ETV Bharat / bharat

অদ্ভুত কিন্তু আৱেগিক ! হৃদয়ত খোদিত প্ৰিয় নেতাৰ টেটুৱে পুনৰ জীৱন দিলে ৰমেশক

প্ৰাক্তন মন্ত্ৰী চিংগিৰেড্ডী নিৰঞ্জন ৰেড্ডীৰ প্ৰতি থকা সন্মান আৰু মৰমৰ বাবে কেইবাবছৰ পূৰ্বে ৰমেশে নেতাজনৰ ছবি বুকুত টেটু কৰিছিল ।

TATTOO OF A LEADER ON CHEST
হৃদয়ত খোদিত প্ৰিয় নেতাৰ টেটুৱে পুনৰ জীৱন দিলে ৰমেশক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 2, 2025 at 8:15 PM IST

3 Min Read
Choose ETV Bharat

ৱানাপাৰ্থী (তেলেংগানা): এক আজৱ কাণ্ড । এই কাণ্ডই এতিয়া সকলোকে স্তম্ভিত কৰিছে । এয়া সঁচাকৈয়ে সম্ভৱনে ! বুকুত খোদিত নিজৰ প্ৰিয় ৰাজনীতিবিদৰ এটা টেটুৱে পুনৰ জীৱন দিলে এজন ব্যক্তিক । একাংশৰ মতে নিজৰ প্ৰিয় নেতাৰ প্ৰতি থকা বিশ্বাসে লোকজনক দ্বিতীয় জীৱন দিলে । সকলোকে স্তম্ভিত কৰা এক অদ্ভুত কিন্তু আৱেগিক কাণ্ড । তেলেংগানাৰ ৱানাপাৰ্থীত সংঘটিত হৈছে এই ঘটনা ।

ৱানাপাৰ্থী চহৰৰ বাসিন্দা টাইলাম ৰমেশ (৪৯) তেলেংগানা আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণকাৰী আছিল । তেওঁ প্ৰাক্তন মন্ত্ৰী চিংগিৰেড্ডী নিৰঞ্জন ৰেড্ডীৰ প্ৰবল অনুৰাগী আছিল আৰু তেওঁৰ প্ৰতি সন্মান আৰু মৰমৰ বাবে কেইবাবছৰ পূৰ্বে তেওঁ নেতাজনৰ ছবিখন বুকুত টেটু কৰিছিল ।

ৰমেশৰ আত্মীয় আৰু বন্ধুৱে স্মৰণ কৰি কয় যে, তেওঁ আক্ষৰিক অৰ্থত নিৰঞ্জন ৰেড্ডীৰ প্ৰতি থকা সন্মান আৰু মৰম নিজৰ শৰীৰত খোদিত কৰিছিল আৰু নেতাজনেই তেওঁৰ প্ৰেৰণা বুলি ক’বলৈ কেতিয়াও কুণ্ঠাবোধ কৰা নাছিল ।

কিছুদিন হায়দৰাবাদত বাস কৰিছিল ৰমেশে । তিনিদিন পূৰ্বে ৱানাপাৰ্থীৰ পিৰলাগুটাত থকা আত্মীয়ৰ ঘৰলৈ তেওঁ আহিছিল । দেওবাৰে পুৱা ব্ৰেকফাষ্ট কৰাৰ পিছত হঠাৎ আত্মীয়ক ক’লে যে তেওঁৰ গাটো ভাল নহয় । কেইমিনিটমানৰ ভিতৰতে তেওঁ অজ্ঞান হৈ পৰিল । আত্মীয়ৰ বহু চেষ্টাৰ পিছতো তেওঁৰ অৱস্থাৰ উন্নতি নহ’ল আৰু নিশ্চল হৈ পৰি থকাৰ বাবে পৰিয়ালৰ লোকে তেওঁৰ মৃত্যু হোৱা বুলি ধৰি লৈছিল ।

লগে লগে পৰিয়ালৰ সকলো লোকক খবৰ দিয়া হয় আৰু তেওঁৰ মৃতদেহত মালা পিন্ধাই শেষকৃত্যৰ প্ৰস্তুতি আৰম্ভ কৰে । ইফালে চিংগিৰেড্ডী নিৰঞ্জন ৰেড্ডীয়েও তেওঁৰ 'মৃত্যুৰ' খবৰ লাভ কৰে আৰু এজন নিষ্ঠাবান নেতাক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ লৰালৰিকৈ পিৰলাগুটালৈ আহে ।

নিৰঞ্জন ৰেড্ডীয়ে ৰমেশৰ শেষ শ্ৰদ্ধা জ্ঞাপন কৰা সময়তে তেওঁৰ চকু নিশ্চল শৰীৰৰ বুকুত খোদিত নিজৰ প্ৰতিমূৰ্তিৰ টেটুটোৰ ওপৰত পৰিল । কিন্তু টেটুটোৰ ওপৰত তেওঁ চকু পৰাৰ লগে লগে তেওঁ কিছু সময়ৰ বাবে স্তম্ভিত হৈ পৰে আৰু ৰমেশে উশাহ লৈ থকা অনুভৱ কৰে । ভালদৰে লক্ষ্য কৰি তেওঁ দেখে যে ৰমেশ জীয়াই আছে । লগে লগে ৰমেশৰ শৰীৰৰ পৰা মালাবোৰ আঁতৰাই তেওঁ ৰমেশৰ নাম লৈ মাতিলে । নিজৰ প্ৰিয় নেতাজনৰ মাত শুনাৰ লগে লগে ৰমেশেও প্ৰতিক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিলে আৰু তেওঁৰ চকুৰ পতা লৰচৰ কৰিলে ।

এই কাণ্ড দেখি শেষ ৰীতি-নীতিৰ বাবে অহা আত্মীয়-স্বজনৰ লগতে উপস্থিত সকলো আচৰিত হৈ পৰে । তেওঁলোকে লগে লগে অলপো সময় নষ্ট নকৰি ৰমেশক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয় এখনলৈ লৈ যায় । এঘণ্টা চিকিৎসাৰ অন্তত ৰমেশে চকু মেলিলে । চিকিৎসকে নিশ্চিত কৰিলে যে তেওঁ জীয়াই আছে যদিও অধিক যত্নৰ প্ৰয়োজন । চিকিৎসকৰ পৰামৰ্শৰ পিছত তেওঁক হায়দৰাবাদৰ এন আই এম এছ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় য’ত তেওঁৰ অৱস্থা সুস্থিৰ বুলি কোৱা হয় ।

এই বিৰল ঘটনাই এতিয়া সৰ্বত্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে । স্থানীয় ৰাইজে কয়, "ৰমেশৰ নেতাৰ প্ৰতি থকা বিশ্বাসে তেওঁক কেৱল টেটু দিয়াই নহয় দ্বিতীয় জীৱনো দিলে ।"

লগতে পঢ়ক : নিতৌ ১০০ টকাৰ পৰা ২০ হাজাৰ টকালৈ: প্ৰধানমন্ত্ৰী মোদীৰ ভাষণে সলনি কৰিলে বলবীৰৰ সৌভাগ্য

এটকীয়া ডাক্তৰ ! যিয়ে অগণন ৰোগীৰ জীৱনলৈ আনিছে পোহৰ

এজন অভিযন্তা, যি দৰিদ্ৰজনৰ ভোজনালয়লৈ পৰিৱৰ্তিত কৰিলে নিজৰ ঘৰখন

ললগড়ীলৈ যাও আহক: যিখন গাঁৱত আজিলৈকে হোৱা নাই এটাও অপৰাধ