এজন অভিযন্তা, যি দৰিদ্ৰজনৰ ভোজনালয়লৈ পৰিৱৰ্তিত কৰিলে নিজৰ ঘৰখন
ভগৱান জগন্নাথৰ দৰ্শনৰ বাবে প্ৰতিদিনে হাজাৰৰো অধিক ভক্ত আহে পুৰীলৈ । এগৰাকী ব্যক্তি যি নিজকে নিমজ্জিত কৰিছে এক অসাধাৰণ পূজাত । পঢ়ক এই প্ৰতিবেদন ।

Published : August 29, 2025 at 7:32 PM IST
পুৰী: প্ৰতিদিনে পুৱা ১১:৩০ বজাত আৰ্তজন আহে ভাগৰুৱা শৰীৰ আৰু পেটত ভোক লৈ । কিন্তু তেওঁলোক উভতি যায় পেট পুৰাই, হৃদয় জুৰাই, কিয়নো তেওঁলোকৰ বাবে চিন্তা কৰে এজন বিশেষ লোকে । তেওঁৰ নাম জিতেন্দ্ৰ কিশোৰ চাহু, গণ্ডিয়াৰ মন্দিৰৰ সমীপৰ এটোটাত থকা তেওঁৰ ঘৰৰ দুৱাৰ প্ৰত্য়েকগৰাকী আৰ্তজনৰ বাবে সদায় খোলা থাকে । সেই ঘৰটোতে তেওঁ প্ৰায় ৪০ গৰাকী অসহায়, অঘৰী, বিকলাংগ আৰু জ্যেষ্ঠ ব্যক্তিক শ্ৰদ্ধাৰে এসাজ গৰম ভোজন কৰায় ।
চাহু এনে এগৰাকী ব্যক্তি, যিগৰাকীয়ে আৰ্তজনক সহায় কৰাটোৱেই তেওঁৰ জীৱনৰ একমাত্ৰ মিছন হিচাপে লৈছে । তেওঁ কাতি মাহৰ পৰা নিজৰ এই পাকঘৰ আৰম্ভ কৰে, যি আৰ্তজনক সহায় কৰাৰ উৎকৃষ্ট সময় হিচাপে গণ্য কৰা হয় । কিন্তু তেওঁ এইটো জনা নাছিল যে এমাহ বা এবছৰৰ পিছত সকলোবোৰ কিদৰে বিকশিত হ'ব । লাহে লাহে দিন বাগৰাৰ লগে লগে চাহুৱে অনুভৱ কৰে যে তেওঁ এই সেৱা অব্যাহত ৰাখিব পাৰিব । কিয়নো মাত্ৰ তিনি মাহৰ ভিতৰত একে চিন্তাধাৰাৰ আন বহু লোকে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে ।
এগৰাকী অবিযন্তা, যি চাকৰি শেষ হোৱাৰ পূৰ্বেই অৱসৰ গ্ৰহণ কৰে, ইয়াৰ পিছত তেওঁৰ অধিকাংশ সময় পাকঘৰৰ প্ৰয়োজনীয় সামগ্ৰী গোটোৱাতে ব্যস্ত হৈ থাকে । তেওঁ প্ৰদান কৰা ভোজনৰ থালিত থাকে ভাত, দাইল, কেতিয়াবা কেতিয়াবা খীৰ আদিৰ দৰে সকলো সতেজ খাদ্য ।
জীতেন্দ্ৰই কয়, "যেতিয়া তেওঁলোকে মোৰ ঘৰৰ ভিতৰত বহি ভোজন কৰে, তেতিয়া যেন মই মোৰ সম্পূৰ্ণ পৰিয়ালটোৰ সৈতে ভোজন কৰি আছো তেনে অনুভৱ হয় । এই লোকসকল ৰাস্তাৰ কাষত আৰু বাছ আস্থানত থাকে, কিন্তু তেওঁলোকে কেতিয়াও সম্পূৰ্ণ ভোজন কৰিব নোৱাৰে । এবাৰ মোৰ কন্যাই যেতিয়া তেওঁলোকক ভোজন কৰোৱাৰ কথা চিন্তা কৰি মোক পৰামৰ্শ দিয়ে, তেতিয়া মোৰ কন্যাৰ শব্দকেইটাই মোৰ হৃদয়ত চাপ বহুৱায় । তাইৰ কথাকেইটা মোৰ বাবে প্ৰেৰণা হ'ল ।"
এজন ব্যক্তিৰ পৰা আৰম্ভ হোৱা এই প্ৰয়াসৰ এতিয়া প্ৰসাৰ হ'ল । আৰ্তজনক পথত লগ পোৱা, তেওঁলোকক আমন্ত্ৰণ কৰা আৰু তেওঁলোকৰ মনত বিশ্বাস জন্মোৱা - এয়া এতিয়া এক সামূহিক সেৱালৈ পৰিৱৰ্তিত হ'ল । আজি তেওঁৰ ঘৰত প্ৰতিদিনে ৪০ ৰ পৰা ৫০ লোকে ভোজন কৰে । এইক্ষেত্ৰত তেওঁক বন্ধু, চুবুৰীয়া, আনকি অচিনাকি লোকেও সহায় কৰে । কোনোৱে যদি খাদ্য তৈয়াৰ কৰাত সহায় কৰে, আন কোনোৱে আকৌ সহায় কৰে খাদ্য বিতৰণ কৰি । কোনোৱে চাউল, দাইল অথবা টকা-পইচাৰে সহায় কৰি এই প্ৰচেষ্টা উজ্জীৱিত কৰি ৰাখিছে ।
জীতেন্দ্ৰই কয়,"মই প্ৰতিমাহে প্ৰায় ৫০,০০০ টকা নিজৰ পকেটৰ পৰা খৰচ কৰোঁ, যি মই অভিযন্তা হিচাপে যোৱা দুটা দশকত সাঁচি ৰাখিছিলোঁ । কিন্তু স্বাস্থ্য সম্বন্ধীয় কিছু সমস্যাৰ বাবে মই ঘৰলৈ উভতি আহিবলগীয়া হ'ল । জগন্নাথৰ আশীৰ্বাদৰ ফলত আৰ্তজনৰ সেৱা কৰি যাব পাৰিছে বুলি তেওঁ ভাবে । তেওঁৰ পত্নী আৰু কন্যা তেওঁৰ এই যাত্ৰাৰ অন্যতম সহযোগী আৰু তেওঁলোকে জীতেন্দ্ৰক যিকোনো সমস্যা নোহোৱাকৈ কাম সম্পন্ন কৰাত সহায় কৰে ।

