ETV Bharat / bharat

আগ্ৰাৰ তাজমহল নহয়, এবাৰ আপুনিও চাই আহক ৪০০ বছৰ পুৰণি এই তাজমহলটো

ইতিহাস আৰু শিল্পকলাৰ দিশৰ পৰা আগ্ৰাৰ তাজমহলতকৈ কোনো গুণে কম নহয় বুন্দেলখণ্ডৰ তাজমহল ।

Taj Mahal in Bundelkhand
মধ্যপ্ৰদেশৰ বুন্দেলখণ্ডতো আছে তাজমহল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 16, 2025 at 2:21 PM IST

4 Min Read
Choose ETV Bharat

ছতৰপুৰ : তাজমহল বুলি ক'লে আমি সকলোৱে আগ্ৰাৰ বিশেষ বিশ্বৰ ঐতিহ্যবাহী সমাধিৰ কথাই জানো । যাক মোগল সম্ৰাট ছাহজাহানে তেওঁৰ পত্নী মুমতাজৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে নিৰ্মাণ কৰিছিল । কিন্তু আপুনি জানেনে মধ্যপ্ৰদেশৰ বুন্দেলখণ্ডতো আছে এটা তাজমহল । বুন্দেলখণ্ড ছতৰপুৰ জিলাৰ ধুবেলাত আছে এই তাজমহলটো । মহাৰাজা ছত্ৰশালে তেওঁৰ প্ৰথমা পত্নী কমলাপতিৰ স্মৃতিত এই সমাধিটো নিৰ্মাণ কৰিছিল । আগ্ৰাৰ তাজমহলৰ আৰ্হিতে নিৰ্মাণ কৰা হৈছিল এই সমাধিটো । যাৰ বাবে ইয়াক 'বুন্দেলখণ্ডৰ তাজমহল' বুলি কোৱা হয় । যেনেদৰে আগ্ৰাৰ তাজমহল যমুনা নদীৰ পাৰত নির্মাণ কৰা হৈছিল, তেনেদৰে বুন্দেলখণ্ডৰ তাজমহলো বৃহৎ পুখুৰীৰ পাৰত নিৰ্মাণ কৰা হৈছিল ।

বুন্দেলখণ্ডৰ তাজমহলৰ ভিতৰৰ শিল্পকৰ্মও আগ্ৰাৰ তাজমহলতকৈ কোনো গুণে কম নহয় । অৱশ্যে সন্ধিয়াৰ পাছত ইয়াত প্ৰৱেশ নিষিদ্ধ । কিয়নো সূৰ্যাস্তৰ পিছত ইয়াত পায়েলৰ শব্দ শুনা যায় বুলি বিশ্বাস আছে । বিশ্বাস কৰা হয় যে এই পায়েলৰ শব্দ মহাৰাজা ছত্রশালৰ ৰাণী কমলাপতিৰ ।

Taj Mahal in Bundelkhand
বুন্দেলখণ্ডৰ তাজমহলৰ প্ৰৱেশদ্বাৰ (ETV Bharat)

বুন্দেলখণ্ডৰ তাজমহল

উল্লেখ্য যে ইতিহাসৰ পৃষ্ঠাত বুন্দেলখণ্ডৰ প্ৰতাপী ৰজা মহাৰাজা ছত্রশালৰ নাম অমৰ । যেতিয়াই বুন্দেলখণ্ডৰ কথা আহে তেতিয়াই মুখত ৰজা ছত্রশালৰ নাম উচ্চাৰিত হয় । ছতৰপুৰৰ কাষতে থকা ধুবেলাত মহাৰাজা ছত্রশালৰ দ্বাৰা তেওঁৰ পত্নীৰ স্মৃতিত নিৰ্মাণ কৰা সমাধিৰ প্ৰতিও মানুহৰ আস্থা আছে । এই সমাধিস্থলত আজিও ছত্রশালৰ প্ৰথমা পত্নীৰ পায়েলৰ শব্দ শুনা যায় ! যাৰ বাবে সন্ধিয়াৰ লগে লগে এই সমাধিস্থল বন্ধ কৰি দিয়া হয় ।

মহাৰাজা ছত্ৰশালে নিৰ্মাণ কৰিছিল সমাধি

ছতৰপুৰৰ সমীপত থকা ধুবেলা হৈছে এখন অতি সৰু ঠাই, কিন্তু ইয়াৰ নাম ইমানে বিখ্যাত যে দেশ-বিদেশৰ মানুহে ধুবেলাৰ বিষয়ে জানিব বিচাৰে । যথেষ্ট সংখ্যক পৰ্যটক ইয়ালৈ আহে । ধুবেলা এসময়ত বুন্দেলখণ্ডৰ বীৰ যোদ্ধা মহাৰাজা ছত্ৰশালৰ বাসস্থান আছিল । যি মোগল সম্ৰাট ঔৰংগজেৱৰ সৈন্যৰ বিৰুদ্ধে বহুবাৰ যুদ্ধত অৱতীৰ্ণ হৈছিল । ধুবেলাৰ ইতিহাস তেতিয়া চৰ্চালৈ আহিছিল যেতিয়া মহাৰাজা ছত্ৰশালে তাত তেওঁৰ প্ৰাসাদ নিৰ্মাণ কৰিছিল আৰু দীৰ্ঘদিন ধৰি বুন্দেলখণ্ডত শাসন কৰিছিল ।

Taj Mahal in Bundelkhand
মধ্যপ্ৰদেশৰ বুন্দেলখণ্ডত থকা তাজমহল (ETV Bharat)

তাজমহলৰ শিল্পকলা আশ্চৰ্যজনক

আচলতে মহাৰাজা ছত্ৰশালে তেওঁৰ প্ৰথমা পত্নীক যথেষ্ট ভাল পাইছিল । পত্নীৰ মৃত্যুৰ পিছত মহাৰাজা ছত্ৰশালে তেওঁৰ স্মৃতিত এনেকুৱা এটা স্মাৰক নিৰ্মাণ কৰিছিল যিটো আজিও আগ্ৰাৰ তাজমহলতকৈ কোনো গুণে কম নহয় । সেইকাৰণে মানুহে ইয়াক 'বুন্দেলখণ্ডৰ তাজমহল' বুলিও জানে । ছত্ৰশালৰ প্ৰথমা পত্নী কামলাপতিৰ এই প্ৰাসাদ চাবলৈ বহু লোকৰ আগমন হয় । পুখুৰীৰ পাৰত পাহাৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত নিৰ্মিত এই প্ৰাসাদটো কাৰুশিল্পৰ এক অন্যতম নিদৰ্শন । ৰাণী কামলাপতিৰ স্মৃতিত নিৰ্মিত এই স্মাৰকটোত ১৮০ চিত্ৰকলা আছে । ওপৰৰ অংশত ৭ টা গম্বুজ আছে, যিবোৰ ৪৮ টা পাহিৰ পদুম ফুলেৰে সজ্জিত ।

Taj Mahal in Bundelkhand
মহাৰাজা ছত্ৰশালৰ প্ৰথমা পত্নীৰ সমাধি (ETV Bharat)

প্রায় ৪০০ বছৰ পুৰণি এই স্মাৰক

বুৰঞ্জীবিদসকলে কয়, "মহাৰাজা ছত্ৰশালে তেওঁৰ প্ৰথমা পত্নী কমলাপতিৰ স্মৃতিত এক অসাধাৰণ স্মাৰক নিৰ্মাণ কৰিছিল, যিটো পদুমৰ পাহিৰ দৰে আকৃতিৰ । প্ৰতিখন খিৰিকী পদুমৰ আকৃতিৰে ডিজাইন কৰা হৈছে, যি ৪৮ টা পাহিৰে সজ্জিত । মহাৰাজা ছত্ৰশাল ৫ বাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল । তাৰ ভিতৰত কমলাপতি আছিল প্ৰথম পত্নী । প্ৰায় ৪০০ বছৰ পূৰ্বে ছত্ৰশালে এই স্মাৰকটো নিৰ্মাণ কৰিছিল । য'ত মহাৰাণীৰ কণ্ঠস্বৰ আৰু পায়েলৰ শব্দ আজিও শুনা যায় ! সেয়েহে পুৰাতাত্ত্বিক বিভাগে সন্ধিয়া হোৱাৰ লগে লগে ইয়াত প্ৰৱেশ নিষিদ্ধ কৰিছে ।"

Taj Mahal in Bundelkhand
মহাৰাজা ছত্ৰশাল প্ৰথমা পত্নী স্মৃতিত নিৰ্মাণ কৰিছিল স্মাৰক (ETV Bharat)

৫ গৰাকী পত্নী আছিল মহাৰাজা ছত্ৰশালৰ

বুন্দেলখণ্ডৰ বুৰঞ্জীবিদ গৌৰৱ দীক্ষিতে কয়, "মহাৰাজা ছত্ৰশালে তেওঁৰ প্ৰথমা পত্নী কমলাপতিৰ স্মৃতিত এই স্মাৰকটো নিৰ্মাণ কৰিছিল । মহাৰাজাৰ ৫ গৰাকী পত্নী আছিল । মহাৰাণী কমলাপতি ধন্দহেৰ ৰজাৰ কন্যা আছিল । মহাৰাজা ছত্ৰশালে তেওঁৰ প্ৰথমা পত্নীক যথেষ্ট মৰম কৰিছিল । এই স্মাৰকটো বুন্দেলখণ্ডৰ তাজমহল হিচাপে গণ্য কৰা হয় ।"

লগতে পঢ়ক :এইবিধ গোলাপ দেখিছেনে, যাৰ তেলৰ মূল্য লিটাৰত ১২ ৰ পৰা ১৫ লাখ - CULTIVATION OF BULGARIAN ROSE