তেলেংগানা সুৰংগ দুৰ্ঘটনা : উদ্ধাৰকাৰী দলক সহযোগ দক্ষিণ মধ্য ৰে'লৱেৰ
২২ ফেব্ৰুৱাৰীত সুৰংগটোৰ এটা অংশ খহি পৰাৰ ফলত এছ এল বি চি সুৰংগ প্ৰকল্পত কাম কৰা আঠজন কৰ্মচাৰী আবদ্ধ হৈ পৰে ।

By PTI
Published : February 28, 2025 at 11:39 AM IST
নাগাৰকুৰনুল (তেলেংগানা) : ২২ ফেব্ৰুৱাৰীত তেলেংগানাৰ সুৰংগ দুৰ্ঘটনাই আজি সপ্তম দিনত ভৰি দিলে । সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকা ৮ জন লোকক উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে যদিও তেওঁলোকক উদ্ধাৰ কৰাটো এতিয়াও সম্ভৱ হোৱা নাই ।
ইয়াৰ মাজতে দক্ষিণ মধ্য ৰে'লৱেই আন উদ্ধাৰকাৰী দলৰ সৈতে যোগদান কৰি উদ্ধাৰকাৰ্যত সহযোগ কৰিছে । তেওঁলোকে আংশিকভাৱে খহি পৰা এছ এল বি চি সুৰংগত বিগত ছয় দিন ধৰি আবদ্ধ হৈ থকা আঠজন লোকক বিচাৰি উলিওৱা কামত প্ৰয়োজনীয় সঁজুলিৰে সহায় কৰিছে । ৰে'লৱেৰ এগৰাকী জ্যেষ্ঠ বিষয়াই শুকুৰবাৰে কয় ।
দক্ষিণ মধ্য ৰে'লৱেৰ (এছ চি আৰ) মুখ্য জনসম্পৰ্ক বিষয়া এ শ্ৰীধৰে কয় যে প্লাজমা কাটাৰ আৰু ব্ৰোচো কাটিং মেচিনৰ দৰে সঁজুলি ব্যৱহাৰ কৰি গধুৰ ধাতু কটাৰ ক্ষেত্ৰত ৰে'লৱেৰ বিশেষ দক্ষতা আছে । "নগৰকুৰ্ণুল জিলা আয়ুক্তই উক্ত স্থানত উদ্ধাৰ কাৰ্যত বাধা সৃষ্টি কৰি থকা লো আৰু তীখাৰ আৱৰ্জনা পৰিষ্কাৰ কৰি উদ্ধাৰ অভিযানত নিয়োজিত হ'বলৈ দক্ষিণ মধ্য ৰে'লৱেৰ সহায় বিচাৰিছিল ।" এ শ্ৰীধৰে PTI ক জনায় ।
তেওঁ লগতে কয় যে এছ চি আৰে তেওঁৰ এই আহ্বানৰ সঁহাৰি দি উদ্ধাৰ অভিযানত ধাতু কটা বিশেষজ্ঞৰ দুটা দল মোতায়েন কৰিছে । ডিভিজনেল মেকানিকেল ইঞ্জিনিয়াৰ এছ মুৰলীৰ নেতৃত্বত এজন জ্যেষ্ঠ ছেকচন অভিযন্তা, 13 জন ৱেল্ডাৰ আৰু চেকেন্দ্ৰাবাদৰ দুজন টেকনিচিয়ানক লৈ গঠিত প্ৰথম দলটো ঘটনাস্থলীত উপস্থিত হৈছে আৰু প্ৰয়োজনীয় কামবোৰ হাতত লৈছে । বিশেষজ্ঞৰ দ্বিতীয় দলটোৱেও প্ৰথম দলটোক সমৰ্থন কৰিবলৈ যোৱা নিশা ঘটনাস্থলীত উপস্থিত হোৱা বুলি তেওঁ লগতে কয় ।
ইফালে নগৰকুৰ্ণুলৰ আৰক্ষী অধীক্ষক বৈভৱ গায়কোৱাডে কয় যে ধাতু কটা আৰু আৱৰ্জনা পৰিষ্কাৰ কৰাৰ প্ৰক্ৰিয়া অবিৰাম চলি আছে । "পুৱা ৭ বজাত এটা দল সুৰংগটোলৈ গৈছে । কালি পুৱাৰ পৰা ধ্বংসাৱশেষ পৰিষ্কাৰ কৰা কাম চলি আছে । লগতে পানী নিষ্কাশনৰ কামো চলি আছে ।" তেওঁ কয় ।
আনহাতে, তেলেংগানাৰ জলসিঞ্চন মন্ত্ৰী উত্তম কুমাৰ ৰেড্ডীয়ে বৃহস্পতিবাৰে কয় যে উদ্ধাৰ আৰু সাহায্য অভিযান পূৰ্ণ গতিত চলি আছে । আৰু দুদিনৰ ভিতৰতে অভিযান সম্পূৰ্ণ হ'ব ।
ইয়াৰ পূৰ্বে বুধবাৰে মন্ত্ৰীগৰাকীয়ে কৈছিল যে ভিতৰত ভাঙি পৰা টি বি এম (টানেল বোৰিং মেচিন) গেছ কাটাৰ ব্যৱহাৰ কৰি টুকুৰা-টুকুৰ কৰা হ'ব আৰু তাৰ পৰা আঁতৰ কৰা হ'ব । ইয়াৰ পিছত সেনা, নৌসেনা, ৰেট হ'ল মাইনিং কৰ্মী আৰু এন ডি আৰ এফ দলে মৰণক শৰণ কৰি নিৰুদ্দেশ হৈ থকা আঠজন লোকক উদ্ধাৰ কৰিবলৈ আন এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা কৰিব ।
উল্লেখ্য যে, ২২ ফেব্ৰুৱাৰীত সুৰংগটোৰ এটা অংশ খহি পৰাৰ পিছত শ্ৰীশৈলম লেফ্ট বেংক টানেল (এছ এল বি চি) সুৰংগ প্ৰকল্পত কাম কৰা আঠজন কৰ্মচাৰী আবদ্ধ হৈ পৰে ।
আবদ্ধ লোকসকলক উত্তৰ প্ৰদেশৰ মনোজ কুমাৰ, শ্ৰী নিৱাস, জম্মু-কাশ্মীৰৰ ছানি সিং, পঞ্জাবৰ গুৰপ্ৰীত সিং আৰু ঝাৰখণ্ডৰ সন্দীপ চাহু, জেগটা জেচেছ, সন্তোষ চাহু আৰু অনুজ চাহু বুলি চিনাক্ত কৰা হৈছে ।
এই আঠজনৰ ভিতৰত দুজন হৈছে অভিযন্তা, দুজন অপাৰেটৰ আৰু বাকী চাৰিজন ঝাৰখণ্ডৰ শ্ৰমিক । দুয়োজন অভিযন্তা আৰু চাৰিজন শ্ৰমিকে এছ এল বি চি সুৰংগ প্ৰকল্পৰ ঠিকাদাৰী প্ৰতিষ্ঠান জয়প্ৰকাশ এছ'চিয়েটছৰ অধীনত কাম কৰি আছিল ।

