ETV Bharat / bharat

তেলেংগানা ৰাজ্য গঠনৰ ১১ বছৰ সম্পূৰ্ণ; ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ সামাজিক মাধ্যমত শুভেচ্ছা

অন্ধ্ৰপ্ৰদেশৰ পৰা পৃথক হৈ স্বাধীন ৰাজ্য হিচাপে ২০১৪ চনৰ ২ জুনত গঠন কৰা হৈছিল তেলেংগানা ৷

Telangana Statehood Day
হায়দৰাবাদৰ গান পাৰ্কত ৰাজ্যিক শ্বহীদ স্মৃতিসৌধত মাল্যাৰ্পণ কৰা অৱস্থাত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডী (ANI)
author img

By ETV Bharat Assamese Team

Published : June 2, 2025 at 4:18 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: প্ৰতিবছৰে ২ জুনৰ দিনটো তেলেংগানাৰ ৰাজ্যিক দিৱস হিচাপে পালন কৰা হয় । হায়দৰাবাদৰ গান পাৰ্কত তেলেংগানাৰ শ্বহীদসকলক পুষ্পাঞ্জলি অৰ্পণৰে শ্ৰদ্ধা নিবেদন কৰাৰ পিছত ছেকেন্দ্ৰাবাদৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীয়ে ।

‘‘হায়দৰাবাদ শান্তিৰ বাবে পৰিচিত আৰু নগৰখনে বিশ্বব্যাপী বিনিয়োগক আকৰ্ষণ কৰি আছে’’ বুলি মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে ভাষণ প্ৰসংগত কয় ৷

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু আধুনিক উন্নয়নক স্বীকৃতি দি শুভেচ্ছা জ্ঞাপন কৰে । তেলেংগানাৰ অবিৰত প্ৰগতি আৰু সমৃদ্ধিৰ বাবে ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যম এক্সৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰি শুভকামনা জনায় ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশৰ উন্নতিৰ ক্ষেত্ৰত তেলেংগানাৰ উল্লেখযোগ্য অৱদানক স্বীকৃতি দি শুভেচ্ছা জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “তেলেংগানাৰ বিস্ময়কৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যিক দিৱসত শুভেচ্ছা জনাইছো ।”

এক্সত প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰে লিখিছে, “দেশৰ প্ৰগতিৰ বাবে অতুলনীয় অৱদান আগবঢ়োৱাৰ বাবে ৰাজ্যখন পৰিচিত । যোৱা এটা দশকত এন ডি এ চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে ‘ইজ অৱ লিভিং’ বৃদ্ধিৰ বাবে বহু ব্যৱস্থা গ্ৰহণ কৰিছে । ৰাজ্যৰ জনসাধাৰণে সফলতা আৰু সমৃদ্ধিৰ আশীৰ্বাদ লাভ কৰক ।”

আনহাতে, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে কয় যে পৃথক তেলেগু ৰাজ্য থকাৰ পিছতো তেলেগু জনসাধাৰণ আৰু তেলেগু জাতিটো একত্ৰিত হৈ আছে । ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালৰ বাবে সুখ আৰু উন্নয়নমূলক অগ্ৰগতিৰ আশাত তেওঁ ৰাজ্য গঠন দিৱসত তেলেংগানাৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে ।

সামাজিক মাধ্যম এক্সত নাইডুৱে কয়, ‘‘বিকশিত ভাৰত-২০৪৭ ৰ জৰিয়তে উন্নয়নৰ শিখৰত উপনীত হ’বলৈ তেলেগু ৰাজ্য দুখনে সুস্থ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগে ।’’

দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি অন্ধ্ৰপ্ৰদেশৰ পৰা পৃথক ৰাজ্য হিচাপে ২০১৪ চনৰ ২ জুনত গঠন হৈছিল তেলেংগানা । পূৰ্বৰ সংযুক্ত প্ৰগতিশীল মিত্ৰজোঁটৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ২০১৪ চনত উত্থাপন কৰা অন্ধ্ৰপ্ৰদেশ পুনৰ্গঠন বিধেয়কে ৰাজ্যখন গঠনৰ বাট মুকলি কৰি দিছিল ।

লগতে পঢ়ক: মিছ ৱৰ্ল্ড ২০২৫ সুচাতাই অংশগ্ৰহণ কৰিব তেলেংগানা প্ৰতিষ্ঠা দিৱস উদযাপনত