নতুন দিল্লী : ২৬/১১ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰকাৰী তাহাউৰ ৰাণাক এন আই এই নিজৰ জিম্মাত লৈছে । আদালতে ১৮ দিনৰ বাবে এন আই এৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৰাণাক । সন্ত্ৰাসবাদীটোৱে নিতৌ এন আই এৰ বিষয়াসকলৰ ১৫-২০ টা প্ৰশ্নৰ সন্মুখীন হ'ব । পৰৱৰ্তী সময়ত গৱেষণা আৰু বিশ্লেষণ শাখা (ৰ') আৰু ইণ্টেলিজেঞ্চ ব্যুৰ' (আই বি) জেৰাৰ সন্মুখীন হ'ব তাহাউৰ ৰাণা । এন আই এৰ এখন বিশেষ আদালতে ৰাণাক ১৮ দিনৰ জিম্মালৈ প্ৰেৰণ কৰাৰ লগে লগে অনুসন্ধানকাৰী সংস্থাটোৱে অভিযুক্ত ৰাণাক মুখ্য কাৰ্যালয়ৰ তলৰ মহলাত থকা ১৪X১৪ বিশেষ চেললৈ লৈ আহে ।
বিশেষ চেলত ৰখা হৈছে ৰাণাক
এই বিশেষ চেলটোত চিচি টিভি কেমেৰা, বিচনা আৰু শৌচালয় আছে । এক সূত্ৰই জনাইছে, "ৰাণাৰ জেৰা পুৱা প্ৰায় ১০ বজাত আৰম্ভ হয় । সংস্থাটোৰ জেৰাত তেওঁ সহযোগিতা কৰা নাছিল ।" ২০০৮ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত জড়িত ম'ষ্ট ৱাণ্টেড ৰাণাৰ প্ৰত্যাৰ্পণৰ পিছত এন আই এই এই ষড়যন্ত্ৰৰ বিষয়ে অধিক প্ৰমাণিক আৰু বিশ্বাসযোগ্য তথ্য লাভ কৰিবলৈ আশাবাদী । সংস্থাটো আশাবাদী যে ৰাণাক সোধা-পোছা কৰিলে মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে পাকিস্তানৰ লোক প্ৰত্যক্ষভাৱে জড়িত থকাকে ধৰি কেইবাটাও নতুন দিশ পোহৰলৈ আহিব । সূত্ৰটোৱে কয়, "ৰাণা নিজে লস্কৰ ই তৈবা (এল ই টি)ৰ সক্ৰিয় সদস্য আছিল, তেওঁ আই এছ আই আৰু এল ই টিৰ মাজৰ সম্পৰ্কৰ বিষয়ে অধিক তথ্য প্ৰকাশ কৰাৰ সম্ভাৱনা আছে ।"
ৰাণাক ৰখা চেলটো অত্যাধুনিক অস্ত্ৰৰে সজ্জিত চি আই এছ এফৰ জোৱানসকলৰ নিৰীক্ষণত আছে । একাধিক স্তৰৰ ডিজিটেল সুৰক্ষাও স্থাপন কৰা হৈছে । কোঠাটোৰ ভিতৰত অধিক সুৰক্ষা নিশ্চিত কৰিবলৈ সংস্থাটোৰ পৰা মাত্ৰ ১২ জন বিষয়াক চেলটোত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হয় । তাহাউৰ ৰাণাক জেৰা চলোৱা কোঠাটোতো চিচি টিভি কেমেৰা আছে আৰু ভিডিঅ' ৰেকৰ্ডিং সঁজুলিৰে সজ্জিত । প্ৰথমদিনা অধীক্ষক আৰু উপ-অধীক্ষক পদবীৰ বিষয়াসকলে ৰাণাক জেৰা আৰম্ভ কৰে । সূত্ৰৰ মতে দৈনিক জেৰাৰ বাবে এখন বিশেষ ডায়েৰী থাকিব । য'ত প্ৰতিটো প্ৰশ্ন আৰু উত্তৰৰ বিৱৰণ দিয়া হ'ব ।
সূত্ৰৰ মতে ২০ এপ্ৰিলত ৰাণাৰ ১৮ দিনৰ জিম্মা সমাপ্ত হোৱাৰ লগে লগে, বিশেষ পাটিয়ালা হাউচ আদালতত কেছ ডায়েৰীৰ অংশ হিচাপে এক বিস্তৃত প্ৰতিবেদন দাখিল কৰা হ'ব ।"
কেনে প্ৰশ্নৰ সন্মুখীন হ'ব ৰাণা ?
ৰাণাৰ পৰিয়ালৰ বিৱৰণী, শিক্ষা আৰু কেৰিয়াৰ সম্পৰ্কে প্ৰথমে প্ৰশ্ন কৰা হৈছে । ৰাণাৰ পৰৱৰ্তী পৰ্যায়ৰ জেৰাত তেওঁৰ ইমিগ্ৰেচন পৰামৰ্শদাতা প্ৰতিষ্ঠান, ইয়াৰ শাখা, মুম্বাই আক্ৰমণৰ গোচৰৰ আন এজন অভিযুক্ত ডেভিদ কোলমেন হেডলীৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে তেওঁৰ সম্পৰ্কৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন থাকিব ।