শ্ৰীনগৰ: জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ কেলাৰৰ শুক্ৰু অঞ্চলত মঙলবাৰে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ (LeT)ৰ তিনিটা সন্ত্ৰাসবাদী নিহত হয় । যোৱা মাহত পহলগামত সংঘটিত হোৱা ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে দায়ী বুলি ধৰা সন্ত্ৰাসবাদীৰ সন্ধানত চলোৱা অভিযানৰ সময়তে এই এনকাউণ্টাৰ সংঘটিত হয় ।
জম্মু-কাশ্মীৰ আৰক্ষী, ভাৰতীয় সেনা আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ যৌথ দলে কেলাৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ চোৰাংচোৱাৰ তথ্য লাভ কৰাৰ পিছত মঙলবাৰে পুৱা ঘেৰাও আৰু তালাচী অভিযান আৰম্ভ কৰে বুলি আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়ে ।
VIDEO | Encounter underway in Shopian district of Jammu and Kashmir.
— Press Trust of India (@PTI_News) May 13, 2025
(Note: Visuals deferred by unspecified time)
(Full video available on PTI Videos - https://t.co/n147TvqRQz) pic.twitter.com/LO3EWpIxp6
অভিযানৰ সংবেদনশীলতাৰ বাবে নাম প্ৰকাশ নকৰাকৈ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, "যৌথ দলটোৱে সন্দেহযুক্ত আত্মগোপন স্থানৰ কাষ চাপি অহাৰ লগে লগে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে ৷ নিৰাপত্তাৰক্ষীৰ দলেও ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়ে ৷" বিষয়াজনে সদৰী কৰা মতে, বৰ্তমানো এই গুলীচালনা অব্যাহত আছে আৰু অতিৰিক্ত নিৰাপত্তা বাহিনীক উক্ত স্থানলৈ প্ৰেৰণ কৰা হৈছে ।
OPERATION KELLER
— ADG PI - INDIAN ARMY (@adgpi) May 13, 2025
On 13 May 2025, based on specific intelligence of a #RashtriyasRifles Unit, about presence of terrorists in general area Shoekal Keller, #Shopian, #IndianArmy launched a search and destroy Operation. During the operation, terrorists opened heavy fire and fierce… pic.twitter.com/KZwIkEGiLF
আৰক্ষীয়ে এই এনকাউণ্টাৰক লৈ এতিয়ালৈ কোনো বিবৃতি প্ৰকাশ কৰা নাই যদিও সেনাই এই অভিযানত তিনিটা সন্ত্ৰাসবাদীক হত্যা কৰা বুলি নিশ্চিত কৰিছে ।
"অপাৰেচন কেলাৰ : ২০২৫ চনৰ ১৩ মে'ত #RashtriyasRifles Unit ৰ এটা নিৰ্দিষ্ট চোৰাংচোৱাৰ ভিত্তিত শ্বোকল কেলাৰৰ এটা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰি #Shopian, #IndianArmy অনুসন্ধান আৰু ধ্বংস অভিযান আৰম্ভ কৰে ৷ অভিযানৰ সময়ত সন্ত্ৰাসবাদীয়ে প্ৰচণ্ড গুলীচালনা কৰে আৰু তীব্ৰ গুলীচালনা হয়, যাৰ ফলত তিনিটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক নিহত হয় ।" Xত সেনাবাহিনীৰ এগৰাকী মুখপাত্ৰই এইদৰে কয়।

উল্লেখ্য যে এই অভিযানৰ পূৰ্বে আজি পুৱা দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ বিভিন্ন অঞ্চলৰ কেইবাটাও স্থানত নিৰাপত্তা সংস্থাই পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত তিনিটাকৈ ৱাণ্টেড সন্ত্ৰাসবাদীৰ ফটো থকা পোষ্টাৰ আঁৰে । এই পোষ্টাৰসমূহত জনসাধাৰণক আহ্বান জনোৱা হয় যে যদি কোনো লোকৰ হাতত এই সন্ত্ৰাসবাদীসকলৰ বিষয়ে কোনো তথ্য আছে তেন্তে তেওঁলোকে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰক ৷ পোষ্টাৰ সমূহত তথ্যদাতাক ২০ লাখ টকাৰ নগদ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰাৰ লগতে তেওঁলোকৰ পৰিচয় গোপনীয় ৰখাৰ কথা উল্লেখ কৰা হয় ৷
পোষ্টাৰসমূহত দিয়া বাৰ্তাত উল্লেখ আছে যে দেশত এনে জন্তুৰ বাবে স্থান নাই, যিয়ে নিৰীহ লোকক হত্যা কৰিছে ৷ জাতিটোৰো প্ৰয়োজন নাই । এই সন্ত্ৰাসবাদীৰ খবৰ দিয়াটো ৰাষ্ট্ৰীয় কৰ্তব্য । সন্ত্ৰাসবাদী তিনিটাৰ ৱাণ্টেড পোষ্টাৰ আৰক্ষীয়ে পোষ্ট কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে এই এনকাউণ্টাৰৰ সূচনা হয় ।