হায়দৰাবাদ: সামাজিক মাধ্য়মৰ প্লেটফৰ্মৰ জড়িয়তে সন্ত্ৰাসবাদী সংগঠনসমূহে কেনেদৰে যুৱকসকলক প্ৰলোভিত কৰাৰ লগতে সন্ত্ৰাসমূলক কাৰ্যৰ প্ৰতি আকৰ্ষিত কৰে সেই বিষয়ে নতুন পদ্ধতিৰ তথ্য় লাভ কৰিছে অনুসন্ধানকাৰীয়ে ।
অনুসন্ধানকাৰীয়ে সামাজিক মাধ্যমৰ প্লেটফৰ্মৰ যোগেদি যুৱকক প্ৰলোভিত কৰাৰ লগতে সন্ত্ৰাসমূলক কাৰ্য ৰূপায়িত কৰিবলৈ সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা ব্যৱহৃত নতুন পদ্ধতি সম্পৰ্কে তথ্য় লাভ কৰিছে । ‘মেজিক লেণ্টাৰ্ণ’ কৌশল বুলি অভিহিত এই কৌশলেৰে যুৱকৰ অনুভৱজনিত সংবেদনশীলতাৰ সুযোগ গ্ৰহণ কৰি ঘৃণা আৰু প্ৰৰোচনামূলক পোষ্টৰ মাধ্যমেৰে অপৰাধমূলক কাৰ্যকলাপত নিয়োগ কৰা হয় ।
ছিকন্দৰাবাদ আৰু বিজয়নগৰমৰ পৰা শেহতীয়াভাৱে গ্ৰেপ্তাৰ কৰা দুই যুৱকৰ ওপৰত কৰা অনুসন্ধানত তদন্তকাৰীয়ে প্ৰকাশ কৰিছে যে সন্ত্ৰাসবাদী সংগঠনৰ হেণ্ডলাৰসকলে এনে যুৱকৰ অনুসন্ধান কৰি তেওঁলোকক লক্ষ্য় কৰি লয় । ইয়াৰ জৰিয়তে কোনো নিৰ্দিষ্ট গোষ্ঠীৰ বিৰুদ্ধে ঘৃণাৰ ভাৱ জন্মাবলৈ উচটনি দিয়ে ।
‘মেজিক লেণ্টাৰ্ণ’ কৌশলে কেনেদৰে কাম কৰে:
* সন্ত্ৰাসবাদী হেণ্ডলাৰসকলে ইনষ্টাগ্ৰাম, এক্স (পূৰ্বতে টুইটাৰ), টেলিগ্ৰাম আৰু ফেচবুকৰ দৰে প্লেটফৰ্মত কিছুমান গোটৰ বিৰুদ্ধে অন্যায়ৰ ওপৰত আলোকপাত কৰি উত্তেজক পোষ্ট কৰে ।
* তেওঁলোকে সঁহাৰি নিৰীক্ষণ কৰে আৰু সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ মন্তব্য সতৰ্কতাৰে বিশ্লেষণ কৰে ।
* যিসকলে শক্তিশালী আৱেগিক সমৰ্থন বা আৱেগিক মন্তব্যৰে প্ৰতিক্ৰিয়া কৰে তেওঁলোকক তালিকাভুক্ত কৰা হয় ।
* হেণ্ডলাৰসকলে এই ব্যক্তিসকলক উদ্দেশ্য়পূৰ্ণ বাৰ্তা প্ৰেৰণ কৰে, যাৰ ফলত বিচ্ছিন্নতা আৰু ঘৃণাৰ অনুভূতি গভীৰ হয় ।
* তেওঁলোকক সভালৈ আমন্ত্ৰণ জনোৱা হয় । ইয়াত উগ্ৰপন্থী কাৰ্যকলাপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হয় ।
শেহতীয়াকৈ ছিকন্দৰাবাদ আৰু বিজয়নগৰমৰ যুৱক-যুৱতীসকলৰ সৈতে জড়িত ঘটনাটোত সন্দেহযুক্তসকলক এই পদ্ধতি ব্যৱহাৰ কৰি নিয়োগ কৰা হৈছিল । তেওঁলোকক 'অল হিন্দ ইত্তেহাদুল মুছলিমিন' গঠন কৰাৰ দায়িত্ব দিয়া হৈছিল । অনুসন্ধানত প্ৰকাশ পাইছে যে হেণ্ডলাৰসকলে ছিগনেল এপৰ জৰিয়তে বোমা প্ৰস্তুতৰ নিৰ্দেশনা প্ৰেৰণ কৰিছিল । যুৱকসকলক জনবহুল এলেকাত আক্ৰমণৰ পৰিকল্পনা কৰাৰ আগতে পৰীক্ষণ বিস্ফোৰণ ঘটাবলৈ আহ্বান জনাইছিল ।
সময়মতে চোৰাংচোৱাই তথ্য় লাভ কৰাৰ পিছতেই দুজনক গ্ৰেপ্তাৰ কৰাত কূটাঘাটৰ ষড়যন্ত্ৰ বিফল হয় । তদন্তকাৰীসকলে সন্দেহ কৰিছে যে অনুৰূপ কৌশলসমূহত আই এছ আই এজেণ্ট জ্যোতি মালহোত্রাও জড়িত হ'ব পাৰে । সুৰক্ষা এজেন্সীসমূহে এই বুলি উল্লেখ কৰিছে যে সন্ত্ৰাসবাদী সংগঠনসমূহে সামাজিক মাধ্যম ব্য়ৱহাৰ কৰি জটিল মানসিক কৌশলৰে 'মেজিক লেণ্টাৰ্ণ'ৰ সহায়ত যুৱকসকলক নিয়োজিত কৰাৰ লগতে কূটাঘাতৰ প্ৰতি আকৰ্ষিত কৰিছে ।