জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীবৰ্ষণ; নিহত 3 পাকিস্তানী সন্ত্ৰাসবাদী
জম্মু-কাশ্মীৰৰ কিষ্টৱাৰৰ চাটৰুত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ ৷ এতিয়ালৈকে সেনাৰ গুলীত নিহত তিনি পাকিস্তানী সন্ত্ৰাসবাদী ।

Published : April 12, 2025 at 11:36 AM IST
জম্মু : জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হৈছে সংঘৰ্ষ ৷ বাতৰি লিখা পৰলৈকে এই সংঘৰ্ষত নিহত হৈছে তিনিজন সন্ত্ৰাসবাদী । নিহত তিনিওজন সন্ত্ৰাসবাদী পাকিস্তানী বুলি জানিব পৰা গৈছে । ইয়াৰে দুজন আজি (শনিবাৰ) নিহত হোৱাৰ বিপৰীতে কালি(শুকুৰবাৰ)ৰ এনকাউণ্টাৰত নিহত হয় তৃতীয়জন পাকিস্তানী সন্ত্ৰাসবাদী ।
তথ্য অনুসৰি, এক গোপন তথ্যৰ ভিত্তিত ৯ এপ্ৰিলৰ পৰা কিষ্টৱাৰৰ চাট্ৰু অঞ্চলত নিৰাপত্তাৰক্ষীৰ চলায় এক অভিযান ৷ নিৰাপত্তাৰক্ষীৰ এই অভিযানত শুকুৰবাৰে এজন পাকিস্তানী সন্ত্ৰাসবাদী নিহত হয় ৷ ইয়াৰ বিপৰীতে আজি এই নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হয় ।
- উদ্ধাৰ হৈছে এম ৪ কাৰবাইন আৰু এ ৫৬ ৰাইফল
কিষ্টৱাৰৰ চাটৰু অঞ্চলত হোৱা এই মুখামুখি সংঘৰ্ষৰ পাচতে সন্ত্ৰাসবাদীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয় । এই অস্ত্ৰসমূহৰ ভিতৰত আছে এটা এম ৪ কাৰবাইন আৰু এটা ৫৬ ৰাইফল ৷

- দুদিন ধৰি হোৱা এই এনকাউণ্টাৰত নিহত ৩পাকিস্তানী সন্ত্ৰাসবাদী
সেনাই কয়, ‘‘ভাৰতীয় সেনাৰ অভিযান অব্যাহত আছে । কালিৰ পৰা আজিলৈকে এই সন্ত্ৰাসবাদী আক্ৰমণত তিনিজন পাকিস্তানী সন্ত্ৰাসবাদী নিহত হৈছে ।’’
সেনাই আৰু কয়, ‘‘কিষ্টৱাৰৰ দুৰ্গম ভূখণ্ড আৰু বেয়া বতৰৰ মাজতো জোৱানসকলৰ অপাৰেচন অব্যাহত আছে । এই ঘটনাত এতিয়ালৈকে তিনিজন পাকিস্তানী উগ্ৰপন্থী নিহত হৈছে । ইয়াৰে আজি দুজন সন্ত্ৰাসবাদী আৰু কালি এজন সন্ত্ৰাসবাদী নিহত হয় । তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে । ইফালে নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত আছে ।’’
Op Chhatru : Update
— White Knight Corps (@Whiteknight_IA) April 12, 2025
In the ongoing operations at #Chhatru, Kishtwar, despite bad and inclement weather, two more Pakistani terrorists have been eliminated. A large quantity of war like stores including One AK and One M4 rifle have been recovered.
Operations are in progress.…
- পেৰাচুট ব্যৱহাৰ কৰি দুৰ্গম অঞ্চলত আৰক্ষী, সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ লোকক অৱতৰণ
৯ এপ্ৰিলৰ পৰা এই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাই এই অভিযান আৰম্ভ কৰিছিল । ইয়াৰ বাবে আৰক্ষী, সেনা আৰু অৰ্ধসামৰিক বাহিনীক পেৰাচুটৰ জৰিয়তে এই দুৰ্গম অঞ্চলত অৱতৰণ হৈছিল । চাটৰু অঞ্চলত তিনিজন সন্ত্ৰাসবাদীক হত্যা কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত অভিযান আৰম্ভ কৰিছে ।

