এন শ্ৰীনিবাসন আৰু বসন্ত সিদ্ধাৰ্থন
কাচ্চাথিভু : সাগৰত মাছ ধৰাৰ সময়ত কিছুমান কথাৰ প্ৰতি অতি সাৱধান হ'ব লাগে । সেই সময়ত মাছমৰীয়াসকলে ক'ত থাকে জানে কিন্তু যেতিয়া আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমাৰেখাৰ নিয়ন্ত্ৰণত নথকা মাছৰ জাকৰ সন্ধানত যায় তেতিয়া তেওঁলোকে কি কৰিব ? পৰম্পৰাগতভাৱে মৎস্য চিকাৰৰ সৈতে জড়িত দাক্ষিণাত্যৰ অন্যতম ৰাজ্য তামিলনাডুৰ মাছমৰীয়াসকল এই পৰিস্থিতিৰ সৈতে অভ্যস্ত ।
লক্ষ্য কেৱল মাছ ধৰা । তাৰ পিছত তেওঁলোকৰ জীৱন সংগ্ৰামৰ কথাও আহে, যেতিয়া চুবুৰীয়া শ্ৰীলংকাৰ নৌসেনাই আক্ৰমণ কৰে । বহুতকে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে কিছুমানক লক্ষ্য কৰি গুলীচালনাও কৰে । প্ৰতিবাৰেই ঘৰৰ পৰা সাগৰলৈ ওলাই যোৱাৰ সময়ত পৰিয়ালৰ সদস্যসকলে নিৰাপদে ঘূৰি অহাৰ বাবে প্ৰাৰ্থনা কৰি থাকে কাৰণ সাগৰলৈ যোৱাৰ লগে লগে জীৱনটোক লৈ সদায় অনিশ্চয়তা থাকে । মাছমৰীয়াসকলে সাগৰ আৰু সামুদ্ৰিক ঢৌ পৰিচালনা কৰিব পাৰে যিটো তেওঁলোকে সাগৰৰ 'খং' বুলিয়ে গণ্য কৰে । কিন্তু তেওঁলোকে দ্বীপ ৰাষ্ট্ৰৰ শক্তিৰ সৈতে মোকাবিলা কৰিব নোৱাৰে ।
সাগৰত যাতে নৌসেনাৰ সন্মুখীন হ'বলগা নহয় সেয়াই তেওঁলোকে কামনা কৰে । নৌসেনা বাহিনীক দেখিলেই তেওঁলোকৰ হাত ভৰি কঁপি উঠে । যাৰ বাবে কেতিয়াবা তেওঁলোকে জাল এৰিয়ে লৰালৰিকৈ ঘৰলৈ উভতি আহিব লগা হয় । যদি উভতি নাহে তেনেহ'লে নাওখন হেৰুৱাব লাগে বুলিও তেওঁলোকে কয় । কিয়নো শ্ৰীলংকাৰ নৌসেনাই মাছমৰীয়াৰ লগতে নাওসমূহো জব্দ কৰে ।

ইটিভি ভাৰতে মাৰ্চ মাহত দুয়োখন দেশৰ মাছমৰীয়াৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে । ১৪-১৫ মাৰ্চত ছেইণ্ট এণ্টনিছ ছাৰ্চত অনুষ্ঠিত বাৰ্ষিক উৎসৱৰ সময়ত ইটিভি ভাৰতৰ দলটোৱে কাচ্চাথিভুত উপস্থিত হৈছিল । এই অনুষ্ঠানত ভাৰত আৰু শ্ৰীলংকাৰ তীৰ্থযাত্ৰীসকলো উপস্থিত আছিল ।
প্ৰায় ১০০ খন নাৱেৰে কাচ্চাথিভুত উপস্থিত হোৱা কমেও ৩৫০০ গৰাকী ভাৰতীয়ৰ ভিতৰত আমাৰ সাংবাদিকৰ দলো আছিল । আমি যাত্ৰা কৰা যান্ত্ৰিক নাওখনৰ অন্যতম মালিক ৰাজুৱে কয়, "আমি প্ৰতিদিনে নিশ্চিত নাথাকো যে আমি প্ৰতিবাৰেই মাছ ধৰাৰ বাবে নাও লৈ পাৰলৈ উভতি আহিব পাৰিম । ৰামেশ্বৰমৰ সমীপত সামুদ্ৰিক সম্পদ কমি আহিছে । আমি ভাল মাছ ধৰিবলৈ সাগৰৰ গভীৰতালৈ যাব লাগে । যেতিয়া আমি সেয়া কৰোঁ তেতিয়া লংকাৰ নৌসেনাৰ হাতত ধৰা পৰোঁ ।"
তেওঁ কয়, "আপোনাৰ মোৰ বাবে সীমা থাকিব পাৰে । কিন্তু মাছৰ বাবে সীমা থাকিব পাৰেনে ? মাছ ধৰাত সফল হ'ব পাৰো নে নাই সেয়া আমাৰ হাতত নাই । ই সদায় লটাৰীৰ দৰে । মাছৰ জাকবোৰ ঘূৰি ফুৰে । এবাৰ ভ্ৰমণৰ বাবে আমি কেৱল ৭৫ হাজাৰ টকাৰ ডিজেল ক্ৰয় কৰিব পাৰো । আমি শ্ৰমিকৰ পইচাও দিব লাগে ।"

মাছমৰীয়াৰ আটক বিষয়ত তেওঁ আক্ষেপ প্ৰকাশ কৰি কয়, "দুয়োখন চৰকাৰে আলোচনা কৰিব লাগে আৰু এনে এটা সমাধান উলিয়াব লাগে যাৰ বাবে আমি জীৱিকা হেৰুৱাব নালাগে ।"
কাচ্চাথিভু ভ্ৰমণৰ সময়ত আমি লগ কৰা বহু মাছমৰীয়াইও একেধৰণেৰে উদ্বেগ প্ৰকাশ কৰিছিল । সম্পত্তিৰ ক্ষতিৰ বাবেও তেওঁলোকে উদ্বেগ প্ৰকাশ কৰে যাৰ বাবে তেওঁলোক ঋণত ডুব যায় আৰু ব্যাপক লোকচানৰ সন্মুখীন হয় ।
তেওঁ লগতে কয়, "আমাৰ প্ৰতিখন জালৰ দাম ৩ লাখ টকা । জালবোৰ পেলাই দিয়াটো বিকল্পই নহয় বৰঞ্চ সন্মুখত থকা নৌসেনাৰ পৰা ৰক্ষা পাবলৈ ই অতি প্ৰয়োজন । আমাৰ পৰা জব্দ কৰা নাওবোৰ তেওঁলোকে নিলাম কৰে ।"
ইফালে কাচ্চাথিভুত শ্ৰীলংকাৰ পৰা অহা তামিল মাছমৰীয়াসকলকো লগ পাইছিলো ৷ তেওঁলোকে তামিলনাডুৰ পৰা যোৱা মাছমৰীয়াসকলক নিজৰ বুলিয়ে ভাবে । তেওঁলোকে কয় যে তামিলনাডুৰ পৰা যোৱা মাছমৰীয়াসকলে সদায়ে তেওঁলোকৰ খাদ্য আছে নে নাই পৰীক্ষা কৰে আৰু তাৰ পৰাই ক্ৰয় কৰে । তেওঁলোকে লগতে কয় যে তেওঁলোকে ইজনে সিজনৰ যত্নও লয় ।
শ্ৰীলংকাৰ পৰা তাত উপস্থিত হোৱা জৰ্জে কয়,"ভাৰতীয় মাছমৰীয়াৰ সৈতে মাছ ধৰাৰ ক্ষেত্ৰত আমাৰ কোনো অসুবিধা নাই । আচলতে তেওঁলোক আমাৰ ভাতৃৰ দৰে । আমি সাগৰত আবদ্ধ হৈ পৰিলে আমাক খাদ্যৰ যোগান ধৰে । যদি তেওঁলোক উভতি নাহে তেন্তে আমি তেওঁলোকক ফোন কৰি কাৰণ জানিবলৈ চেষ্টা কৰো ।"
ৰামেশ্বৰম যান্ত্ৰিক নাও মাছমৰীয়া সন্থাৰ সভাপতি জেছুৰাজৰ মতে, লংকা বাহিনীয়ে ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰাৰ বিষয়টো এতিয়া এক দশকৰো অধিক সময় ধৰি চলি আহিছে । তেওঁ কয়, "এয়া পাৰস্পৰিক আলোচনাৰ জৰিয়তেহে সমাধান কৰিব পৰা যাব । মই দুয়োখন চৰকাৰক এই সমস্যা সমাধানৰ বাবে পদক্ষেপ ল'বলৈ আহ্বান জনাইছো ।"
চৰকাৰী পৰিসংখ্যা অনুসৰি ২০২০ৰ পৰা ২০২৪ চনৰ ভিতৰত লংকা বাহিনীয়ে তামিলনাডুৰ পৰা নিজৰ পৰম্পৰাগত জলসীমাত মাছ ধৰি থকা ১১৯৪ গৰাকী মাছমৰীয়াক গ্ৰেপ্তাৰ কৰিছে । লংকাৰ নৌসেনাই একাধিকবাৰ গুলীচালনাও কৰিছিল আৰু একে সময়তে এই এনকাউণ্টাৰত ৭ গৰাকী ভাৰতীয়ৰ মৃত্যু হৈছে । ইফালে চলিত বৰ্ষৰ মাৰ্চ পৰ্যন্ত মুঠ ১৪০ গৰাকী মাছমৰীয়াক লংকা বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছে ।
এপ্ৰিল মাহত শ্ৰীলংকালৈ দ্বিপাক্ষিক ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুদ্ধবিধ্বস্ত দ্বীপ ৰাষ্ট্ৰখনক সহায় কৰাৰ বাবে কেইবাটাও পদক্ষেপৰ ঘোষণা কৰিছিল । প্ৰধানমন্ত্ৰী মোদীক 'শ্ৰীলংকা মিত্ৰ বিভূষণ' বঁটাৰে সন্মানিত কৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি দিশানায়কে ।
এক যুটীয়া বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুয়োগৰাকী নেতাই মাছমৰীয়াৰ জীৱিকাৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰে । এই বিষয়টো মানৱীয় দৃষ্টিভংগীৰে গ্ৰহণ কৰি আগবাঢ়িব লাগে বুলিও তেওঁলোক একমত হয় । তেওঁলোকে মাছমৰীয়া আৰু তেওঁলোকৰ নাওসমূহ তৎকালীনভাৱে মুকলি কৰি দিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।
এতিয়া মাছমৰীয়াসকলেও আশা কৰিছে যে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে তেওঁলোকৰ আশংকা দূৰ কৰাত সহায় কৰিব । লগতে লংকাৰ নৌসেনাৰ পদক্ষেপে তেওঁলোকৰ জীৱিকাৰ ওপৰত কোনো প্ৰভাৱ নেপেলাব বুলি আশা কৰে ।