ETV Bharat / bharat

ৰীলছ বনোৱাটোৱেই কাল হ'ল ! পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা

বহুতে হেনো জীয়েকৰ উপাৰ্জনেৰে খাই থকা বুলি পিতৃক হাঁহিছিল ৷ এফালে কন্যাই বনোৱা ৰীলছ আনফালে টেনিছ একাডেমী, এটাও সহ্য হোৱা নাছিল পিতৃ দীপক যাদৱৰ ৷

Tennis player Radhika Yadav murdered by her father in Gurugram
ৰাধিকা যাদৱ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 11, 2025 at 7:33 AM IST

4 Min Read
Choose ETV Bharat

গুৰুগ্ৰাম (হাৰিয়ানা): এটা নহয়, দুটা নহয়, একেৰাহে তিনিটাকৈ গুলীয়ে বুকু ভেদি গ'ল উদীয়মান 25 বছৰীয়া টেনিছ খেলুৱৈগৰাকীৰ ৷ স্বাভাৱিক কথা- কাৰোবাক নিচেই ওচৰৰ পৰা তিনিটাকৈ গুলীয়ে আঘাত কৰাৰ পিছত জীয়াই থকাৰ সম্ভাৱনা প্ৰায় নাথাকেই ৷ এইগৰাকী দুৰ্ভগীয়া টেনিছ খেলুৱৈয়েও শেষনিশ্বাস ত্যাগ কৰিলে ৷

ততাতৈয়াকৈ তেওঁক হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও বচাব পৰা নগ'ল ৷ খেলুৱৈগৰাকীৰ নাম ৰাধিকা যাদৱ ৷ এতিয়া জানক এই মৃত্যুৰ সৈতে জড়িত হৈ থকা আশ্চৰ্যকৰ তথ্যটো ৷ ৰাধিকাক কোনে গুলীয়ালে জানেনে ? স্বয়ং ৰাধিকাৰ পিতৃয়ে ৷

কেতিয়া হ'ল, ক'ত হ'ল এই ঘটনা:

ঘটনাটো বৃহস্পতিবাৰৰ ৷ পুৱা ঠিক 10.30 মান বজাৰ ৷ হাৰিয়ানাৰ গুৰুগ্ৰামত ৰাধিকাহঁতৰ ঘৰ ৷ ছেক্টৰ 57 ত ৷ হঠাৎ চুবুৰীয়াই শুনিলে ৰাধিকাহঁতৰ ঘৰত গুলীৰ শব্দ ৷ দৌৰাদৌৰিকৈ ওচৰ-চুবুৰীয়া আহি গোট খালে ৰাধিকাহঁতৰ ঘৰৰ চৌহদত ৷ ভয়-উৎকণ্ঠাৰে তেওঁলোকে প্ৰবেশ কৰিলে ঘৰৰ ভিতৰত ৷

Tennis player Radhika Yadav murdered by her father in Gurugram
এইটোৱেই ৰাধিকাহঁতৰ অভিশপ্ত ঘৰটো, য'ত পিতৃৰ গুলীত প্ৰাণ হেৰুৱালে ৰাধিকাই (ETV Bharat)

দেখি শিয়ৰি উঠিল সেই হৃদয় বিদাৰক দৃশ্য ৷ তেজেৰে তুমুৰলি হৈ মজিয়াত পৰি আছে ৰাধিকাৰ দেহ ৷ কাষত হাতত নিজৰ ৰিভলভাৰটো লৈ বহি আছে ৰাধিকাৰ পিতৃ ৷ ততাতৈয়াকৈ ৰাধিকাক ওচৰৰ হাস্পতাললৈ লৈ যোৱা হ'ল ৷ কিন্তু তিনিটাকৈ গুলীয়ে বুকু ভেদ কৰাৰ পিছত কাৰোবাৰ জানো বাচি থকাৰ আশা থাকে ! ৰাধিকাৰো নাথাকিল ৷ ইতিমধ্যেই ৰাধিকাই শেষ নিশ্বাস ত্যাগ কৰিছে ৷ লগে লগে আৰক্ষী আহিল ৷ তাৎক্ষণিকভাৱে ৰাধিকাৰ হত্যাকাৰী পিতৃক গ্ৰেপ্তাৰ কৰিলে ৷ ৰিভলভাৰটোও জব্দ কৰিলে ৷

ৰাধিকা আছিল এগৰাকী উদীয়মান টেনিছ খেলুৱৈ:

ৰাধিকা যাদৱ এগৰাকী প্ৰচুৰ সম্ভাৱনাময় টেনিছ খেলুৱৈ আছিল ৷ ইতিমধ্যে ৰাধিকাই ইণ্টাৰনেশ্যনেল টেনিছ ফেডাৰেশ্যন আৰু উইমেনছ্ টেনিছ এছ'ছিয়েচনৰ কেইবাখনো টুৰ্ণামেণ্টত ভাগ লৈছিল ৷ 2024 বৰ্ষত টিউনিছিয়াত অনুষ্ঠিত W15 টুৰ্ণামেণ্টো খেলিছিল ৰাধিকাই ৷ ভাৰতীয় টেনিছ এছ'ছিয়েচনৰো ৰাধিকা এগৰাকী পঞ্জীয়নভুক্ত খেলুৱৈ আছিল ৷

Radhika Yadav
পিতৃয়ে পৃথিৱীৰ পৰা বিদায় দিয়া দুৰ্ভগীয়া ৰাধিকা (ETV Bharat)

কিহৰ বাবে পিতৃয়ে এইদৰে গুলীয়াই হত্যা কৰিলে নিজৰ কন্যাক:

জানেনে কিহৰ বাবে এগৰাকী পিতৃয়ে এইদৰে হত্যা কৰিলে নিজ কন্যাক ? কাৰণ জানিলে আপুনিও স্তম্ভিত হৈ পৰিব ৷ ৰাধিকাই নিজে টেনিছ খেলাৰ উপৰিও তেওঁৰ আছিল নিজৰ এখন টেনিছ একাডেমীও ৷ আৰক্ষীৰ আগত ৰাধিকাৰ হত্য়াকাৰী পিতৃ দীপক যাদৱে দিয়া স্বীকাৰোক্তি অনুসৰি ৰাধিকাই সেই টেনিছ একাডেমীখন চলাই থকাৰ উপৰি বিভিন্ন ৰীলছ বনাই ছ'চিয়েল মিডিয়াত আপলোড কৰি আহিছিল ৷ ইয়েই আছিল পিতৃক ক্ষুন্ন কৰি তোলাৰ মূল কাৰণ ৷ পিতৃ দীপক যাদৱৰ মতে কন্যাৰ এই দুটা কাৰ্যই হেনো তেওঁলোকৰ পৰিয়ালৰ মৰ্যাদাত আঘাত কৰিছিল ৷ পিতৃয়ে কেবাবাৰো ৰাধিকাক কৈছিল ৰীলছ বনোৱা আৰু একাডেমী বন্ধ কৰিবলৈ ৷ কিন্তু ৰাধিকাই শুনা নাছিল দেউতাকৰ কথা ৷

আৰক্ষীৰ জেৰাত আৰু কি কি ক'লে পিতৃয়ে:

কন্যা ৰাধিকাক হত্যাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে পিতৃ দীপক যাদৱে ৷ ৰাধিকা অত্যন্ত প্ৰতিভাধৰ টেনিছ খেলুৱৈ আছিল যদিও কান্ধত পোৱা আঘাতৰ বাবে শেহতীয়াকৈ খেলৰ পৰা আতৰি থাকি নিজাকৈ এই একাডেমীখন আৰম্ভ কৰিছিল ৷ আৰক্ষীৰ জেৰাত এই কথা প্ৰকাশ কৰি পিতৃয়ে কয় যে তেওঁক ইয়াৰ বাবে গাওঁবাসীয়ে তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰিছিল ৷ বহুতে হেনো জীয়েকৰ উপাৰ্জনেৰে খাই থকা বুলি তেওঁক হাঁহিছিল ৷ এফালে ৰীলছ আনফালে টেনিছ একাডেমী, এটাও সহ্য হোৱা নাছিল দীপক যাদৱৰ ৷ যাৰ বাবে অৱশেষত এই হৃদয়বিদাৰক ঘটনা সংঘটিত কৰে তেওঁ ৷ ইতিমধ্যে হত্য়াকাৰী পিতৃ দীপক যাদৱৰ বিৰুদ্ধে আৰক্ষীয়ে 103(1) BNS আৰু অস্ত্ৰ-শস্ত্ৰ আইনৰ ধাৰা 27(3), 54-1959 ৰ অধীনত গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: য়েমেনত ভাৰতীয় নাৰ্ছৰ ফাঁচি ৰদ কৰাৰ উপায় কি ?