঁলোকক নিজৰ দৰে ব্যৱহাৰ কৰে আৰু তেওঁলোকৰ লগত লাহে লাহে কথা পাতে আৰু সেইটোৱে সকলো সলনি কৰি দিয়ে । তেওঁলোকে পুনৰ জীয়াই থাকিব বিচাৰে ।’’

সঞ্জয়ে কোনো প্ৰতিষ্ঠানৰ পৰা কোনো ধৰণৰ পুঁজি বা সহায় নাপায় । ভৰতপুৰৰ নিজৰ ঘৰলৈ যেতিয়া এজন ব্যক্তিক পঠিয়াই দিয়ে, তেতিয়া তেওঁৰ ব্যয় হয় প্ৰায় ১৬ হাজাৰ টকা ৷ বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীৰ সহায়ত তেওঁ এই ব্যৱস্থা কৰে । যিহেতু ছিৰমৌৰত এনে আশ্ৰয়গৃহ নাই, সেয়েহে সঞ্জয়ে উদ্ধাৰ হোৱা লোকসকলক বন্ধুৰ নিচামুক্ত কেন্দ্ৰত অস্থায়ী হিচাপে ৰাখে ।

এই পৰ্যন্ত সঞ্জয়ৰ এই প্ৰচেষ্টাই ১৫ জন লোকক পৰিয়ালৰ সৈতে একত্ৰিত কৰাত সহায় কৰিছে । প্ৰায় ৪০ জনক প্ৰেৰণ কৰা হৈছে আশ্ৰয় শিবিৰলৈ ।

উদ্ধাৰ আৰু পুনসংস্থাপন প্ৰক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰি সঞ্জয়ে কয়, "মই প্ৰথমে ব্যক্তিজনক গা ধোৱা, চাফা কৰা আৰু খাবলৈ দিয়া কাৰ্যৰ তদাৰক কৰো । তদুপৰি পৰিয়ালৰ বিষয়ে কোনো তথ্য পাবলৈ তেওঁলোকৰ লগত কথা পাতি থাকো । যদি তেওঁলোকৰ কিবা মনত পৰে, তেন্তে মোৰ সন্ধান আৰম্ভ কৰিবলৈ এটা সূত্ৰ বিচাৰি পাওঁ ।

সঞ্জয়ে ২০১৫ চনত পি জি আই চণ্ডীগড়ত পৰিয়ালৰ এজন সদস্যক চম্ভালি থকাৰ সময়তে সাধাৰণ লোকসকলক উদ্ধাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছিল । তাত তেওঁৰ চকুত পৰিল ‘লংগৰ বাবা’ নামৰ এজন মানুহ, যিয়ে ভোকত থকা যিকোনো ব্যক্তিক খোৱাবস্তু যোগান ধৰিছিল । ‘‘মই তেওঁৰ মাজত নিঃস্বাৰ্থ সেৱা দেখিছিলো আৰু ই মোৰ ওপৰত এক মচিব নোৱাৰা চিন বহুৱাইছিল । মই জানিছিলো যে মই মোৰ আহ্বান লাভ কৰিছো’’ এই যাত্ৰাৰ আৰম্ভণিৰ কথা সুঁৱৰি কয় ৷ এই ঘটনাৰ কিছুদিন পিছতে তেওঁ প্ৰথমগৰাকী মানসিক ৰোগীক উদ্ধাৰ কৰে ৷

সঞ্জয়ৰ কাম কেৱল নিৰুদ্দেশ হোৱা বা পৰিত্যক্ত মানুহক উদ্ধাৰ কৰাত সীমাবদ্ধ নহয় । তেওঁ বৃদ্ধসকলক সময়মতে পেঞ্চন লাভ কৰাতো সহায় কৰে । যমুনা ঘাটৰ ওচৰত এগৰাকী দৃষ্টিহীন মহিলাই ভিক্ষা খুজিছিল যদিও প্ৰথম পেঞ্চন পোৱাৰ সময়ত সঞ্জয়ৰ সহায়ত গুৰুদ্বাৰা গলিৰ ওচৰলৈ গৈ মিঠাই লৈ সঞ্জয়ৰ বাবে অপেক্ষা কৰিছিল । "মই তেওঁৰ নামটো মনত পেলাব পৰা নাই, কিন্তু তেওঁ ভগৱানৰ দান" মহিলাগৰাকীয়ে কয় ।

যিদিনা সঞ্জয় সেই ঠাইলৈ উভতি আহিছিল, সেইদিনা মহিলাগৰাকীৰ দুচকু চকুলোৰে ভৰি পৰিছিল ৷ সঞ্জয়ে এই সন্দৰ্ভত কয়, ‘‘তেওঁ মোক ধন্যবাদ দি থাকিল, আনহাতে মই মাত্ৰ তেওঁৰ বাবে আনুষ্ঠানিকতাবোৰ প্ৰক্ৰিয়াকৰণ কৰিলো । কিন্তু তেওঁক মৰ্যদাৰে জীয়াই থকা দেখিবলৈ পাই উৎসাহিত হৈছো ।’’

সঞ্জয়ৰ হয়তো কোনো ডাঙৰ কাৰ্যালয়, বেনাৰ বা ছ’চিয়েল মিডিয়াৰ বিজ্ঞাপন নাই, কিন্তু তেওঁৰ সকলো প্ৰয়োজনীয়তাৰ মৌলিক - হেৰুওৱা আৰু অৱহেলিতৰ বাবে আছে এখন চিন্তিত হৃদয় । তেওঁৰ এটা ফোন আছে, কিছুমান দয়ালু বন্ধু আছে আৰু চৌপাশৰ পৃথিৱীখন সলনি কৰাৰ অদম্য ইচ্ছাশক্তি আছে ।

“তেওঁ এজন চেম্পিয়ন । আমি যিমান পাৰো তেওঁক সমৰ্থন আগবঢ়াইছো । মই তেওঁক কৈছো যে আনুষ্ঠানিকভাৱে যদি কিবা সমস্যাত পৰে, তেন্তে আমি তেওঁৰ বাবে আমাৰ ৰাষ্টা খোলা ৰাখিম । তেওঁৰ কামেই হৈছে সেৱাৰ সৰ্বোচ্চ ৰূপ” এছ ডি এম গুণজিৎ সিং চিমাই সঞ্জয়ৰ সন্দৰ্ভত এনেদৰে কয় ।

লগতে পঢ়ক: আইনৰ স্নাতক হ'লেই অৱতীৰ্ণ হ'ব নোৱাৰিব ন্যায়িক সেৱা পৰীক্ষাত; চৰ্ত বান্ধি দিলে শীৰ্ষ ন্য়ায়ালয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.