ETV Bharat / bharat

অনুসূচিত জাতিৰ উপ-শ্ৰেণীবিভাজন কাৰ্যকৰী কৰা প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হ'ব তেলেংগানা - TELANGANA SC SUB CATEGORISATION

ৰাজ্য চৰকাৰৰ সকলো চাকৰিৰ খালী পদ এতিয়া অনুসূচিত জাতিৰ বাবে উপ-শ্ৰেণীবিভাজন অনুসৰি পূৰণ কৰা হ'ব ।

Telangana SC Sub Categorisation
অনুসূচিত জাতিৰ উপ-শ্ৰেণীবিভাজন কাৰ্যকৰী কৰা প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হ'ব তেলেংগানা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 14, 2025 at 7:23 PM IST

4 Min Read

হায়দৰাবাদ: সোমবাৰে দেশজুৰি উদযাপন কৰা হৈছে বি আৰ আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্মজয়ন্তী । কিন্তু আম্বেদকাৰৰ জন্মজয়ন্তীৰ এই বিশেষ দিনটো এক উল্লেখ্যযোগ্য দিন হিচাপে পৰিগণিত হৈছে এখন ৰাজ্যৰ বাবে ।

তেলেংগানাৰ অনুসূচিত জাতি (এছ চি) সম্প্ৰদায়ৰ বাবে এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে এই দিনটো । কিয়নো ৰাজ্য চৰকাৰে অনুসূচিত জাতিৰ শ্ৰেণীবিভাজন কাৰ্যকৰী কৰাৰ নিৰ্দেশ জাৰি কৰিছে । ইয়াৰ ফলত এই ব্যৱস্থা কাৰ্যকৰী কৰা দেশৰ ভিতৰত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে তেলেংগানা ।

ইয়াৰ পূৰ্বে তেলেংগানা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শ্বামিম আখতাৰৰ নেতৃত্বত অনুসূচিত জাতিৰ শ্ৰেণীবিভাজনৰ বিষয়টো তদাৰকৰ বাবে এখন আয়োগ নিযুক্ত কৰিছিল । এই আয়োগে চৰকাৰী চাকৰি আৰু শিক্ষাৰ মুঠ ১৫ শতাংশ সংৰক্ষণৰ বাবে ৫৯ টা অনুসূচিত জাতিৰ সম্প্ৰদায়ক তিনিটা গ্ৰুপত বিভক্ত কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰে । এই গ্ৰুপ তিনিটা হৈছে প্ৰথম, দ্বিতীয় আৰু তৃতীয় ।

"তেলেংগানা বিধানসভাৰ নিম্নলিখিত আইনখনে ২০২৫ চনৰ ৮ এপ্ৰিল তাৰিখে ৰাজ্যপালৰ সন্মতি লাভ কৰে আৰু ইয়াৰ দ্বাৰা সাধাৰণ তথ্যৰ বাবে তেলেংগানা গেজেটত ২০২৫ চনৰ ১৪ এপ্ৰিল তাৰিখে প্ৰথমবাৰৰ বাবে উক্ত সন্মতি প্ৰকাশ কৰা হৈছে ।" তেলেংগানা চৰকাৰৰ গেজেট নিৰ্দেশত কোৱা হৈছে ।

উল্লেখ্য যে এই গেজেট জাননী ভাৰতীয় সংবিধানৰ স্থপতিবিদ বি আৰ আম্বেদকাৰৰ জন্মজয়ন্তীৰ সৈতে দিয়া হৈছে । আয়োগৰ প্ৰতিবেদন অনুসৰি, সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিকভাৱে সুবিধাৰ পৰা বঞ্চিত 15 টা এছ চি সম্প্ৰদায়ক লৈ গঠিত গ্ৰুপ-1-ক এক শতাংশ সংৰক্ষণ দিয়া হ'ব ।

আনহাতে, 18 টা মধ্যমীয়াভাৱে লাভান্বিত এছ চি সম্প্ৰদায়ক গ্ৰুপ-2 হিচাপে নিৰ্ধাৰণ কৰি ৯ শতাংশ কোটা প্ৰদান কৰা হৈছে । ইয়াৰ উপৰি 26 টা সম্প্ৰদায়ক গ্ৰু-3 হিচাপে অন্তৰ্ভুক্ত কৰি ৫ শতাংশ সংৰক্ষণ দিয়া হৈছে ।

এক সংবাদমেল সম্বোধন কৰি অনুসূচিত জাতিৰ শ্ৰেণীবিভাজন সম্পৰ্কীয় উপ-সমিতিক নেতৃত্ব দিয়া জলসিঞ্চন মন্ত্ৰী এন উত্তম কুমাৰ ৰেড্ডীয়ে কয় যে সোমবাৰে পুৱা মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীক গেজেট নিৰ্দেশৰ প্ৰথমটো প্ৰতিলিপি প্ৰদান কৰা হয় ।

"আজিৰ এই মুহূৰ্তৰ পৰা তেলেংগানাত নিযুক্তি আৰু শিক্ষাৰ ক্ষেত্ৰত অনুসূচিত জাতিৰ শ্ৰেণীবিভাজন কাৰ্যকৰী কৰা হ'ব । আমি সেই অনুযায়ী গেজেট জাননী জাৰি কৰিছোঁ আৰু মুখ্যমন্ত্ৰীক প্ৰথম প্ৰতিলিপিটো প্ৰদান কৰিছোঁ ।" সংবাদ মাধ্যমৰ আগত তেওঁ কয় ।

ৰেড্ডীয়ে লগতে কয়, "উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত অনুসূচিত জাতিৰ শ্ৰেণীবিভাজন কাৰ্যকৰী কৰা তেলেংগানা হৈছে দেশৰ প্ৰথমখন ৰাজ্য ।" অৱশ্যে তেওঁ অভিযোগ কৰে যে পূৰ্বৰ তেলেংগানাৰ চৰকাৰসমূহে কেৱল শ্ৰেণীবদ্ধকৰণৰ বাবে প্ৰস্তাৱ গৃহণ কৰাতে নিজকে সীমাবদ্ধ ৰাখিছিল । এই প্ৰক্ৰিয়াক কেতিয়াও ত্বৰান্বিত কৰা নাছিল ।

তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ চাকৰিৰ খালী পদ এতিয়া অনুসূচিত জাতিৰ উপ-শ্ৰেণীবিভাজন অনুসৰি পূৰণ কৰা হ'ব । জলসিঞ্চন মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেবিনেট উপ-সমিতিয়ে ব্যাপকভাৱে সকলো অংশীদাৰৰ মতামত সংগ্ৰহ কৰিছে । তেওঁ লগতে কয় যে যদি ২০২৬ চনৰ লোকপিয়লত অনুসূচিত জাতিৰ জনসংখ্যা বৃদ্ধি পায়, তেন্তে ইয়াৰ বাবে সংৰক্ষণো সেই অনুসৰি বৃদ্ধি পাব ।

উল্লেখ্য যে ফেব্ৰুৱাৰী মাহত তেলেংগানা বিধানসভাই অনুসূচিত জাতিৰ শ্ৰেণীবিভাজনৰ ওপৰত ন্যায়াধীশ আখতাৰৰ পৰামৰ্শ গ্ৰহণ কৰে । অনুসূচিত জাতি (সংৰক্ষণৰ যৌক্তিককৰণ) বিধেয়ক, 2025 যোৱা মাহত গৃহীত হয় । আনহাতে, উচ্চতম ন্যায়ালয়ে যোৱা বছৰ শ্ৰেণীবিভাজনৰ সপক্ষে এটা ৰায় প্ৰদান কৰিছিল ।

লগতে পঢ়ক :গৰুৰ গোবৰেৰে উষ্ণতা নিয়ন্ত্ৰণ: কলেজৰ অধ্যক্ষই হাতে-কামে কৰি দেখুৱালে শ্ৰেণীকোঠাৰ পৰীক্ষা - DU COLLEGE PRINCIPAL VIRAL VIDEO
লগতে পঢ়ক :মুৰ্ছিদাবাদৰ হিংসা; এতিয়ালৈ ১৫০ গৰাকী লোকক গ্ৰেপ্তাৰ - WAQF VIOLENCE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.