ETV Bharat / bharat

তেলেংগানা সুৰংগ দুৰ্ঘটনা; এতিয়াও উদ্ধাৰ হোৱা নাই আৱদ্ধ ৮ শ্ৰমিক

নাগাৰকুৰনুলৰ শ্ৰীচৈলম লেফ্ট বেংক খাদৰ সুৰংগৰ কিছু অংশ খহি পৰাৰ পিছতে ৮ গৰাকী শ্ৰমিক আৱদ্ধ হৈ পৰে ।

SLBC TUNNEL PROJECT COLLAPSES
তেলেংগানা সুৰংগ দুৰ্ঘটনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 24, 2025 at 2:20 PM IST

3 Min Read
Choose ETV Bharat

নাগাৰকুৰনুল : "মনোজ...শ্ৰীনিবাস...সন্দীপ...আপোনালোক ক'ত আছে ? আপোনালোকে মোৰ কথা শুনি আছেনে ?..." । উদ্ধাৰকাৰী দলে সঁহাৰি পোৱাৰ আশাত বাৰে বাৰে এনেদৰে চিঞৰিছে । কিন্তু উদ্ধাৰকাৰী দলে কোনো সঁহাৰি পোৱা নাই । অন্ধকাৰ, বোকা পানী আৰু লোৰ পাইপবোৰে উদ্ধাৰ অভিযান অধিক ভয়ংকৰ কৰি তুলিছে ।

উল্লেখ্য যে তেলেংগানাৰ নাগাৰকুৰনুলৰ শ্ৰীচৈলম লেফ্ট বেংক খাদৰ সুৰংগৰ কিছু অংশ শনিবাৰে পুৱা খহি পৰাৰ পিছত এতিয়া ৪৮ ঘণ্টাতকৈও অধিক সময় ধৰি আৱদ্ধ হৈ আছে ৮ জন লোক । আৱদ্ধ লোকসকলক উত্তৰ প্ৰদেশৰ মনোজ কুমাৰ আৰু শ্ৰীনিবাস, ছানি সিং (জম্মু-কাশ্মীৰ), গুৰপ্ৰীত সিং (পঞ্জাৱ) আৰু সন্দীপ চাহু, যাকটাজছ, সন্তোষ চাহু আৰু অনুজ চাহু বুলি চিনাক্ত কৰা হৈছে । বৰ্তমান বিষয়াসকলে কয় যে তেওঁলোক জীয়াই থকাৰ সম্ভাৱনা অতি ক্ষীণ যেন লাগিছে যদিও তেওঁলোকৰ ওচৰলৈ যাবলৈ সকলো প্ৰচেষ্টা কৰা হৈছে ।

SLBC TUNNEL PROJECT COLLAPSES
তেলেংগানা সুৰংগ দুৰ্ঘটনা (ETV Bharat)

৮ জনৰ ভিতৰত আছে আমেৰিকাৰ টানেলিং কোম্পানী দ্য ৰবিন্স কোম্পানীৰ দুজন ভাৰতীয় অভিযন্তা, আনহাতে বাকীসকল জে পি এছ'চিয়েটছৰ কৰ্মচাৰী । উদ্ধাৰ অভিযান নিৰীক্ষণ কৰি থকা তেলেংগানাৰ মন্ত্ৰী জুপল্লী কৃষ্ণ ৰাৱে সোমবাৰে কয় যে তেওঁলোকে ৰেট হল খনিৰ কৰ্মীৰ এটা দলক মাতিছে, যিয়ে ২০২৩ চনত উত্তৰাখণ্ডৰ চিল্কিয়াৰা বেণ্ড-বাৰকোট সুৰংগত আৱদ্ধ নিৰ্মাণ শ্ৰমিসকলক উদ্ধাৰ কৰিছিল । মন্ত্ৰীগৰাকীয়ে কয় যে আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ কমেও তিনিৰ পৰা চাৰি দিন লাগিব, কিয়নো দুৰ্ঘটনাস্থলীটো ধ্বংসাৱশেষৰে ভৰি আছে ।

SLBC TUNNEL PROJECT COLLAPSES
তেলেংগানা সুৰংগ দুৰ্ঘটনা (ETV Bharat)

তেওঁ কয়,"সঁচাকৈ ক'বলৈ গ'লে, তেওঁলোকৰ জীয়াই থকাৰ সম্ভাৱনা অতি ক্ষীণ । কিয়নো, মই নিজেই শেষলৈকে গৈছিলো, প্ৰায় ৫০ মিটাৰ দূৰলৈ (দুৰ্ঘটনাস্থলীৰ)। যেতিয়া আমি ফটো তুলিছিলো, শেষৰ সুৰংগটো দৃশ্যমান আছিল । ৯ মিটাৰ ব্যাসাৰ্ধৰ (সুৰংগৰ) ভিতৰত - প্ৰায় ৩০ ফুটৰ ভিতৰত ২৫ ফুটলৈকে বোকা জমা হৈ আছিল ।"

SLBC TUNNEL PROJECT COLLAPSES
তেলেংগানা সুৰংগ দুৰ্ঘটনা (ETV Bharat)

উল্লেখ্য যে কেইবা শ টন ওজনৰ টানেল বোৰিং মেচিন (টিবিএম) খহি পৰাৰ পিছতে প্ৰায় ২০০ মিটাৰ গভীৰতালৈ গৈছিল । মন্ত্ৰীগৰাকীয়ে কয়,"তেওঁলোক টিবিএম যন্ত্ৰৰ তলৰ অংশত আছে বুলি সন্দেহ কৰা হৈছে ।"

SLBC TUNNEL PROJECT COLLAPSES
তেলেংগানা সুৰংগ দুৰ্ঘটনা (ETV Bharat)

ইফালে দেওবাৰে পুৱাৰে পৰা ভাৰতীয় সেনা, এন ডি আৰ এফ আৰু অন্যান্য সংস্থাসমূহে নিৰন্তৰ প্ৰচেষ্টা চলাই থকা স্বত্বেও উদ্ধাৰ অভিযানত এতিয়ালৈকে কোনো সফলতা লাভ কৰা হোৱা নাই । উদ্ধাৰকাৰী দলে ড্ৰোণ আৰু স্কেনাৰ ব্যৱহাৰ কৰি সুৰংগটোৰ ভিতৰৰ পৰিস্থিতি মূল্যায়ন কৰি আছে । মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে দেওবাৰে উদ্ধাৰ অভিযান নিৰীক্ষণ কৰি থকা মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেইবাবাৰো কথা পাতিছিল ।

SLBC TUNNEL PROJECT COLLAPSES
তেলেংগানা সুৰংগ দুৰ্ঘটনা (ETV Bharat)

ইফালে শ্ৰীচৈলম জলাশয়ৰ পৰা ১৪ কিলোমিটাৰ দূৰত সুৰংগটোত সংঘটিত দুৰ্ঘটনাটোৰ পৰা ভুক্তভোগীসকলক উদ্ধাৰ কৰাটো অত্যন্ত কঠিন হৈ পৰিছে । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে দুৰ্ঘটনাটো সংঘটিত হোৱা অঞ্চলটোৰ পৰা ৩ কিলোমিটাৰ পৰ্যন্ত বোকা আৰু পানী নিৰন্তৰ বৈ আছে । গধুৰ মটৰ ব্যৱহাৰ কৰি পানী বাহিৰলৈ উলিয়াই দিয়া হৈছে ।

SLBC TUNNEL PROJECT COLLAPSES
তেলেংগানা সুৰংগ দুৰ্ঘটনা (ETV Bharat)

উদ্ধাৰ অভিযানত এন ডি আৰ এফৰ ১৩০ জন, এছডিআৰএফৰ ১২০ জন, সেনাৰ ২৪ জন, চিংগৰেনী উদ্ধাৰকাৰী দলৰ ২৪ জন আৰু হাইড্ৰাৰ ২৪ জন লোক জড়িত হৈ আছে । কেন্দ্ৰীয় চৰকাৰে বিশাখাপট্টনমৰ পৰা ৩ খন হেলিকপ্টাৰত নৌসেনাৰ সদস্যসকলক অঞ্চলটোলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক :ভাগি পৰিল সুৰংগ, বোকা পানীৰে ভিতৰৰ অংশ, ১৪ কিঃমিঃৰ ভিতৰত আবদ্ধ ৮জন শ্ৰমিক - SLBC TUNNEL PROJECT COLLAPSES